২০২০ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীয়ে এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিছিল
প্ৰায় ১৪,৮৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ২৯৬ কিলোমিটাৰ ফ’ৰলেন এক্সপ্ৰেছৱে
এই এক্সপ্ৰেছৱেটোৱে অঞ্চলটোৰ সংযোগ আৰু ঔদ্যোগিক উন্নয়নত এক বৃহৎ গতি প্ৰদান কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ জুলাই, ২০২২ত উত্তৰপ্ৰদেশ ভ্ৰমণ কৰিব আু প্ৰায় ১১:৩০ বজাত জালাউন জিলাৰ ওৰাই তহশিলৰ কৈথেৰী গাঁৱত বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰিব।

সমগ্ৰ দেশতে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈছে, যাৰ এটা মূল বৈশিষ্ট্য হৈছে পথৰ আন্তঃগাঁথনিৰ উন্নতিৰ দিশত কাম কৰা। এই দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ২৯ ফেব্ৰুৱাৰী, ২০২০ত প্ৰধানমন্ত্ৰীয়ে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে। এক্সপ্ৰেছৱেৰ কাম ২৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছে আৰু এই এক্সপ্ৰেছৱেটোকে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব।

উত্তৰপ্ৰদেশ এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন কৰ্তৃপক্ষৰ তত্বাৱধানত প্ৰায় ১৪,৮৫০ কোটি টকা ব্যয় সাপেক্ষে ২৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ’ৰলেন এই এক্সপ্ৰেছৱে’টো নিৰ্মাণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ইয়াক ছিক্সলেন হিচাপে সম্প্ৰসাৰণ কৰিব পৰা যাব। এই এক্সপ্ৰেছৱেটোৱে চিত্ৰকুট জিলাৰ ভাৰতকুপৰ ওচৰৰ গোণ্ডা গাঁৱৰ ৩৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইটাৱা জিলাৰ কুড্ৰাইল গাঁৱৰ সমীপলৈকে বিস্তৃত হৈ আছে, য’ত ই আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ৰ সৈতে সংযোগ হৈছে। এই এক্সপ্ৰেছৱেটো সাতখন জিলা ক্ৰমে-চিত্ৰকুট, বান্দা, মহোবা, হামিৰপুৰ, জালাউন, ঔৰাইয়া আৰু ইটাৱাৰ মাজেৰে পাৰ হৈ গৈছে।

অঞ্চলটোত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ সমান্তৰালভাৱে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেই অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো এক বৃহৎ সহায় আগবঢ়াব, যাৰ ফলত স্থানীয় লোকসকলৰ বাবে হাজাৰ হাজাৰ চাকৰিৰ সৃষ্টি হ’ব। এক্সপ্ৰেছৱেৰ কাষতে বান্দা আৰু জালাউন জিলাত ঔদ্যোগিক কৰিড’ৰ সৃষ্টিৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.