মুম্বাই-আহমেদাবাদ দ্ৰুতগতিৰ ৰে’ল কৰিডৰৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব প্ৰধানমন্ত্ৰীয়ে
বুলেট ট্ৰেইনৰ জৰিয়তে প্ৰায় দুঘণ্টালৈ হ্ৰাস হ’ব মুম্বাই-আহমেদাবাদ যাত্ৰাৰ সময়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১০ বজাত ছুৰাটত নিৰ্মীয়মান অৱস্থাত থকা বুলেট ট্ৰেইন ষ্টেচন ভ্ৰমণ কৰি মুম্বাই-আহমেদাবাদ দ্ৰুতগতিৰ ৰে’ল কৰিডৰ (এমএএইচএছআৰ)ৰ অগ্ৰগতি পৰ্যালোচনা কৰিব। দেশে দ্ৰুতগতিৰ যোগাযোগৰ যুগলৈ অগ্ৰসৰ হোৱাৰ প্ৰতীকস্বৰূপ এই কৰিডৰ হৈছে ভাৰতৰ আটাইতকৈ অভিলাসী আন্তঃগাঁথনি প্ৰকল্পসমূহৰ ভিতৰত অন্যতম।

প্ৰায় ৫০৮ কিলোমিটাৰ বিস্তাৰিত হৈ থকা এম এ এইচ এছ আৰে গুজৰাট তথা দাদৰা আৰু নগৰ হাভেলীত ৩৫২ কিলোমিটাৰ আৰু মহাৰাষ্ট্ৰত ১৫৬ কিলোমিটাৰ আৱৰি আছে। এই কৰিডৰটোৱে সবৰমতী, আহমেদাবাদ, আনন্দ, বদোদৰা, ভাৰুচ, ছুৰাট, বিলিমোৰা, ভাপি, বোইছাৰ, ৱিৰাৰ, থানে আৰু মুম্বাইকে ধৰি প্ৰধান চহৰসমূহক সংযোগ কৰাৰ জৰিয়তে ভাৰতৰ পৰিবহণ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক পৰিবৰ্তনশীল পদক্ষেপ প্ৰতিফলিত কৰিব।

আন্তঃৰাষ্ট্ৰীয় মান বজাই ৰাখি উন্নত অভিযান্ত্ৰিক কৌশলেৰে নিৰ্মিত এই প্ৰকল্পটোত ৪৬৫ কিলোমিটাৰ (প্ৰায় ৮৫ শতাংশ পথ)পথত উৰণ সেতুৰ ব্যৱস্থা কৰাৰ জৰিয়তে স্থলপথসমূহত ন্যূনতম বিশৃংখলতা আৰু উন্নত সুৰক্ষা নিশ্চিত কৰা হৈছে। এতিয়ালৈকে ৩২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুৰ কাম সম্পূৰ্ণ হৈছে আৰু ২৫ খন নদী সেতুৰ ভিতৰত ১৭ খন ইতিমধ্যে নিৰ্মাণ কৰা হৈছে।

সম্পূৰ্ণ হোৱাৰ পাছত, বুলেট ট্ৰেইনে মুম্বাই আৰু আহমেদাবাদৰ মাজত ভ্ৰমণৰ সময় প্ৰায় দুঘণ্টালৈ হ্ৰাস কৰাৰ জৰিয়তে আন্তঃ-চহৰ ভ্ৰমণ দ্ৰুত, সহজ আৰু অধিক আৰামদায়ক কৰি এইক্ষেত্ৰত বৈপ্লৱিক পৰিবৰ্তন আনিব। এই প্ৰকল্পটোৰ জৰিয়তে সমগ্ৰ কৰিডৰটোত ব্যৱসায়, পৰ্যটন আৰু অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হ’ব বুলি আশা কৰা হৈছে, যাৰ ফলত আঞ্চলিক উন্নয়ন ত্বৰান্বিত হ’ব।

প্ৰায় ৪৭ কিলোমিটাৰ আৱৰি থকা ছুৰাট-বিলিমোৰা অংশটোৰ সিংহভাগ কাম তথা ট্ৰেক-বেড স্থাপন প্ৰায় সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই অংশটোৰ কাম-কাজ শেষ পৰ্যায়ত উপনীত হৈছে। ছুৰাট চহৰৰ বিশ্ববিখ্যাত হীৰা উদ্যোগৰ অনুপ্ৰেৰণাৰে প্ৰস্তুত কৰা ছুৰাট ষ্টেচনৰ শৈলীয়ে সৌন্দৰ্য্য আৰু কাৰ্য্যকৰীতা দুয়োটাকে প্ৰতিফলিত কৰে। যাত্ৰীৰ স্বাচ্ছন্দ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি শৈলী প্ৰস্তুত কৰা এই ষ্টেচনটোত সুবিশাল অপেক্ষাগৃহ, বিশ্ৰামগৃহ আৰু খুচুৰা বিপণী আছে। ইয়াৰ জৰিয়তে ছুৰাট মেট্ৰ’, চিটি বাছ আৰু ভাৰতীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে নিৰৱচ্ছিন্ন মাল্টি-মডেল সংযোগ স্থাপন সম্ভৱ হৈ উঠিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi