ফাৰ্মাচিউটিকেল খণ্ডত আত্মনিৰ্ভৰতাৰ প্ৰচেষ্টা বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে উনাত বাল্ক ড্ৰাগ পাৰ্কৰ আধাৰশিলা স্থাপন কৰে
প্ৰধানমন্ত্ৰীয়ে আইআইআইটি উনাক দেশবাসীলৈ উৎসৰ্গা কৰিব - ইয়াৰ আধাৰশিলা ২০১৭ চনত প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিছিল
প্ৰধানমন্ত্ৰীয়ে উনা হিমাচলৰ পৰা নতুন দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব
চম্বাত প্ৰধানমন্ত্ৰীয়ে দুটা জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)-৩ ৰ শুভাৰম্ভ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ অক্টোবৰত হিমাচল প্ৰদেশ ভ্ৰমণ কৰিব। উনাত প্ৰধানমন্ত্ৰীয়ে উনা হিমাচল ৰে'ল ষ্টেচনৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব। ইয়াৰ পিছতে এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আইআইআইটি উনা দেশবাসীলৈ উৎসৰ্গা কৰিব আৰু উনাত বাল্ক ড্ৰাগ পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে চম্বাত এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দুটা জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)-৩ ৰ শুভাৰম্ভ কৰিব।

উনাত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ আহ্বানৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ বিভিন্ন নতুন পদক্ষেপৰ জৰিয়তে দেশখনে বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভ কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। এনে এক গুৰুত্বপূৰ্ণ খণ্ড হৈছে ফাৰ্মাচিউটিকেল আৰু এই খণ্ডত আত্মনিৰ্ভৰতা লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে উনা জিলাৰ হাৰোলীত বাল্ক ড্ৰাগ পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব, যিটো ১৯০০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। উদ্যানখনে এপিআই আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব। ই প্ৰায় ১০,০০০ কোটি টকাৰ বিনিয়োগ আকৰ্ষিত কৰিব আৰু ২০,০০০ৰো অধিক লোকক নিযুক্তি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ই অঞ্চলটোত অৰ্থনৈতিক কাৰ্যকলাপকো উৎসাহিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইআইটি) উনা, দেশবাসীলৈ উৎসৰ্গা কৰিব। ২০১৭ চনত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল। বৰ্তমান ৫৩০ত কৈও অধিক শিক্ষাৰ্থীয়ে এই প্ৰতিষ্ঠানত অধ্যয়ন কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব। অম্ব আন্দাউৰাৰ পৰা নতুন দিল্লীলৈ চলিবলগীয়া এয়া হ'ব দেশত আৰম্ভ হোৱা চতুৰ্থখন বন্দে ভাৰত ৰেল আৰু পূৰ্বৰ ৰেলবোৰৰ তুলনাত এক উন্নত সংস্কৰণ, যথেষ্ট পাতল আৰু কম সময়ৰ ভিতৰত উচ্চ গতিত উপনীত হ'বলৈ সক্ষম হোৱা ৰেল। ই মাত্ৰ ৫২ ছেকেণ্ডতে ১০০ কিমি/ঘণ্টাত গতি কৰে। ৰেলখনৰ প্ৰৱৰ্তনে অঞ্চলটোত পৰ্যটন বৃদ্ধিত সহায় কৰিব আৰু ভ্ৰমণৰ এক আৰামদায়ক আৰু দ্ৰুত পদ্ধতি প্ৰদান কৰিব।

চম্বাত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে দুটা জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৷ এটা হ’ল- ৪৮ মেগাৱাটৰ চাঞ্জু-৩ জল-বৈদ্যুতিক প্ৰকল্প আৰু আনটো ৩০ মেগাৱাটৰ দেওথাল চাঞ্জু জল-বৈদ্যুতিক প্ৰকল্প। এই দুয়োটা প্ৰকল্পই বছৰি ২৭০ নিযুত ইউনিটতকৈও অধিক বিদ্যুৎ উৎপাদন কৰিব আৰু হিমাচল প্ৰদেশে এই প্ৰকল্পসমূহৰ পৰা বাৰ্ষিক প্ৰায় ১১০ কোটি টকাৰ ৰাজহ লাভ কৰিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰায় ৩১২৫ কিলোমিটাৰ পথ উন্নীতকৰণৰ বাবে হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)-৩ ৰ শুভাৰম্ভ কৰিব। ৰাজ্যখনৰ ১৫ টা সীমান্ত আৰু দূৰৱৰ্তী খণ্ডত ৪৪০ কিলোমিটাৰ পথ উন্নীতকৰণৰ বাবে এই পৰ্যায়ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৪২০ কোটিৰো অধিক টকা মঞ্জুৰ কৰিছে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026

Media Coverage

'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 আগষ্ট 2026
August 15, 2026

Azadi Ka Amrit Mahotsav Continues: PM Modi’s Independence Day Vision Unites Growth, Youth Power & National Pride