তামিলনাডুৰ টুটিকোৰিনত ৪৮০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
টুটিকোৰিন বিমানবন্দৰত নতুন টাৰ্মিনেল বিল্ডিং উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
দক্ষ আঞ্চলিক সংযোগৰ বাবে ৩৬০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক ৰেল আৰু পথ প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
বিদ্যুৎ সৰবৰাহৰ বাবে কুডানকুলাম পাৰমাণৱিক শক্তি প্ৰকল্পৰ বাবে আন্তঃৰাজ্যিক সংবহন ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
ভি.অ’ চিদাম্বৰনাৰ বন্দৰত কাৰ্গো পৰিচালনাৰ সুবিধা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
আদি তিৰুৱাতীৰাই মহোৎসৱ উপলক্ষে তিৰুচিৰাপল্লী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ পৰা উভতি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ জুলাইৰ নিশা প্ৰায় ৮ বজাত তামিলনাডুৰ টুটিকোৰিনত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত ৪৮০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰিব।

২৭ জুলাইত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত দুপৰীয়া প্ৰায় ১২ বজাত আদি তিৰুৱাতীৰাই উৎসৱৰ লগতে মহান চোল সম্ৰাট ৰাজেন্দ্ৰ চোল প্ৰথমৰ জন্মবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব।

 

টুটিকোৰিনত প্ৰধানমন্ত্ৰী

মালদ্বীপত ৰাষ্ট্ৰীয় ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ টুটিকোৰিনত উপস্থিত হব আৰু একাধিক খণ্ডত কেইবাটাও যুগান্তকাৰী প্ৰকল্পৰ উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰিব, যিয়ে আঞ্চলিক সংযোগ যথেষ্ট বৃদ্ধি কৰিব, লজিষ্টিক দক্ষতাৰ বিকাশ ঘটাব, স্বচ্ছ শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰিব  আৰু সমগ্ৰ তামিলনাডুৰ নাগৰিকৰ জীৱনৰ মান উন্নত কৰিব।

বিশ্বমানৰ বিমান আন্তঃগাঁথনি বিকাশ আৰু সংযোগ বৃদ্ধিৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে দক্ষিণ অঞ্চলৰ ক্ৰমবৰ্ধমান বিমান পৰিবহণৰ চাহিদা পূৰণৰ বাবে প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে বিকশিত কৰা টুটিকোৰিন বিমানবন্দৰত নতুন টাৰ্মিনেল বিল্ডিং উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে টুটিকোৰিন বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱনৰ মাজেৰেও খোজ কাঢ়িব।

১৭,৩৪০ বৰ্গমিটাৰ বিস্তৃত এই টাৰ্মিনেলটোৱে ভিৰৰ সময়ত ১,৩৫০ জন যাত্ৰী আৰু বছৰি ২০ লাখ যাত্ৰীক চম্ভালিব। ভৱিষ্যতে ভিৰৰ সময়ত ১৮০০ জন যাত্ৰী আৰু ২৫ লাখ পৰ্যন্ত যাত্ৰী পৰিচালনাৰ বাবে সম্প্ৰসাৰণৰ ক্ষমতা থাকিব। ১০০এল ই ডি লাইটিং, শক্তি-দক্ষ ই এণ্ড এম ব্যৱস্থা, আৰু স্থানীয় নলা পৰিশোধন প্লাণ্টৰ জৰিয়তে পৰিশোধিত পানীৰ পুনৰ ব্যৱহাৰৰ সৈতে টাৰ্মিনেলটো জি আৰ আই এইচ এ-৪ বহনক্ষম ৰেটিং লাভ কৰিবলৈ নিৰ্মাণ কৰা হৈছে। এই আধুনিক আন্তঃগাঁথনিয়ে আঞ্চলিক বিমান সংযোগ যথেষ্ট বৃদ্ধি কৰিব আৰু দক্ষিণ তামিলনাডুত পৰ্যটন, বাণিজ্য আৰু বিনিয়োগক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।

পথ আন্তঃগাঁথনি খণ্ডত প্ৰধানমন্ত্ৰীয়ে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ দুটা ঘাইপথ প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰে প্ৰথমটো হৈছে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছেথিয়াথোপচোলাপুৰম অংশৰ চাৰিলেনযুক্ত, যিটো বিক্ৰবান্দীথাঞ্জাভুৰ কৰিডৰৰ অধীনত ,৩৫০ কোটিতকৈ অধিক টকাৰে বিকশিত কৰা হৈছে। ইয়াত তিনিটা বাইপাছ, কলিডাম নদীৰ ওপৰত ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলং, চাৰিখন প্ৰধান দলং, সাতখন ফ্লাইঅভাৰ, আৰু কেইবাটাও আণ্ডাৰপাছ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত ছেথিয়াথোপচোলাপুৰমৰ মাজত যাত্ৰাৰ সময় ৪৫ মিনিট হ্ৰাস পাইছে আৰু ব-দ্বীপ অঞ্চলৰ সাংস্কৃতিক আৰু কৃষি কেন্দ্ৰসমূহৰ সৈতে সংযোগ বৃদ্ধি পাইছে। দ্বিতীয়টো প্ৰকল্প হৈছে প্ৰায় ২০০ কোটি টকাৰে নিৰ্মাণ কৰা ৫.১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৩৮ টুটিকোৰিন বন্দৰ পথৰ ৬ লেনযুক্ত। আণ্ডাৰপাছ আৰু দলঙৰ বৈশিষ্ট্যযুক্ত এই পথে কাৰ্গো প্ৰবাহ সহজ কৰিব, লজিষ্টিক খৰচ কমাব আৰু ভি.চিদাম্বৰনাৰ বন্দৰৰ চাৰিওফালে বন্দৰ নেতৃত্বাধীন ঔদ্যোগিক বিকাশত সহায় কৰিব।

বন্দৰৰ আন্তঃগাঁথনি আৰু স্বচ্ছ শক্তিৰ পদক্ষেপ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভি". চিদাম্বৰনাৰ বন্দৰত প্ৰায় ২৮৫ কোটি টকা মূল্যৰ ৬.৯৬ এমএমটিপিকাৰ্গো পৰিচালনা ক্ষমতাৰে নৰ্থ কাৰ্গো বাৰ্থ-৩ উদ্বোধন কৰিব।  অঞ্চলটোত শুকান বাল্ক কাৰ্গোৰ প্ৰয়োজনীয়তা পৰিচালনাৰ বৰ্ধিত চাহিদা পূৰণ কৰাত সহায় কৰিবযাৰ ফলত সামগ্ৰিকভাৱে বন্দৰৰ কাৰ্যক্ষমতা উন্নত ' আৰু কাৰ্গো পৰিচালনাৰ লজিষ্টিক অনুকূল কৰিব।

বহনক্ষম আৰু কাৰ্যক্ষম সংযোগ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে দক্ষিণ তামিলনাডুৰ তিনিটা মূল ৰেল আন্তঃগাঁথনি প্ৰকল্প উছৰ্গা কৰিব। ৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাদুৰাইবোদিনায়ক্কনুৰ পথৰ বৈদ্যুতিকৰণে পৰিৱেশ অনুকূল পৰিবহণৰ প্ৰসাৰ ঘটাব আৰু মাদুৰাই আৰু থেনিত পৰ্যটন আৰু যাতায়তত সহায় কৰিব। তিৰুৱনন্তপুৰমকন্যাকুমাৰী প্ৰকল্পৰ অংশ হিচাপে ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ নাগাৰকোইল টাউনকন্যাকুমাৰী শাখাৰ ৬৫০ কোটি টকাৰ দুগুণ বৃদ্ধিয়ে তামিলনাডু আৰু কেৰালাৰ মাজত সংযোগ শক্তিশালী কৰিব। ইয়াৰ উপৰি আৰালভায়মোজিনাগাৰকোইল জংচন (১২.৮৭ কিলোমিটাৰ) আৰু তিৰুনেলভেলিমেলাপ্লায়াম (.৬ কিলোমিটাৰ) অংশ দুগুণ কৰাৰ ফলত চেন্নাইকন্যাকুমাৰীৰ দৰে দক্ষিণৰ প্ৰধান পথসমূহত যাত্ৰাৰ সময় হ্ৰাস পাব আৰু যাত্ৰী আৰু মালবাহী সামৰ্থ্য উন্নত কৰি আঞ্চলিক অৰ্থনৈতিক সংহতি বৃদ্ধি কৰিব।

ৰাজ্যখনৰ বিদ্যুৎ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী তথা নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কুডানকুলম পাৰমাণৱিক শক্তি প্ৰকল্পৰ ৩ আৰু ৪ (২x ১০০০ মেগাৱাট)নং ইউনিটৰ পৰা বিদ্যুৎ সৰবৰাহ কৰাৰ বাবে আন্তঃৰাজ্যিক সংবহন ব্যৱস্থা (আইএছটিএছনামৰ এক বৃহৎ বিদ্যুৎ সঞ্চালন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ৫৫০ কোটি টকা ব্যয়েৰে বিকশিত কৰিবলগীয়া এই প্ৰকল্পটোত কুডানকুলামৰ পৰা টুটিকোৰিন- জিআইএছউপ কেন্দ্ৰলৈ ৪০০  কেভি. (কোৱাডডাবল চাৰ্কিট ট্ৰেন্সমিশ্যন লাইন আৰু আনুষংগিক টাৰ্মিনেল সঁজুলি অন্তৰ্ভুক্ত কৰা হব  ৰাষ্ট্ৰীয় গ্ৰীডক শক্তিশালী কৰানিৰ্ভৰযোগ্য স্বচ্ছ শক্তি বিতৰণ নিশ্চিত কৰা আৰু তামিলনাডু তথা অন্যান্য হিতাধিকাৰী ৰাজ্যসমূহৰ বৰ্ধিত শক্তিৰ চাহিদা পূৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

তিৰুচিৰাপল্লীত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত এক ৰাজহুৱা অনুষ্ঠানত আদি তিৰুৱাতীৰাই উৎসৱ উদযাপন কৰি  ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সম্ৰাট ৰাজেন্দ্ৰ চোল প্ৰথমক সন্মান জনাই এটা স্মাৰক মুদ্ৰা মুকলি কৰিব।

এই বিশেষ উৎসৱ দক্ষিণ-পূব এছিয়ালৈ ৰাজেন্দ্ৰ চোল প্ৰথমৰ কিংবদন্তি সামুদ্ৰিক অভিযানৰ ১০০০ বছৰ পূৰ্তি আৰু চোল স্থাপত্যৰ এক সুন্দৰ নিদৰ্শন ৰূপে পৰিগণিত গংগাইকোণ্ডা চোলাপুৰম মন্দিৰৰ নিৰ্মাণৰ স্মৃতিত উদযাপন কৰা হয়।

ৰাজেন্দ্ৰ চোল প্ৰথম (১০১৪১০৪৪ খ্ৰীষ্টাব্দ) ভাৰতীয় ইতিহাসৰ অন্যতম শক্তিশালী আৰু দূৰদৰ্শী শাসক আছিল। তেওঁৰ নেতৃত্বত চোল সাম্ৰাজ্যই সমগ্ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁৰ বিজয়ী অভিযানৰ পিছত তেওঁ গংগাইকোণ্ড চোলাপুৰমক সাম্ৰাজ্যৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰে আৰু তাত নিৰ্মাণ কৰা মন্দিৰটোৱে ২৫০ বছৰতকৈও অধিক কাল শৈৱ ভক্তি, কীৰ্তিচিহ্নস্বৰূপ স্থাপত্য আৰু প্ৰশাসনিক দক্ষতাৰ আলোকস্তম্ভ হিচাপে থিয় দি আছে। জটিল ভাস্কৰ্য্য, চোল ব্ৰঞ্জ আৰু প্ৰাচীন শিলালিপিৰ বাবে বিখ্যাত এই মন্দিৰটো আজি ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে।

আদি তিৰুৱাতীৰাই উৎসৱত সমৃদ্ধ তামিল শৈৱ ভক্তি পৰম্পৰাও উদযাপন কৰা হয়যাক চোলসকলে আন্তৰিকতাৰে সমৰ্থন কৰিছিল আৰু তামিল শৈৱ ধৰ্মৰ সন্ত-কবি ৬৩ জন নয়নমাৰে অমৰ কৰিছিল। উল্লেখযোগ্য যে ৰাজেন্দ্ৰ চোলৰ জন্ম নক্ষত্ৰ তিৰুৱাতীৰাই (ৰ্দ্ৰা) ২৩  জুলাইত আৰম্ভ হৈছেফলত এই বছৰৰ উৎসৱটো অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?

Media Coverage

PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ফেব্ৰুৱাৰী 2026
February 15, 2026

Visionary Leadership in Action: From AI Global Leadership to Life-Saving Reforms Under PM Modi