প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ভ্ৰমণসূচী লৈ ৮ৰ পৰা ১০ জুলাই, ২০২৪ত ৰাছিয়ান ফেডাৰেশ্যন আৰু অষ্ট্ৰিয়া গণৰাজ্য ভ্ৰমণ কৰিব।

‘২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলন’ অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ৰাছিয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ব্লাদিমিৰ পুটিনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী ৮ আৰু ৯ জুলাই ২০২৪ তাৰিখে মস্কোত উপস্থিত থাকিব। নেতাদ্বয়ে দুয়োখন দেশৰ মাজৰ বহুমুখী সম্পৰ্ক সম্পৰ্কীয় প্ৰসংগসমূহৰ সমগ্ৰিক পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত সমসাময়িক আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ প্ৰসংগতো মত বিনিময় কৰিব।

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে ৯ আৰু ১০ জুলাইত অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া হ'ব প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ। তেওঁ অষ্ট্ৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত আলেকজেণ্ডাৰ ভান ডাৰ বেলেনক সাক্ষাৎ কৰিব আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰ মহামহিম শ্ৰীযুত কাৰ্ল নেহাম্মাৰৰ সৈতে আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰী আৰু চেঞ্চেলৰগৰাকীয়ে ভাৰত আৰু অষ্ট্ৰিয়াৰ ব্যৱসায়িক নেতৃবৃন্দকো সম্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে মস্কোৰ লগতে ভিয়েনাতো ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Semiconductors to clean energy: Inside PM Modi’s high-profile meeting with 16 Dutch CEOs in The Hague

Media Coverage

Semiconductors to clean energy: Inside PM Modi’s high-profile meeting with 16 Dutch CEOs in The Hague
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 মে’ 2026
May 17, 2026

Stronger Bonds, Stronger Bharat: PM Modi’s Netherlands Trip Delivers Partnerships, Pride & a Future-Ready India