৯৭৫০ কোটি টকাৰো অধিক বিনিয়োগসাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন-উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ‘গুৰুগ্ৰাম মেট্ৰ' ৰে'ল প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে ‘এইমছ ৰেৱাৰী’ৰ আধাৰশিলা স্থাপন কৰিব
কুৰুক্ষেত্ৰৰ জ্যোতিচাৰত নতুনকৈ নিৰ্মিত 'অনুভৱ কেন্দ্ৰ' উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে হাৰিয়ানাৰ ৰেৱাৰী ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ১:১৫ বজাত তেওঁ নগৰ পৰিবহন, স্বাস্থ্য, ৰে'ল আৰু পৰ্যটন খণ্ড সম্পৰ্কীয় ৯৭৫০ কোটি অধিক টকা বিনিয়োগসাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন-উচৰ্গা কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৫৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব খোজা ‘গুৰুগ্ৰাম মেট্ৰ' ৰে'ল প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিব। মুঠ ২৮.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পটোৱে ‘মিলেনিয়াম চিটী চেণ্টাৰ’ক ‘উদ্যোগ বিহাৰ ফেজ-৫’ৰ সৈতে সংযোগ কৰিব আৰু ‘চাইবাৰ চিটী’ৰ ওচৰৰ ‘মৌলচাৰি এভিনিউ ষ্টেশ্যন’ত ‘ৰেপিড মেট্ৰ' ৰেল গুৰুগ্ৰাম’ৰ বৰ্তমানে থকা ‘মেট্ৰ' নেটৱৰ্ক’ত একত্ৰিত হ'ব। ‘দ্বাৰকা এক্সপ্ৰেছৱে’’তো ইয়াৰ এটা ‘স্পাৰ’ থাকিব। নাগৰিকসকলক বিশ্বমানৰ পৰিৱেশ-অনুকূল নগৰ দ্ৰুত গণ পৰিবহণ ব্যৱস্থা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এই প্ৰকল্পটো হৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

সমগ্ৰ দেশৰ জনস্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি হাৰিয়ানাৰ ৰেৱাৰীৰ ‘সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান’ (এইমছ)ৰ আধাৰশিলা স্থাপন কৰা হব। প্ৰায় ১৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া ‘এইমছ ৰেৱাৰী’ ৰেৱাৰীৰ মাজৰা মুষ্টিল ভালখি গাঁৱত ২০৩ একৰ ভূমিত বিকশিত কৰা হ'ব। ইয়াত ৭২০ খন বিচনাযুক্ত চিকিৎসালয় চৌহদ, ১০০ খন আসনযুক্ত চিকিৎসা মহাবিদ্যালয়, ৬০ খন আসনযুক্ত নাৰ্চিং মহাবিদ্যালয়, ৩০ খন বিচনাযুক্ত আয়ুষ খণ্ড, শিক্ষক আৰু কৰ্মচাৰীৰ বাবে আৱাসিক চৌহদ, ‘ইউজি’ আৰু ‘পিজি’ শিক্ষাৰ্থীসকলৰ বাবে ছাত্ৰ-ছাত্ৰী আৱাস, নিশাৰ আশ্ৰয়, অতিথিশালা, প্ৰেক্ষাগৃহ আদিৰ সুবিধা থাকিব। ‘প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা’ (পিএমএছএছৱাই)ৰ অধীনত স্থাপিত ‘এইমছ ৰেৱাৰী’য়ে হাৰিয়ানাৰ লোকসকলক ব্যাপক, মানসম্পন্ন আৰু বিস্তৃত পৰিসৰৰ তৃতীয় পৰ্যায়ৰ চিকিত্সা তথা স্বাস্থ্য সেৱা প্ৰদান কৰিব। সুবিধাসমূহৰ ভিতৰত আছে ১৮ টা ‘স্পেচিলিটী’ আৰু ১৭ টা ‘ছুপাৰ স্পেচিয়েলিটী’ ৰোগ নিদান সেৱা, যাৰ ভিতৰত আছে কাৰ্ডিঅ'লজী, গেষ্ট্ৰো-এণ্টেৰোলজী, নেফ্ৰোলজী, ইউৰোলজী, নিউৰোলজী, নিউৰোছাৰ্জাৰী, মেডিকেল অংক'লজী, ছাৰ্জিকেল অংক'লজী, এণ্ডোক্ৰিনোলজী, বাৰ্ণছ এণ্ড প্লাষ্টিক ছাৰ্জাৰী বিভাগ। প্ৰতিষ্ঠানটোত ‘ইণ্টেন্সিভ কেয়াৰ ইউনিট’, ‘জৰুৰীকালীন আৰু ট্ৰমা ইউনিট’, ষোল্লটা ‘মডুলাৰ অপাৰেশ্যন থিয়েটাৰ’, ‘ডায়গনষ্টিক লেবৰেটৰী’, ‘ব্লাড বেংক’, ফাৰ্মাচী আদিৰ সুবিধাও থাকিব। হাৰিয়ানাত ‘এইমছ’ স্থাপন হাৰিয়ানাৰ লোকসকলক ব্যাপক, মানসম্পন্ন আৰু বিস্তৃত পৰিসৰৰ তৃতীয় পৰ্যায়ৰ চিকিত্সা তথা স্বাস্থ্য সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে কুৰুক্ষেত্ৰৰ জ্যোতিচাৰত নৱনিৰ্মিত ‘অনুভৱ কেন্দ্ৰ’ উদ্বোধন কৰিব। পৰীক্ষামূলকভাবে নিৰ্মাণ কৰা এই সংগ্ৰহালয়টো প্ৰায় ২৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। সংগ্ৰহালয়টো ১৭ একৰৰো অধিক পৰিসৰত বিস্তৃত, সংগ্ৰহালয়টোৰ আভ্যন্তৰীণ ভাগে ১০০,০০০ বৰ্গফুটতকৈয়ো অধিক স্থান সামৰি লৈছে। ই ‘মহাভাৰত’ৰ মহাকাব্যিক আখ্যান আৰু ‘গীতা’ৰ শিক্ষাক জীৱন্ত কৰি তুলিব। সংগ্ৰহালয়টোৱে দৰ্শনাৰ্থীসকলৰ অভিজ্ঞতা সমৃদ্ধ কৰাৰ বাবে ‘অগমেন্টেড ৰিয়েলিটী’ (এআৰ), ‘৩ডি লেজাৰ’, আৰু ‘প্ৰজেকশ্যন মেপিং’কে ধৰি অত্যাধুনিক প্ৰযুক্তিৰ সুবিধাও লাভ কৰিছে। কুৰুক্ষেত্ৰৰ জ্যোতিচাৰ হৈছে এক পৱিত্ৰ স্থান য'ত ভগৱান কৃষ্ণই অৰ্জুনক ভগৱৎ গীতাৰ চিৰন্তন জ্ঞান প্ৰদান কৰিছিল।

 

প্ৰধানমন্ত্ৰীয়ে একাধিক ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। আধাৰশিলা স্থাপন কৰিব লগা প্ৰকল্পকেইট হৈছে ৰেৱাৰী-কাথুৱাছ ৰে'লপথ দ্বৈতকৰণ প্ৰকল্প (২৭.৭৩ কিলোমিটাৰ); কাথুৱা-নাৰনাউল ৰে’লপথ দ্বৈতকৰণ প্ৰকল্প ((২৪.১২ কিলোমিটাৰ); ভিৱানী-দোভ ভালি ৰে’লপথ দ্বৈতকৰণ প্ৰকল্প ((৪২.৩০ কিলোমিটাৰ); আৰু মানহেৰু-বাৱানী খেৰা ৰে’লপথ দ্বৈতকৰণ প্ৰকল্প ((৩১.৫০ কিলোমিটাৰ)। এই প্ৰকল্পসমূহে অঞ্চলটোত ৰে'লৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে যাত্ৰী আৰু মালবাহী দুয়োধৰণৰ ৰে'লগাড়ীসমূহ সময়মতে চলাচল কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰোহতক-মেহম-হান্সি ৰে'লপথ (৬৮ কিলোমিটাৰ) ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব, যাৰ ফলত ৰোহতক আৰু হিছাৰৰ মাজত ভ্ৰমণৰ সময় হ্ৰাস পাব। তেওঁ ৰোহতক-মেহম-হাঁচী শাখাত ৰে'ল সেৱাৰ শুভাৰম্ভ কৰিব, যাৰ ফলত ৰোহতক আৰু হিছাৰ অঞ্চলত ৰে'ল সংযোগ উন্নত হ'ব আৰু ৰে'ল যাত্ৰীসকল উপকৃত হ'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Takes A 'Jhooth Ki Goonj' Swipe At Rahul Gandhi On GDP Numbers: 'Those Mired In Despair...'

Media Coverage

PM Modi Takes A 'Jhooth Ki Goonj' Swipe At Rahul Gandhi On GDP Numbers: 'Those Mired In Despair...'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the virtues of instilling fearlessness and saving lives
September 02, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the virtues of instilling fearlessness and saving lives.

The Prime Minister wrote on X;

"अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥"

Whoever takes away people's fear receives great blessings, and in all three worlds, there is no greater gift than saving a life.