ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
এল আই চিৰ ‘বীমা সখী যোজনা’ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে লগতে কৰ্ণালৰ মহাৰাণা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ আধাৰশিলাও স্থাপন কৰিব

অহা ৯ ডিচেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থান আৰু হাৰিয়ানা ভ্ৰমণ কৰিব। তেওঁৰ প্ৰথম ভ্ৰমণৰ স্থান জয়পুৰ হ’ব, য’ত প্ৰায় ১০:৩০ বজাত তেওঁ জয়পুৰ প্ৰদৰ্শনী আৰু অধিৱেশন কেন্দ্ৰ (জেইচিচি)ত ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ উদ্বোধন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে পানীপটলৈ যাত্ৰা কৰিব, য’ত প্ৰায় ২:০০ বজাত তেওঁ এল আই চিৰ বীমা সখী যোজনা শুভাৰম্ভ কৰিব আৰু মহাৰানা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ আধাৰশিলা স্থাপন কৰিব।

ৰাজস্থানত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে জয়পুৰ প্ৰদৰ্শনী আৰু অধিৱেশন কেন্দ্ৰ (জেইচিচি)ত ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্ল’বেল বিজনেছ এক্সপ’ উদ্বোধন কৰিব। অনুষ্ঠানৰ সময়ত তেওঁ সমাৱেশত ভাষণ প্ৰদান কৰিব।

৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ বিনিয়োগ সন্মিলনৰ বিষয়বস্তু হৈছে "Replete, Responsible, Ready"। শীৰ্ষ সন্মিলনত জল সুৰক্ষা, বহনক্ষম খনন, বহনক্ষম বিত্ত, অন্তৰ্ভুক্ত পৰ্যটন, কৃষি ব্যৱসায়ৰ উদ্ভাৱন, আৰু মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপ আদি বিষয়ক সামৰি ১২টা খণ্ডভিত্তিক বিষয়ভিত্তিক অধিবেশন অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও আঠটা দেশৰ অধিবেশনৰ আয়োজন কৰা হ'ব, য'ত "বাসযোগ্য চহৰৰ বাবে পানী ব্যৱস্থাপনা", "উদ্যোগৰ বহুমুখীতা—উৎপাদন আৰু ইয়াৰ বাহিৰত", আৰু "বাণিজ্য আৰু পৰ্যটন" আদি বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব।

প্ৰৱাসী ৰাজস্থানী কনক্লেভ আৰু এম এছ এম ই কনক্লেভও তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। ৰাজস্থান গ্ল’বেল বিজনেছ এক্সপ’ত ৰাজস্থান পেভিলিয়ন, কান্ট্ৰী পেভিলিয়ন, আৰু ষ্টাৰ্টআপছ পেভিলিয়নকে ধৰি বিষয়ভিত্তিক পেভিলিয়নসমূহ প্ৰদৰ্শন কৰা হ’ব। এই সন্মিলনত ১৬খন অংশীদাৰ দেশ আৰু ২০টা আন্তঃৰাষ্ট্ৰীয় সংস্থাকে ধৰি ৩২খনতকৈও অধিক দেশৰ পৰা অংশগ্ৰহণ কৰা হ’ব।

হাৰিয়ানাত প্ৰধানমন্ত্ৰী

মহিলা সৱলীকৰণ আৰু আৰ্থিক অন্তৰ্ভুক্তিৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে পানীপটত ‘বিমা সখী যোজনা’ আৰম্ভ কৰিব। ভাৰতীয় জীৱন বীমা নিগমৰ এই পদক্ষেপৰ লক্ষ্য হৈছে ১৮-৭০ বছৰ বয়সৰ মহিলাসকলক সবলীকৰণ কৰা, যিসকলে দশম শ্ৰেণীত উত্তীৰ্ণ হৈছে।তেওঁলোকে প্ৰথম তিনি বছৰৰ বাবে ষ্টাইপেণ্ডৰ লগতে বিশেষ প্ৰশিক্ষণ লাভ কৰিব, বিত্তীয় সাক্ষৰতা আৰু বীমাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি সচেতনতা। প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকে এল আই চিৰ এজেণ্ট হোৱাৰ সুযোগ পাব, আৰু যোগ্যতাসম্পন্ন বীমা সাখীসকলক এল আই চিৰ ভিতৰত উন্নয়ন বিষয়াৰ ভূমিকাৰ বাবেও বিবেচনা কৰা হ’ব পাৰে। প্ৰধানমন্ত্ৰীয়ে সম্ভাব্য বীমা সখীসকলক নিযুক্তিৰ প্ৰমাণ পত্ৰও বিতৰণ কৰিব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কৰ্ণালত মহাৰাণা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ আধাৰশিলাও স্থাপন কৰিব। ছটা আঞ্চলিক গৱেষণা কেন্দ্ৰৰ সৈতে মূল চৌহদটো ৪৯৫ একৰ মাটিত বিস্তৃত হৈ থাকিব আৰু ৭০০ কোটিৰো অধিক ব্যয়ৰে স্থাপন কৰা হ’ব। বিশ্ববিদ্যালয়খনত স্নাতক আৰু স্নাতকোত্তৰ অধ্যয়ন আগবঢ়োৱা উদ্যান শস্য মহাবিদ্যালয়ৰ লগতে ১০টা উদ্যান শস্যৰ শাখা সামৰি পাঁচখন বিদ্যালয় থাকিব। ইয়াত শস্যৰ বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব আৰু উদ্যান শস্য প্ৰযুক্তিৰ বিকাশৰ বাবে বিশ্বমানৰ গৱেষণা কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026