দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰা হ’ব; ইয়াৰ ফলত দিল্লীৰ পৰা অমৃতসৰ আৰু দিল্লীৰ পৰা কাটৰালৈ যাত্ৰাৰ সময় হ্ৰাস পাব
প্ৰধান ধৰ্মীয় স্থানসমূহৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি শিখসকলৰ প্ৰধান ধৰ্মীয় স্থানসমূহৰ যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰা হ’ব; বৈষ্ণো দেৱী মন্দিৰলৈ যাত্ৰা আৰু সহজ হৈ পৰিব
চাৰিটা প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰিবলৈ অমৃতসৰ-উনা শাখা ৪ লেন বিশিষ্ট কৰা হ’ব
কৌশলগত দিশৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ মুকেৰিয়ান-তালৱাৰা নতুন ব্ৰডগজ ৰে’ল লাইনৰ আধাৰশিলা স্থাপন কৰা হ’ব; ইয়াৰ ফলত অঞ্চলটোত সকলো বতৰৰ উপযোগী যোগাযোগ ব্যৱস্থা গঢ়ি উঠিব
দেশৰ সকলো প্ৰান্ততে বিশ্বমানৰ চিকিৎসা সুবিধা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ অংশস্বৰূপে অঞ্চলটোত স্বাস্থ্য আন্তঃগাঁথনিৰ বৃদ্ধি হ’ব
ফিৰোজপুৰত পিজিআই উপগ্ৰহ কেন্দ্ৰ আৰু কাপুৰথালা আৰু হোচিয়াৰপুৰত দুখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰী, ২০২২ তাৰিখে পঞ্জাৱৰ ফিৰোজপুৰ ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ১ বজাত ৪২,৭৫০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পবোৰৰ ভিতৰত আছে দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱে; অমৃতসৰ-উনা শাখা চাৰি লেনযুক্ত কৰা; মুকেৰিয়ান- তালৱাৰা নিউ ব্ৰডগজ ৰেলপথ; ফিৰোজপুৰৰ পিজিআই উপগ্ৰহ কেন্দ্ৰ আৰু কাপুৰথালা আৰু হোচিয়াৰপুৰত দুখন নতুন চিকিৎসা মহাবিদ্যালয়।

 

সমগ্ৰ দেশতে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ ধাৰাবাহিক প্ৰচেষ্টাৰ ফলত পঞ্জাৱত একাধিক ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈৰ্ঘ্য ২০১৪ চনৰ প্ৰায় ১৭০০ কিলোমিটাৰৰ পৰা ২০২১ চনত ৪১০০ কিলোমিটাৰতকৈ অধিক বৃদ্ধি হৈছে। প্ৰধান পথ সম্প্ৰসাৰণৰ বাবে যি প্ৰয়াস অব্যাহত আছে তাৰ সৈতে পঞ্জাৱত আৰু দুটা গুৰুত্বপূৰ্ণ পথ কৰিডৰৰ আধাৰশিলা স্থাপন কৰা হ’ব। গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থানসমূহলৈ যোগাযোগ ব্যৱস্থাৰ মানোন্নয়নত এই প্ৰয়াসে প্ৰধানমন্ত্ৰীৰ দূৰদৃষ্টিক বাস্তৱায়িত কৰিব।

 

৬৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱে মুঠ প্ৰায় ৩৯,৫০০ কোটি টকা ব্যয়েৰে বিকশিত কৰা হ’ব। ই দিল্লীৰ পৰা অমৃতসৰ আৰু দিল্লীৰ পৰা কাটৰালৈ যাত্ৰাৰ সময় আধা কৰিব। গ্ৰীণফিল্ড এক্সপ্ৰেছৱেটোৱে শিখসকলৰ প্ৰধান ধৰ্মীয় স্থানসমূহ যেনে- চুলতানপুৰ লোধি, গইন্দৱাল চাহিব, খাদুৰ চাহিব, টাৰ্ন তৰণ আৰু কাটৰাৰ হিন্দুসকলৰ পবিত্ৰ বৈষ্ণো দেৱী মন্দিৰৰ সৈতে যোগাযোগ গঢ়ি তুলিব। ইয়াৰোপৰি এক্সপ্ৰেছৱেটোৱে আম্বালা চণ্ডীগড়, মোহালি, চাংৰুৰ, পাটিয়ালা, লুধিয়ানা, জলন্ধৰ, কাপুৰথালা, কাঠুৱা আৰু চাম্বাৰ দৰে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কেন্দ্ৰসমূহৰ সৈতে যোগাযোগ গঢ়ি তুলিব।

 

অমৃতসৰ-উনা শাখাৰ চাৰি লেনৰ অংশটো অমৃতসৰৰ পৰা ভোটা কৰিডৰৰ অংশ। প্ৰায় ১৭০০ কোটি ব্যয়েৰে কৰা নিৰ্মাণ কৰা হ’ব। চাৰিলেন বিশিষ্ট এই শাখাটিয়ে চাৰিটা মুখ্য ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে যোগাযোগ স্থাপন কৰিব। এই চাৰিটা মুখ্য ৰাষ্ট্ৰীয় ঘাইপথ হৈছে-অমৃতসৰ-ভাটিণ্ডা-জামনগৰ অৰ্থনৈতিক কৰিডৰ, দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱে, উত্তৰ-দক্ষিণ কৰিডৰ আৰু কাংৰা-হামিৰপুৰ-বিলাসপুৰ-ছিমলা কৰিডৰ।   ইয়াৰ ফলত ঘোমান, শ্ৰী হৰগোবিন্দপুৰ আৰু পুলপুক্টা টাউনৰ(বিখ্যাত গুৰুদ্বাৰা পুলপুক্টা চাহিবৰ ঘৰ) ধৰ্মীয় স্থানসমূহৰ যোগাযোগ উন্নত হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে মুকেৰিয়ান আৰু তালৱাৰাৰ মাজত প্ৰায় ২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ব্ৰডগজ ৰে’লপথৰ আধাৰশিলা স্থাপন কৰিব, যিটো ৪১০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ’ব। ৰে’লপথটো নাংগল বান্ধ-দৌলতপুৰ চক ৰে’ল শাখাৰ সম্প্ৰসাৰণ হ’ব। ইয়াৰ ফলত এই এলেকাত সকলো বতৰ উপযোগী পৰিবহন ব্যৱস্থা গঢ় লৈ উঠিব। নতুন এই ব্ৰডগজ শাখাটো কৌশলগত দিশৰ ফালৰ পৰাও গুৰুত্বপূৰ্ণ হৈ উঠিব, কাৰণ ই জম্মু আৰু কাশ্মীৰৰ বাবে এক বিকল্প পথ হিচাপে কাম কৰিব। পঞ্জাৱৰ হোচিয়াৰপুৰ আৰু হিমাচল প্ৰদেশৰ উনাৰ লোকসকলৰ বাবে ই বিশেষভাৱে লাভজনক প্ৰমাণিত হ’ব। ই অঞ্চলটোত পৰ্যটনৰ ক্ষেত্ৰত এক উৎসাহ যোগাব, আৰু পাহাৰীয়া কেন্দ্ৰসমূহৰ লগতে ধৰ্মীয় গুৰুত্বপূৰ্ণ স্থানসমূহলৈ যাতায়াতৰ সুবিধা প্ৰদান কৰিব।

 

দেশৰ সকলো প্ৰান্ততে বিশ্বমানৰ চিকিৎসা সুবিধা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি পঞ্জাৱৰ তিনিখন চহৰত নতুন চিকিৎসা আন্তঃগাঁথনিৰ আধাৰশিলা স্থাপন কৰা হ’ব। ফিৰোজপুৰৰ ১০০খন বিছনাযুক্ত পিজিআই উপগ্ৰহ কেন্দ্ৰটো ৪৯০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ’ব। ই আভ্যন্তৰীণ ঔষধ, সাধাৰণ অস্ত্ৰোপচাৰ, অৰ্থোপেডিক, প্লাষ্টিক চাৰ্জাৰী, নিউৰোচাৰ্জাৰী, প্ৰসূতি আৰু স্ত্ৰীৰোগ, শিশু ৰোগ, চকুবিজ্ঞান, ইএনটিকে ধৰি ১০ টা বিভাগত সেৱা প্ৰদান কৰিব। উপগ্ৰহ কেন্দ্ৰটোৱে ফিৰোজপুৰ আৰু ওচৰৰ অঞ্চলসমূহত বিশ্বমানৰ চিকিৎসা সুবিধা প্ৰদান কৰিব।

কাপুৰথালা আৰু হোচিয়াৰপুৰৰ দুখন চিকিৎসা মহাবিদ্যালয় প্ৰায় ৩২৫ কোটি টকা ব্যয়েৰে আৰু প্ৰায় ১০০খন আসনৰ ক্ষমতাৰে উন্নত কৰা হ’ব। এই মহাবিদ্যালয়সমূহক কেন্দ্ৰীয় পৃষ্ঠপোষকতাত দিয়া আঁচনি ‘জিলা/ৰেফাৰেল চিকিৎসালয়ৰ সৈতে সংলগ্ন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন’ৰ তৃতীয় পৰ্যায়ত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত পঞ্জাৱৰ বাবে মুঠ তিনিখন চিকিৎসা মহাবিদ্যালয় অনুমোদিত হৈছে। প্ৰথম পৰ্যায়ত পঞ্জাৱৰ এছএএছ নগৰত এখন চিকিৎসা মহাবিদ্যালয়খন ইতিমধ্যে কাৰ্যক্ষম হৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ছেপ্টেম্বৰ 2026
September 05, 2026

The New Indian Equation: Policy + People = Tangible Progress Under PM Modi