ওড়িশাৰ সম্বলপুৰত ৬৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
এই একাধিক প্ৰকল্পৰ উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপনৰ জৰিয়তে প্ৰাকৃতিক গেছ, কয়লা আৰু শক্তি উৎপাদনৰ সৈতে জড়িত শক্তি খণ্ডই বৃহৎ উত্থান লাভ কৰিব
শৈলাশ্ৰী প্ৰাসাদৰ পৰা অনুপ্ৰাণিত স্থাপত্য সম্বলপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
গুৱাহাটীত ১১,০০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
কামাখ্যা মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদানৰ বাবে মা কামাখ্যা দিব্য পৰিযোজনাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
গুৱাহাটীত ক্ৰীড়া আৰু চিকিৎসাৰ আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ সৈতে জড়িত প্ৰকল্পই লাভ কৰিব বিশেষ গুৰুত্ব
Projects to boost sports & medical infrastructure and connectivity to be key focus areas in Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩-৪ ফেব্ৰুৱাৰী, ২০২৪ত ওড়িশা আৰু অসম ভ্ৰমণ কৰিব।

 

৩ ফেব্ৰুৱাৰীত দুপৰীয়া প্ৰায় ২:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ সম্বলপুৰত এক ৰাজহুৱা অনুষ্ঠানত অংশ লৈ ৬৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে অসমলৈ যাত্ৰা কৰিব। ৪ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত ৰাজহুৱা কাৰ্যসূচীত অংশ লৈ ১১,০০০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

 

সম্বলপুৰত প্ৰধানমন্ত্ৰী

ওড়িশাৰ সম্বলপুৰত ৰাজহুৱা কাৰ্যসূচীত দেশৰ শক্তি সুৰক্ষা সুদৃঢ় কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি শক্তি খণ্ডক উন্নীত কৰাৰ লক্ষ্যৰে একাধিক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰা কৰিব প্ৰধানমন্ত্ৰীয়ে৷

 

প্ৰধানমন্ত্ৰীয়ে ‘জগদীশপুৰ-হালদিয়া আৰু বোকাৰো-ধমৰা পাইপলাইন প্ৰকল্প (জেএইচবিডিপিএল)’ৰ ‘ধমৰা–আংগুল পাইপলাইন অংশ’ (৪১২ কিলোমিটাৰ) উদ্বোধন কৰিব। ‘প্ৰধানমন্ত্ৰী উৰ্জা গংগা’ৰ অধীনত ২,৪৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষ এই প্ৰকল্পটোৱে ওড়িশাক ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ সৈতে সংযোগ কৰিব। প্ৰধানমন্ত্ৰীয়ে মুম্বাই-নাগপুৰ-ঝাৰছুগুড়া পাইপলাইনৰ ‘নাগপুৰ ঝাৰছুগুড়া প্ৰাকৃতিক গেছ পাইপলাইন অংশ’ (৬৯২ কিলোমিটাৰ)’ৰ আধাৰশিলা স্থাপন কৰিব। ২,৬৬০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পৰ জৰিয়তে ওড়িশা, মহাৰাষ্ট্ৰ, ছত্তীশগড়ৰ দৰে ৰাজ্যৰ প্ৰাকৃতিক গেছৰ পৰ্যাপ্ততা বৃদ্ধি পাব৷

 

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২৮,৯৮০ কোটি টকাৰ একাধিক শক্তি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলাও স্থাপন  কৰিব । ৰাষ্ট্ৰৰ নামত উৎসৰ্গা হ’বলগীয়া প্ৰকল্পসমূহৰ ভিতৰত ওড়িশাৰ সুন্দৰগড় জিলাৰ এনটিপিচি দৰলিপালি ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন (২x৮০০ মেগাৱাট) আৰু এনএছপিচিএল ৰুৰকেল্লা পিপি-II সম্প্ৰসাৰণ প্ৰকল্প (১x২৫০ মেগাৱাট) উল্লেখযোগ্য। তদুপৰি, তেওঁ ওড়িশাৰ আংগুল জিলাত এনটিপিচি টালচাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট, ষ্টেজ-III (২x৬৬০ মেগাৱাট)ৰ আধাৰশিলা স্থাপন কৰিব। এই শক্তি প্ৰকল্পসমূহে ওড়িশাৰ লগতে আন কেইবাখনো ৰাজ্যলৈও কম খৰচী বিদ্যুৎ যোগান ধৰিব।

প্ৰধানমন্ত্ৰীয়ে ২৭,০০০ কোটিৰো অধিক মূল্যৰ নেইভেলী লিগনাইট নিগমৰ তালাবিৰা তাপ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক শক্তিশালী কৰি এই অত্যাধুনিক প্ৰকল্পই নিৰ্ভৰযোগ্য, সুলভ আৰু ২৪ ঘণ্টাই শক্তি প্ৰদান কৰিব যিয়ে দেশৰ শক্তি সুৰক্ষাত যথেষ্ট অৰিহণা যোগাব আৰু দেশৰ অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

প্ৰধানমন্ত্ৰীয়ে মহানদী কয়লাক্ষেত্ৰ লিমিটেডৰ কয়লা আন্তঃগাঁথনি প্ৰকল্পৰ লগতে ফাৰ্ষ্ট মাইল কানেক্টিভিটি (এফএমচি) প্ৰকল্প-আংগুল জিলাৰ তালচেৰ কয়লাক্ষেত্ৰত ভুবনেশ্বৰী প্ৰথম পৰ্যায় আৰু লাজকুৰা ৰেপিড লোডিং চিষ্টেম (আৰএলএছ) উদ্বোধন কৰিব। প্ৰায় ২,১৪৫ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পসমূহে ওড়িশাৰ পৰা শুকান ইন্ধনৰ মানদণ্ড আৰু যোগান বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ ঝাৰছুগুড়া জিলাত ৫৫০ কোটি টকাৰো অধিক ব্যয়ৰে নিৰ্মিত ইব ভেলী ৱাশ্বাৰীও উদ্বোধন কৰিব। ই গুণগত মানৰ বাবে কয়লা প্ৰক্ৰিয়াকৰণৰ এক আৰ্হি পৰিৱৰ্তন চিহ্নিত কৰিব, যিয়ে উদ্ভাৱন আৰু বহনক্ষমতাক সূচাব। প্ৰধানমন্ত্ৰীয়ে ৮৭৮ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মিত মহানদী ক’লফিল্ডছ লিমিটেডে নিৰ্মাণ কৰা ঝাৰছুগুডা-বৰপালী-চৰ্দেগা ৰে’ল লাইন প্ৰথম পৰ্যায়ৰ ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়টো ট্ৰেক ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।

 

প্রধানমন্ত্রীয়ে প্রায় ২১১০ কোটি টকাৰ ব্যয়েৰে বিকশিত ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিটা গড়কাপ্তানি খণ্ডৰ প্রকল্পও উদ্বোধন কৰিব৷ এই প্ৰকল্পসমূহৰ ভিতৰত ২১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰিমুলি-কইডা ছেকচনৰ ফৰলেনিং (নতুন ৰাষ্ট্ৰীয় ঘাইপথ নং ৫২০), ২৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বীৰামিত্ৰপুৰ-ব্ৰহ্মণি বাইপাছ আৰু এই অংশৰ ফৰলেনিং আৰু ব্ৰহ্মনি বাইপাছ আৰু-ৰাজামুণ্ডা অংশৰ ফৰলেনিং ২৩নং ৰাষ্ট্ৰীয় ঘাইপথৰ (নতুন ৰাষ্ট্ৰীয় ঘাইপথ নং ১৪৩)। এই প্ৰকল্পসমূহে সংযোগ বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ দিশতো অৰিহণা যোগাব।

 

প্ৰধানমন্ত্ৰীয়ে ২১৪৬ কোটি টকা ব্যয় সাপেক্ষ ৰেলৱে প্ৰকল্প  ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলাও স্থাপন কৰিব। তেওঁ শৈলাশ্ৰী প্ৰাসাদৰ পৰা অনুপ্ৰাণিত স্থাপত্য সম্বলপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব। তদুপৰি, তেওঁ সম্বলপুৰ-তালচেৰ দ্বৈত ৰে’ল পথ (১৬৮ কিলোমিটাৰ) আৰু ঝাৰ্টৰভাক সোণেপুৰ নতুন ৰে’ল পথ (২১.৭ কিলোমিটাৰ) ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব, যাৰ ফলত অঞ্চলটোৰ ৰে’ল নেটৱৰ্কৰ ক্ষমতা বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে পুৰী-সোনেপুৰ-পুৰী সাপ্তাহিক এক্সপ্ৰেছো শুভাৰম্ভ কৰিব, যাৰ ফলত অঞ্চলটোৰ ৰে’ল যাত্ৰীসকলৰ সংযোগ উন্নত হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে আই আই এম সম্বলপুৰৰ স্থায়ী চৌহদো উদ্বোধন কৰিব। তদুপৰি তেওঁ ঝাৰছুগুড়া মুখ্য ডাকঘৰ ঐতিহ্য ভৱনটো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।

 

গুৱাহাটীত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত ১১,০০০ কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

 

তীৰ্থস্থান পৰিদৰ্শন কৰা লোকসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাটোত প্ৰধানমন্ত্ৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। এপ্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া অন্যতম মূল প্ৰকল্পৰ ভিতৰত উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ (PM-DevINE) আঁচনিৰ অধীনত অনুমোদিত মা কামাখ্যা দিব্য পৰিযোজন (মা কামাখ্যা প্ৰৱেশ কৰিডৰ) আছে৷ ইয়াৰ জৰিয়তে কামাখ্যা মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰা হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে ৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব,  যাৰ অধীনত দক্ষিণ এছিয়া উপ-আঞ্চলিক অৰ্থনৈতিক সহযোগিতা (ছাছেক) কৰিডৰ সংযোগৰ অংশ হিচাপে ৩৮খন দলঙকে ধৰি ৪৩টা পথ উন্নীত কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে দুটা ফৰলেনিং প্ৰকল্প ক্ৰমে ডোলাবাৰীৰ পৰা জামুগুৰি আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ অংশ উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে ইটানগৰৰ সৈতে সংযোগ উন্নত কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।

 

অঞ্চলটোৰ অপৰিসীম ক্ৰীড়া সম্ভাৱনাক উলিয়াই অনাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত চন্দ্ৰপুৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰীড়া ষ্টেডিয়াম আৰু নেহৰু ষ্টেডিয়ামক ফিফাৰ মানসম্পন্ন ফুটবল ষ্টেডিয়াম হিচাপে উন্নীতকৰণ উল্লেখযোগ্য৷

 

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব। তদুপৰি, তেওঁ কৰিমগঞ্জত এখন চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of legendary playback singer S. Janaki Amma
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of distinguished playback singer S. Janaki Amma.

The Prime Minister said that her passing is an irreparable loss to the world of music and culture. He noted that her songs in various languages were popular across generations and gave voice to every emotion with unparalleled grace and versatility.

Shri Modi said that her melodies will continue to enchant listeners in the years to come.

The Prime Minister wrote on X;

“The passing of the distinguished playback singer S. Janaki Amma is an irreparable loss to the world of music and culture. Her songs in various languages were popular across generations. They gave voice to every emotion with unparalleled grace as well as versatility. Her melodies will continue to enchant listeners in the years to come. My heartfelt condolences to her family, countless admirers and the entire music fraternity in this hour of grief. Om Shanti.”