প্ৰধানমন্ত্ৰীয়ে ৬,৮০০ কোটি টকাৰ এলানি প্ৰকল্পৰ উদ্বোধন, উচৰ্গা তথা আধাৰশিলা স্থাপন কৰিব
গৃহ-নিৰ্মাণ, পথ, কৃষি, দূৰ-সংযোগ, তথ্য-প্ৰযুক্তি, পৰ্যটন আৰু আতিথ্যকে ধৰি বিভিন্ন খণ্ডৰ প্ৰকল্প সামৰি লোৱা হৈছে এইলানি প্ৰকল্পত
‘উত্তৰ পূব পৰিষদ’ৰ ‘সোণালী জয়ন্তী সমাৰোহ’ত অংশগ্ৰহণৰ লগতে প্ৰধানমন্ত্ৰীয়ে শ্বিলঙত অনুষ্ঠিতব্য ইয়াৰ সভাতো ভাগ ল’ব
‘পিএমএওৱাই’-ৰ অধীনত নিৰ্মিত দুইলাখৰো অধিক ঘৰৰ ‘গৃহ প্ৰৱেশ অনুষ্ঠান’ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ ডিচেম্বৰত মেঘালয় আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। শ্বিলঙত প্ৰধানমন্ত্ৰীয়ে ‘উত্তৰ পূব পৰিষদ’ৰ ‘সোণালী জয়ন্তী উদযাপন’ উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰিব। পুৱা প্ৰায় ১০.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে শ্বিলঙৰ ‘ষ্টেট কনভেনশ্যন চেণ্টাৰ’ত অনুষ্ঠিত ‘উত্তৰ পূব পৰিষদ’ৰ সভাত ভাগ ল’ব। তাৰ পিচত প্ৰায় ১১.৩০ বজাত তেওঁ এক ৰাজহুৱা অনুষ্ঠানত এলানি বহুমুখী প্ৰকল্পৰ উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিচত তেওঁ আগৰতালালৈ ৰাওণা হ’ব আৰু তাত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত বিয়লি প্ৰায় ২.৪৫ বজাত ৰাজ্যখনৰ বাবে গুৰুত্বপূৰ্ণ এলানি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

মেঘালয়ত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ‘উত্তৰ পূব পৰিষদ’(এনইচি)ৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে ৰাইজক সম্বোধি ভাষণ প্ৰদান কৰিব। ১৯৭২ চনৰ ৭ নৱেম্বৰত পৰিষদৰ আনুষ্ঠানিক শুভাৰম্ভ ঘোষণা কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক উন্নয়ণৰ লগতে অঞ্চলটোৰ আটাইকেইখন ৰাজ্যৰ অন্যান্য উন্নয়ণী কাৰ্যক্ৰমত ‘এনইচি’-য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মূলধনী আৰু সামাজিক আন্তঃগাঁথনি নিৰ্মাণ, বিশেষকৈ শিক্ষা, স্বাস্থ্য, ক্ৰীড়া, জল সম্পদ, কৃষি, পৰ্যটন, উদ্যোগৰ দৰে বিশেষ ব্যৱধান পূৰণ কৰিবলগীয়া ক্ষেত্ৰসমূহত পৰিষদে সহযোগিতা আগবঢ়াই আহিছে।

ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ২৪৫০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্প উদ্বোধন, উচৰ্গা কৰাৰ লগতে আন কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

অঞ্চলটোত দূৰ-সংযোগৰ ক্ষেত্ৰখনৰ অধিক প্ৰসাৰৰ বাবে গ্ৰহণ কৰা এক পদক্ষেপৰ জৰিয়তে নিৰ্মাণ সম্পূৰ্ণ হোৱা ৩২০টাৰো অধিক আৰু নিৰ্মীয়মান প্ৰায় ৮৯০টা ‘৪জি মোবাইল টাৱাৰ’ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। তেওঁ উমছাৱলিত নিৰ্মাণ কৰা ‘আইআইএম শ্বিলং’-ৰ নতুন চৌহদটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ‘শ্বিলং-ডায়েংপাছো’ পথটো মুকলি কৰিব, যিয়ে ‘নিউ শ্বিলং টাউনশ্বিপ’ আৰু জনবহুল শ্বিলঙৰ মাজৰ যোগাযোগ ব্যৱস্থাক অধিক উন্নত কৰি তুলিব। তেওঁ মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশত নিৰ্মাণ সম্পূৰ্ণ হোৱা আন তিনিটা পথ প্ৰকল্পৰো শুভ উদ্বোধন ঘোষণা কৰিব।

মেঘালয়ত কাঠফুলাৰ খেতিৰ সম্প্ৰসাৰণৰ লগতে খেতিয়ক তথা উদ্যোগীসকলক এই সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে মেঘালয়স্থিত ‘কাঠফুলা বিকাশ কেন্দ্ৰ’ত প্ৰতিষ্ঠা কৰা ‘কাঠফুলা-বীজাৰোপণ পৰীক্ষাগাৰ’টো প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। তেওঁ ৰাজ্যখনৰ খেতিয়কসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে মৌপালনক জনপ্ৰিয় কৰাৰ লগতে প্ৰযুক্তিৰ উত্তৰণ সাধনৰ উদ্দেশ্যে স্থাপন কৰা ‘মৌপালন বিকাশ কেন্দ্ৰ’ এটাৰো শুভাৰম্ভ ঘোষণা কৰিব। ইয়ৰ উপৰি তেওঁ মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু অসমত স্থাপন কৰা ২১টা ‘হিন্দী গ্ৰন্থাগাৰ’ মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে অসম, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ছটা পথ-প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ তুৰাত স্থাপিত হ’ব লগা ‘ইণ্ট্ৰিগেটেড হস্পিলিটী এণ্ড কনভেনশ্যন চেণ্টাৰ’ আৰু ‘শ্বিলং টেকনলজী পাৰ্ক’-ৰ ‘দ্বিতীয়টো পৰ্যায়’ৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। প্ৰযুক্তি উদ্যানৰ দ্বিতীয়টো পৰ্যায়ৰ নিৰ্মাণ কৰা হ’ব ১.৫ লাখ বৰ্গফুট এলেকাত। এই উদ্যানে পেছাদাৰসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ লগতে ৩০০০ৰো অধিক কৰ্ম সংস্থানৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ইফালে, ‘ইণ্ট্ৰিগেটেড হস্পিলিটী এণ্ড কনভেনশ্যন চেণ্টাৰ’-টোত সন্মিলন কেন্দ্ৰ, অতিথিশালা, ফুডক’ৰ্ট আদিৰো ব্যৱস্থা থাকিব। ই পৰ্যটন বিকাশ আৰু অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব।

ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ৪৩৫০ কোটি টকাৰ এলানি গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

সকলোৰে বাবে একোটা নিজা ঘৰ নিশ্চিত কৰাৰ কথাত বিশেষ গুৰুত্ব আৰোপ কৰিছে প্ৰধানমন্ত্ৰীয়ে। অঞ্চলটোতো এই কথাটো নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ মৰ্মে ‘প্ৰধানমন্ত্ৰী আবাস যোজনা-চহৰীয়া’ আৰু ‘প্ৰধানমন্ত্ৰী আবাস যোজনা-গ্ৰামীণ’ৰ অধীনত নিৰ্মাণ কৰা এলানি ঘৰৰ হিতাধিকাৰীসকলৰ ‘গৃহ-প্ৰৱেশ কাৰ্যক্ৰমো’ আনুষ্ঠানিক ভাবে মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। ২ লাখৰো অধিক হিতাধিকাৰীক সামৰি লোৱা এইলানি ঘৰৰ নিৰ্মাণত ব্যয় কৰা হৈছে ৩৪০০কোটিৰো অধিক টকা।

পথ যোগাযোগ ব্যৱস্থাৰ উত্তৰণত আৰোপ কৰা গুৰুত্বৰ সুবাদত ‘আগৰতালা বাইপাছ’(খায়েৰপুৰ-আমতলী) ‘ৰাষ্ট্ৰীয় ঘাইপথ-৮-ৰ বহলীকৰণ প্ৰকল্প’ৰ শুভাৰম্ভ ঘোষণা কৰিব প্ৰধানমন্ত্ৰীয়ে। এই প্ৰকল্পই আগৰতলা নগৰৰ যান-জঁট আৰু ভীৰ কমোৱাত সহায় কৰিব। তেওঁ ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ৰ ‘তৃতীয় পৰ্যায়’ৰ অধীনত নিৰ্মিত হ’ব লগা ২৩০ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ৩২টা পথৰ লগতে ৫৪০ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ১১২টা পথৰ মেৰামতি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে আনন্দপুৰত স্থাপন কৰা ‘ষ্টেট ইনষ্টিটিউট অব হোটেল মেনেজমেণ্ট’ আৰু ‘আগৰতলা চৰকাৰী দন্ত্য চিকিত্সা মহাবিদ্যালয়’খনো আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
iPhone exports hit record ₹2 trillion in final year of smartphone PLI

Media Coverage

iPhone exports hit record ₹2 trillion in final year of smartphone PLI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting how enthusiasm and positive energy lead to success
April 30, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam highlighting that enthusiasm and positive energy inspire a person to remain consistently active in their actions.

The Prime Minister noted that this unwavering enthusiasm leads all those efforts to success which a person resolves to accomplish.

The Prime Minister posted on X:

"कर्मशील और ऊर्जावान देशवासी ही राष्ट्र की सबसे बड़ी शक्ति हैं, जिनके परिश्रम से विकास की नई राहें तय होती हैं। इनके प्रयासों से देश समृद्धि, आत्मनिर्भरता और उन्नति के शिखर को छूता है।

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः।

करोति सफलं जन्तोः कर्म यच्च करोति सः॥"
Enthusiasm and positive energy inspire a person to remain consistently active in their actions. This unwavering enthusiasm leads all those efforts to success which a person resolves to accomplish.