প্ৰধানমন্ত্ৰীয়ে সিন্ধুদুৰ্গৰ ৰাজকোট ফৰ্টত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি অনাৱৰণ কৰিব
প্ৰধানমন্ত্ৰীয়ে সিন্ধুদুৰ্গত নৌসেনা দিৱস ২০২৩ সমাৰোহ উপলক্ষে আয়োজিত কাৰ্যক্ৰমত ভাগ ল'ব
প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় নৌসেনাৰ জাহাজ আৰু বিশেষ বাহিনীৰ পৰিচালন প্ৰদৰ্শন নিৰীক্ষণ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ ডিচেম্বৰ, ২০২৩ত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে বিয়লি প্ৰায় ৪:১৫ বজাত মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গত উপস্থিত হ’ব আৰু ৰাজকোট গড়ত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি অনাৱৰণ কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে সিন্ধুদুৰ্গত অনুষ্ঠিত হ’বলগীয়া ‘নৌসেনা দিৱস ২০২৩’ সমাৰোহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী তাৰকৰলী সমুদ্ৰ তীৰ, সিন্ধুদুৰ্গৰ পৰা ভাৰতীয় নৌসেনাৰ জাহাজ, ছাবমেৰিন, বিমান আৰু বিশেষ বাহিনীৰ 'পৰিচালন প্ৰদৰ্শন'ৰো সাক্ষী হ’ব।

প্ৰতি বছৰে ৪ ডিচেম্বৰত নৌসেনা দিৱস পালন কৰা হয়। সিন্ধুদুৰ্গত ‘নৌসেনা দিৱস ২০২৩’ সমাৰোহ ছত্ৰপতি শিৱাজী মহাৰাজৰ সমৃদ্ধ সামুদ্ৰিক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, যাৰ জলব্যাঘ্ৰৰে নতুন নৌসেনাৰ পতাকাখন অনুপ্ৰাণিত, ইয়াক যোৱা বছৰ গ্ৰহণ কৰা হয় যেতিয়া প্ৰধানমন্ত্ৰীয়ে প্ৰথমখন থলুৱা বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তক নৌসেনাত অন্তৰ্ভুক্ত কৰাইছিল।

নৌসেনা দিৱস উপলক্ষে প্ৰতি বছৰে ভাৰতীয় নৌসেনাৰ জাহাজ, ছাবমেৰিন, বিমান আৰু বিশেষ বাহিনীৰ দ্বাৰা 'পৰিচালন প্ৰদৰ্শন' অনুষ্ঠিত কৰাৰ পৰম্পৰা আছে। এই 'পৰিচালন প্ৰদৰ্শন’সমূহে ৰাইজক ভাৰতীয় নৌসেনাৰ দ্বাৰা পৰিচালিত মাল্টি-ডমেইন অপাৰেশ্যনৰ বিভিন্ন দিশ চাবলৈ সুযোগ প্ৰদান কৰে। ই জনসাধাৰণৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি নৌসেনাৰ যোগদানৰ ওপৰত আলোকপাত কৰে। ইয়াৰ সমান্তৰালকৈ ই নাগৰিকসকলৰ মাজত সামুদ্ৰিক সচেতনতাও বৃদ্ধি কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's sugar output increased 22% to 15.9 MT until January 15: ISMA

Media Coverage

India's sugar output increased 22% to 15.9 MT until January 15: ISMA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জানুৱাৰী 2026
January 21, 2026

Viksit Bharat in Full Swing: Global Praise, Job Boom, and Self-Reliance Under PM Modi