পালঘৰত প্ৰায় ৭৬,০০০ কোটি টকা মূল্যৰ বধ্বন বন্দৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
বধ্বন ভাৰতৰ অন্যতম বৃহৎ গভীৰ পানীৰ বন্দৰ হ’ব
বন্দৰটোৱে ভাৰতৰ সামুদ্ৰিক সংযোগ বৃদ্ধিৰ লগতে বৈশ্বিক বাণিজ্য কেন্দ্ৰ হিচাপে ভাৰতৰ স্থান অধিক সুদৃঢ় কৰিব
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১,৫৬০ কোটি টকা মূল্যৰ ২১৮ টা মীন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
নেচনেল ৰোল আউট অৱ ভেচেল কমিউনিকেচন আৰু চাপ’ৰ্ট চিষ্টেমৰ অধীনত ১৩ খন উপকূলীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত যান্ত্ৰিক আৰু মটৰচালিত ফিচিং জাহাজত ১ লাখ ট্ৰেন্সপণ্ডাৰ সংস্থাপন কৰা হ’ব
মুম্বাইত অনুষ্ঠিতব্য গ্ল’বেল ফিনটেক ফেষ্ট, ২০২৪ৰ কাৰ্য্যসূচী সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ আগষ্ট, ২০২৪ত মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পালঘৰ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেন্টাৰত গ্ল'বেল ফিনটেক ফেষ্ট (GFF), ২০২৪ৰ কাৰ্য্যসূচী সম্বোধন কৰিব। ইয়াৰ পিছত প্ৰায় দিনৰ ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে পালঘৰৰ চিডকো খেলপথাৰত ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

পালঘৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ৩০ আগষ্ট, ২০২৪ত বধ্বন বন্দৰৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পৰ মুঠ ব্যয় প্ৰায় ৭৬,০০০ কোটি টকা। ইয়াৰ লক্ষ্য হৈছে বিশ্বমানৰ সামুদ্ৰিক প্ৰৱেশদ্বাৰ স্থাপন কৰা, যিয়ে বৃহৎ কন্টেইনাৰ জাহাজসমূহক পৰিচালনা আৰু অতি বৃহৎ কাৰ্গ’ জাহাজসমূহক ঠাই দি দেশৰ বাণিজ্য আৰু অৰ্থনৈতিক বৃদ্ধিত সহায় কৰিব।

পালঘৰ জিলাৰ দহানু চহৰৰ সমীপত অৱস্থিত বধ্বন বন্দৰ ভাৰতৰ অন্যতম বৃহৎ গভীৰ পানীৰ বন্দৰ হ’ব আৰু ই আন্তঃৰাষ্ট্ৰীয় জাহাজ পথৰ সৈতে প্ৰত্যক্ষ সংযোগ প্ৰশস্ত কৰিব, যাৰ ফলত ট্ৰেনজিটৰ সময় আৰু ব্যয় হ্ৰাস পাব। অত্যাধুনিক প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰে সজ্জিত এই বন্দৰটোত গভীৰ বাৰ্থ, ফলপ্ৰসূ কাৰ্গ’ পৰিচালনাৰ সুবিধা আৰু আধুনিক বন্দৰ ব্যৱস্থাপনা প্ৰণালী থাকিব। এই বন্দৰটোৱে উল্লেখযোগ্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব, স্থানীয় ব্যৱসায়ীসকলক উদ্দীপনা যোগাব আৰু অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। বধ্বন বন্দৰ প্ৰকল্পত বহনক্ষম উন্নয়নৰ পদ্ধতিসমূহক অন্তৰ্ভুক্ত কৰা হৈছে, পৰিবেশৰ ওপৰত প্ৰভাৱ হ্ৰাস আৰু কঠোৰ পাৰিপাৰ্শ্বিক মানদণ্ড মানি চলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। কাৰ্য্যক্ষম হ’লে এই বন্দৰটোৱে ভাৰতৰ সামুদ্ৰিক যোগাযোগ বৃদ্ধিৰ লগতে বিশ্ব বাণিজ্যৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থিতি অধিক সুদৃঢ় কৰিব।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰে মীন খণ্ডৰ আন্তঃগাঁথনি আৰু উৎপাদনশীলতাৰ বৰ্ধনৰ লক্ষ্যৰে প্ৰায় ১,৫৬০ কোটি টকা মূল্যৰ ২১৮ টা মীন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই পদক্ষেপসমূহে মীন খণ্ডটোত পাঁচ লাখৰো অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩৬০ কোটি টকা ব্যয় সাপেক্ষে নেচনেল ৰোল আউট অৱ ভেচেল কমিউনিকেচন আৰু চাপ’ৰ্ট চিষ্টেমৰ শুভাৰম্ভ কৰিব। এই প্ৰকল্পৰ অধীনত অধীনত ১৩ খন উপকূলীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত যান্ত্ৰিক আৰু মটৰচালিত ফিচিং জাহাজত ১ লাখ ট্ৰেন্সপণ্ডাৰ সংস্থাপন কৰা হ’ব। এই জাহাজ যোগাযোগ আৰু সহায়ক ব্যৱস্থাটো ইছৰোৰদ্বাৰা বিকশিত এক থলুৱা প্ৰযুক্তি, যিয়ে মাছমৰীয়াসকল সাগৰত থকাৰ সময়ত দুমুখীয়া যোগাযোগ স্থাপনত সহায় কৰিব আৰু উদ্ধাৰ অভিযানতো সহায়ৰ লগতে আমাৰ মাছমৰীয়াসকলৰ সুৰক্ষা নিশ্চিত কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিবলগীয়া আন পদক্ষেপসমূহৰ ভিতৰত আছে ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ চিষ্টেম আৰু বাঅ’ফ্ল’কৰ দৰে উন্নত প্ৰযুক্তি অভিযোজনাৰ সমান্তৰালভাৱে ফিচিং হাৰ্বাৰ আৰু সংহত একুৱা পাৰ্কৰ উন্নয়ন সাধনৰ কাম। এই প্ৰকল্পসমূহ একাধিক ৰাজ্যত ৰূপায়ণ কৰা হ’ব আৰু ইয়াৰ জৰিয়তে মীন উৎপাদন বৃদ্ধি, ব্যৱস্থাপনাৰ অগ্ৰগতি সাধন আৰু মীন খণ্ডৰ সৈতে জড়িত লাখ-লাখ লোকৰ বাবে বহনক্ষম জীৱিকাৰ পথ সৃষ্টিৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু উচ্চমানৰ ইনপুট প্ৰশস্ত হ’ব।

প্ৰধানমন্ত্ৰীয়ে ফিচিং হাৰ্বাৰৰ উন্নয়ন, উন্নীতকৰণ আৰু আধুনিকীকৰণ, ফিচ লেণ্ডিং কেন্দ্ৰ আৰু মীন বজাৰ স্থাপনকে প্ৰমুখ্য কৰি গুৰুত্বপূৰ্ণ মীন আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰদ্বাৰা মাছ আৰু সাগৰীয় খাদ্যৰ সংগ্ৰহৰ পিছৰ ব্যৱস্থাপনাৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰ উপলব্ধতা নিশ্চিত আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুত থাকিব বুলি আশা কৰা হৈছে।

মুম্বাইত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে গ্ল’বেল ফিনটেক ফেষ্ট (GFF), ২০২৪ৰ বিশেষ অধিবেশন সম্বোধন কৰিব। জিইএফৰ আয়োজন কৰিছে ভাৰতীয় পেমেন্টছ কাউন্সিল, ভাৰতীয় নেচনেল পেমেন্টছ কৰ্প’ৰেচন আৰু ফিনটেক কনভাৰ্জেন্স কাউন্সিলে। ভাৰত আৰু আন-আন ভিন্ন দেশৰ নীতি নিৰ্ধাৰক, নিয়ন্ত্ৰক, জ্যেষ্ঠ বেংকাৰ, উদ্যোগৰ কেপ্টেইন আৰু শিক্ষাবিদসকলকে প্ৰমুখ্য কৰি প্ৰায় ৮০০ গৰাকী বক্তাই এই সন্মিলনৰ ৩৫০ ৰো অধিক অধিবেশনত ভাষণ প্ৰদান কৰিব। ইয়াৰ উপৰিও ইয়াত ফিনটেক বাতাবৰণৰ শেহতীয়া উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা হ’ব। জিএফএফ, ২০২৪ত ২০ৰো অধিক চিন্তাশীল নেতৃত্বৰ প্ৰতিবেদন আৰু শ্বেতপত্ৰ উন্মোচন কৰা হ’ব, যিসমূহে উদ্যোগটোৰ অন্তৰ্দৃষ্টি আৰু গভীৰ তথ্য প্ৰদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's rise is coming at an important time... because the world needs India, says Jane Fraser, Board Chair and CEO, Citi

Media Coverage

India's rise is coming at an important time... because the world needs India, says Jane Fraser, Board Chair and CEO, Citi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"