‘ৰাণী কমলাপতি ৰে’ল ষ্টেশ্যন’ত পাঁচখন ‘বন্দে ভাৰত এক্সপ্ৰেছ’-ৰ ‘ফ্লেগ অফ’ কৰিব প্ৰধানমন্ত্ৰীয়ে
ভূপাল (ৰাণী কমলাপতি)-ইন্দোৰ, ভূপাল (ৰাণী কমলাপতি)-জবলপুৰ, ৰাঁচী-পাটনা, ধাৰৱাড়-বেংগালুৰু আৰু গোৱা (মাদগাঁও)-মুম্বাইৰ মাজত ‘বন্দে ভাৰত এক্সপ্ৰেছ’-ৰ চলাচল আৰম্ভ কৰা হ'ব
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জুন, ২০২৩-ত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব।
ভূপাল (ৰাণী কমলাপতি)-ইন্দোৰ বন্দে ভাৰত এক্সপ্ৰেছে মধ্য প্ৰদেশৰ দুখন গুৰুত্বপূৰ্ণ চহৰৰ মাজত সহজ আৰু দ্ৰুত ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব আৰু অঞ্চলটোৰ সাংস্কৃতিক, পৰ্যটন আৰু ধৰ্মীয় স্থানসমূহৰ সংযোগ উন্নত কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জুন, ২০২৩-ত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব।
পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ‘ৰাণী কমলাপতি ৰে'ল ষ্টেশ্যন’ত উপস্থিত হ'ব আৰু পাঁচখন বন্দে ভাৰত ৰে'লৰ ‘ফ্লেগ অফ’ কৰিব। এইকেইখন ‘বন্দে ভাৰত’ ৰে’ল হৈছে: ভূপাল (ৰাণী কমলাপতি)-ইন্দোৰ বন্দে ভাৰত এক্সপ্ৰেছ; ভূপাল (ৰাণী কমলাপতি)-জবলপুৰ বন্দে ভাৰত এক্সপ্ৰেছ; ৰাঁচী-পাটনা বন্দে ভাৰত এক্সপ্ৰেছ; ধাৰৱাড়-বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছ আৰু গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ। 
 
ভূপাল (ৰাণী কমলাপতি)-ইন্দোৰ বন্দে ভাৰত এক্সপ্ৰেছে মধ্য প্ৰদেশৰ দুখন গুৰুত্বপূৰ্ণ চহৰৰ মাজত সহজ আৰু দ্ৰুত ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব আৰু অঞ্চলটোৰ সাংস্কৃতিক, পৰ্যটন আৰু ধৰ্মীয় স্থানসমূহৰ সংযোগ উন্নত কৰিব। 

ভূপাল (ৰাণী কমলাপতি) - জবলপুৰ ‘বন্দে ভাৰত এক্সপ্ৰেছ’য়ে ‘মহাকৌশল’ অঞ্চল (জবলপুৰ)ক মধ্য প্ৰদেশৰ কেন্দ্ৰীয় অঞ্চলৰ (ভূপাল) সৈতে সংযোগ কৰিব। লগতে, উন্নত সংযোগৰ দ্বাৰা অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰসমূহো লাভান্বিত হ'ব।
ৰাঁচী-পাটনা ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ঝাৰখণ্ড আৰু বিহাৰৰ বাবে প্ৰথমখন ‘বন্দে ভাৰত’ ৰে’ল হ'ব। পাটনা আৰু ৰাঁচীৰ মাজত যোগাযোগ বৃদ্ধি কৰিব লগা এই ৰে'লখন পৰ্যটক, শিক্ষাৰ্থী আৰু ব্যৱসায়ীসকলৰ বাবে এক আশীৰ্বাদস্বৰূপ হ'ব।
ধাৰৱাড়-বেংগালুৰু ‘বন্দে ভাৰত এক্সপ্ৰেছ’-য়ে কৰ্ণাটকৰ গুৰুত্বপূৰ্ণ চহৰসমূহ- ধাৰৱাড় আৰু হুব্বালীক ৰাজ্যৰ ৰাজধানী বেংগালুৰুৰ সৈতে সংযোগ কৰিব। ই অঞ্চলটোৰ পৰ্যটক, শিক্ষাৰ্থী, উদ্যোগপতি আদিক যথেষ্ট উপকৃত কৰিব।

গোৱা (মাদগাঁও)-মুম্বাই ‘বন্দে ভাৰত এক্সপ্ৰেছ’ হ'ব গোৱাৰ প্ৰথমখন ‘বন্দে ভাৰত এক্সপ্ৰেছ’। ই মুম্বাইৰ ‘ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ’ আৰু গোৱাৰ ‘মাদগাঁও ষ্টেশ্যন’ৰ মাজত চলিব আৰু গোৱা আৰু মহাৰাষ্ট্ৰ দুয়োখন ৰাজ্যৰ পৰ্যটন বৃদ্ধিত সহায় কৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi