‘ৰাষ্ট্ৰীয় ছিকল চেল এনিমিয়া নিৰ্মূল মিছন’-ৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
শ্বাহডোল জিলাৰ পাকৰিয়া গাঁও ভ্ৰমণ কৰিব আৰু গাঁওখনৰ বিভিন্ন অংশীদাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপ কৰিব
ৰাজ্যজুৰি প্ৰায় ৩.৫৭ কোটি হিতাধিকাৰীক ‘আয়ুষ্মান কাৰ্ড’ বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে গণ্ডৱানাৰ ষোড়শ শতিকাৰ সাহসী ৰাণী দুৰ্গাৱতীক সন্মান জনাব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ জুলাই, ২০২৩ তাৰিখে মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব।

আবেলি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে শ্বাহডোলত এক ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, য'ত তেওঁ ‘ৰাষ্ট্ৰীয় ছিকল চেল এনিমিয়া নিৰ্মূল অভিযান’-ৰ শুভাৰম্ভ কৰিব। তেওঁ হিতাধিকাৰীসকলক ‘ছিকল চেল জেনেটিক ষ্টেটাছ কাৰ্ড’ বিতৰণ কৰিব।

এই অভিযানৰ উদ্দেশ্য হৈছে ‘ছিকল চেল’ ৰোগৰ দ্বাৰা উদ্ভৱ হোৱা, বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত অব্যাহত থকা গুৰুতৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰত্যাহ্বানৰে মোকাবিলা কৰা। ২০৪৭ চনৰ ভিতৰত ‘ছিকল চেল’ ৰোগে সৃষ্টি কৰা জন-স্বাস্থ্য সম্পৰ্কীয় প্ৰত্যাহ্বান নিৰ্মূল কৰাৰ বাবে চৰকাৰে অব্যাহত ৰখা প্ৰচেষ্টাত এই কাৰ্যক্ৰম এক গুৰুত্বপূৰ্ণ ‘মাইলৰ খুঁটি’ হিচাপে চিহ্নিত হ’ব। ২০২৩ চনৰ কেন্দ্ৰীয় বাজেটত ‘ৰাষ্ট্ৰীয় ছিকল চেল এনিমিয়া নিৰ্মূল অভিযান’ ঘোষণা কৰা হৈছিল। এই অভিযান দেশৰ ১৭ খন বিশেষ গুৰুত্বৰ ৰাজ্য যেনে- গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্য প্ৰদেশ, ঝাৰখণ্ড, ছত্তীশগড়, পশ্চিম বংগ, উৰিষ্যা, তামিলনাডু, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, অসম, উত্তৰ প্ৰদেশ, কেৰালা, বিহাৰ আৰু উত্তৰাখণ্ডৰ ২৭৮ খন জিলাত কাৰ্যকৰী কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশত প্ৰায় ৩.৫৭ কোটি ‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ (এবি-পিএমজেএৱাই)ৰ ‘কাৰ্ড’ বিতৰণৰো আৰম্ভণি কৰিব। ‘আয়ুষ্মান কাৰ্ড’ বিতৰণৰ অনুষ্ঠানটো ৰাজ্যজুৰি নগৰীয়া সংস্থা, গাঁও পঞ্চায়ত আৰু উন্নয়ন খণ্ডসমূহত আয়োজন কৰা হৈছে। ‘আয়ুষ্মান কাৰ্ড বিতৰণ অভিযান’ হৈছে কল্যাণমূলক আঁচনিসমূহৰ ১০০শতাংশ সংপৃক্ততা নিশ্চিত কৰাৰ বাবে প্ৰতিগৰাকী হিতাধিকাৰীৰ ওচৰলৈ যোৱাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক পদক্ষেপ।

এই যাত্ৰাতে প্ৰধানমন্ত্ৰীয়ে ৰাণী দুৰ্গাৱতীক সন্মান জনাব। এইগৰাকী বিদূষী নাৰী ষোড়শ শতিকাৰ মাজভাগত গণ্ডৱানাৰ শাসনাধিষ্ঠ ৰাণী আছিল। তেওঁক এগৰাকী সাহসী, নিৰ্ভীক আৰু সাহসী যোদ্ধা হিচাপে স্মৰণ কৰা হয়, যিগৰাকী ৰাণীয়ে স্বাধীনতাৰ বাবে মোগলৰ বিৰুদ্ধে যুঁজ দিছিল।

এক অনন্য পদক্ষেপত প্ৰধানমন্ত্ৰীয়ে সন্ধিয়া প্ৰায় ৫ বজাত শ্বাহডোল জিলাৰ পাকৰিয়া গাওঁ ভ্ৰমণ কৰিব আৰু জনজাতীয় সম্প্ৰদায়, আত্ম-সহায়ক গোট, ‘পিইএছএ’ [পঞ্চায়ত (অনুসূচিত এলেকালৈ সম্প্ৰসাৰণ) আইন, ১৯৯৬] সমিতিৰ নেতা আৰু গ্ৰাম্য ফুটবল ক্লাবসমূহৰ অধিনায়কসকলৰ সৈতে বাৰ্তালাপত মিলিত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the courage and perseverance of India's Youth
July 20, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the courage and perseverance of India's Youth:

"प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।

दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥"

Shri Modi said that our youth is achieving historic success through their courage, self-confidence, and relentless hard work, and this is the greatest strength of a rapidly developing India.

The Prime Minister posted on X:

आज हमारे युवा साथी धैर्य, आत्मविश्वास और अथक परिश्रम से ऐतिहासिक सफलता हासिल कर रहे हैं। यही विकसित हो रहे भारत की सबसे बड़ी ताकत है।

प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।

दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥