‘কুনো ৰাষ্ট্ৰীয় উদ্যান’ত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ভাৰতত বিলুপ্তপ্ৰায় বনৰীয়া চিতাবাঘ
নামিবিয়াৰ পৰা অনা চিতাবাঘকেইটা ভাৰতত মুকলি কৰা হ’ব ‘চিতা প্ৰকল্প’ৰ অধীনত, যিটো হ’ব পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে সম্পাদিত ‘আন্তঃমহাদেশীয় বৃহত্ মাংসহাৰীৰ স্থানান্তৰণ প্ৰকল্প’
ভাৰতলৈ বাঘৰ পুনৰাগমনে মুকলি বনাঞ্চল আৰু তৃণাঞ্চলৰ পুনৰুথ্থানত সহায় কৰিব আৰু স্থানীয় লোকৰ বাবে জীৱিকা নিৰ্বাহৰ সুযোগ বৃদ্ধি কৰিব
পৰিৱেশ সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ সাৰোগত কৰিয়ে এই দিহা
প্ৰধানমন্ত্ৰীয়ে শিওপুৰৰ কাৰাহালত আত্মসহায়ক গোটসমূহৰ এক সন্মিলনত অংশগ্ৰহণ কৰিব
সন্মিলনত মহিলা আত্ম সহায়ক গোটসমূহৰ বহু সহস্ৰ সদস্যা/সমূহীয়া সমল ব্যক্তি উপস্থিত থাকিব
‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা’ৰ অধীনত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব চাৰিটা ‘বিশেষভাবে দুৰ্বল’ জনজাতিসমূহৰ দক্ষতা কেন্দ্ৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ ছেপ্টেম্বৰত মধ্য প্ৰদেশ ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ১০.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ‘কুনো ৰাষ্ট্ৰীয় উদ্যান’ত মুকলি কৰিব ভাৰতত বিলুপ্তপ্ৰায় বনৰীয়া চিতাবাঘৰ এটা গোট। ইয়াৰ পিচত দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে শিওপুৰৰ কাৰাহালত আত্মসহায়ক গোটসমূহৰ এক সন্মিলনত ভাগ লব। সন্মিলনত মহিলা আত্ম সহায়ক গোটসমূহৰ বহু সহস্ৰ সদস্যা/সমূহীয়া সমল ব্যক্তি উপস্থিত থাকিব।

কুনো ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী

ভাৰতৰ বন্যপ্ৰাণীসমূহৰ লগতে ইহঁতৰ বাসস্থানৰ বৈচিত্ৰ্য ৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰয়াসৰ অংশ হিচাপেই কুনো ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া চিতাবাঘকেইটা মুকলিৰ দিহা কৰা হৈছে। ভাৰতত ১৯৫২ চনতে চিতাবাঘক বিলুপ্তপ্ৰায় প্ৰাণী হিচাপে ঘোষণা কৰা হৈছিল। বনাঞ্চলখনত মুকলি কৰিব খোজা চিতাকেইটা এইবছৰৰ আগভাগতে সম্পন্ন কৰা এক বুজাবুজিৰ চুক্তিৰ আধাৰত নামিবিয়াৰ পৰা অনা হৈছে। চিতাবাঘকেইটা ‘চিতা প্ৰকল্প’ৰ অধীনত ভাৰতত মুকলি কৰা হব আৰু ই হব পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে সম্পাদিত ‘আন্তঃমহাদেশীয় বৃহত্ মাংসহাৰীৰ স্থানান্তৰণ প্ৰকল্প’।

ভাৰতলৈ বাঘৰ পুনৰাগমনে মুকলি বনাঞ্চল আৰু তৃণাঞ্চলৰ পুনৰুথ্থানত সহায় কৰাৰ লগতে স্থানীয় লোকৰ বাবে জীৱিকা নিৰ্বাহৰ সুযোগো বৃদ্ধি কৰিব। পৰিৱেশ সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ সাৰোগত কৰিয়ে এই দিহা কৰা হৈছে।

আত্ম সহায়ক গোটৰ সন্মিলনত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে শিওপুৰৰ কাৰাহালত আত্মসহায়ক গোটসমূহৰ এক সন্মিলনত ভাগ লব। সন্মিলনত মহিলা আত্ম সহায়ক গোটসমূহৰ বহু সহস্ৰ সদস্যা/সমূহীয়া সমল ব্যক্তি উপস্থিত থাকিব।

অনুষ্ঠানত তেওঁ ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা’ৰ অধীনত চাৰিটা বিশেষভাবে দুৰ্বল জনজাতিসমূহৰ দক্ষতা কেন্দ্ৰও মুকলি কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership