মধ্য প্ৰদেশত ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
বীনা শোধনাগাৰত পেট্ৰ’কেমিকেল কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
নৰ্মদাপুৰমত ‘শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল’ আৰু ৰাটলামৰ মেগা উদ্যোগ উদ্যানৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
ছত্তীশগড়ত প্ৰায় ৬,৩৫০ কোটি টকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰে’ল খণ্ডৰ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এক লাখ ছিকল চেল কাউন্সেলিং কাৰ্ড বিতৰণ কৰিব
এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে চত্তীশগড়ৰ ৯খন জিলাত ‘ক্ৰিটিকেল কেয়াৰ ব্লক’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এক লাখ ছিকল চেল কাউন্সেলিং কাৰ্ডো বিতৰণ কৰিব।
এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নৰ্মদাপুৰম জিলাত ‘শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল’ নামৰ দহটা প্ৰকল্প; ইন্দোৰত দুখন আইটি পাৰ্ক; ৰাটলামত এখন মেগা ঔদ্যোগিক উদ্যান; আৰু সমগ্ৰ মধ্যপ্ৰদেশত ছটা নতুন ঔদ্যোগিক অঞ্চলৰো আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ছেপ্টেম্বৰ, ২০২৩ত মধ্যপ্ৰদেশ আৰু ছত্তীশগড় ভ্ৰমণ কৰিব। প্ৰায় ১১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ বীনাত উপস্থিত হ’ব, য’ত তেওঁ ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ ‘বিনা শোধনাগাৰত থকা পেট্ৰ’কেমিকেল কমপ্লেক্স’কে ধৰি ৰাজ্যজুৰি দহটা নতুন ঔদ্যোগিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বিয়লি ৩:১৫ বজাত তেওঁ ছত্তীশগড়ৰ ৰায়গড়ত উপস্থিত হ’ব, য’ত তেওঁ ৰাষ্ট্ৰৰ নামত ৰে’ল খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে চত্তীশগড়ৰ ৯খন জিলাত ‘ক্ৰিটিকেল কেয়াৰ ব্লক’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এক লাখ ছিকল চেল কাউন্সেলিং কাৰ্ডো বিতৰণ কৰিব।

মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী

ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ বাবে এক বৃহৎ উদ্দীপনা প্ৰদান কৰা এক পদক্ষেপত প্ৰধানমন্ত্ৰীয়ে ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডৰ বীনা শোধনাগাৰত পেট্ৰ’কেমিকেল কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ৪৯,০০০ কোটি টকা ব্যয় সাপেক্ষে গঢ়ি তোলা এই অত্যাধুনিক শোধনাগাৰটো প্ৰায় ১২০০ কেটিপিএ (কিলো-টন প্ৰতি বছৰে) ইথাইলিন আৰু প্ৰপাইলিন উৎপাদন কৰিব, যিবোৰ বস্ত্ৰ, পেকেজিং, ফাৰ্মা আদি বিভিন্ন খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ উপাদান। ইয়াৰ ফলত দেশৰ আমদানি নিৰ্ভৰশীলতা হ্ৰাস পাব আৰু প্ৰধানমন্ত্ৰীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগী পূৰণৰ দিশত এক পদক্ষেপ হ’ব। এই মেগা প্ৰকল্পটোৱে নিয়োগৰ সুযোগো সৃষ্টি কৰিব আৰু পেট্ৰলিয়াম খণ্ডৰ তলৰ উদ্যোগসমূহৰ উন্নয়নত সহায় কৰিব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নৰ্মদাপুৰম জিলাত ‘শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল’ নামৰ দহটা প্ৰকল্প; ইন্দোৰত দুখন আইটি পাৰ্ক; ৰাটলামত এখন মেগা ঔদ্যোগিক উদ্যান; আৰু সমগ্ৰ মধ্যপ্ৰদেশত ছটা নতুন ঔদ্যোগিক অঞ্চলৰো আধাৰশিলা স্থাপন কৰিব।

‘বিদ্যুৎ আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল, নৰ্মদাপুৰম’ ৪৬০ কোটিতকৈ অধিক ব্যয়ৰে উন্নয়ন কৰা হ’ব আৰু ই অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ দিশত এক পদক্ষেপ হিচাপে পৰিগণিত হ’ব। ইন্দোৰৰ ‘আই টি পাৰ্ক ৩ এণ্ড ৪’, প্ৰায় ৫৫০ কোটি ব্যয়ৰে নিৰ্মাণ হ’ব, আই টি আৰু আইটিইএছ খণ্ডক গতি প্ৰদান কৰাৰ লগতে যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ মুকলি কৰিব।

ৰাটলামৰ মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক ৪৬০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ কৰা হ’ব আৰু ইয়াক বস্ত্ৰশিল্প, অটোম’বাইল, ঔষধ আদিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ বাবে এক ডাঙৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই উদ্যানখন দিল্লী মুম্বাই এক্সপ্ৰেছৱেৰ সৈতে ভালদৰে সংযুক্ত হ’ব আৰু ই সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত এক বৃহৎ সহায় আগবঢ়াব, যাৰ ফলত যুৱক-যুৱতীসকলৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।

ৰাজ্যত সুষম আঞ্চলিক উন্নয়ন আৰু একেধৰণৰ কৰ্মসংস্থাপনৰ সুযোগ প্ৰসাৰিত কৰাৰ লক্ষ্যৰে প্ৰায় ৩১০ কোটি টকাৰ সঞ্চিত ব্যয়ৰে ছাজাপুৰ, গুনা, মৌগঞ্জ, আগৰ মালৱা, নৰ্মাদাপুৰম আৰু মাক্সীতো ছটা নতুন উদ্যোগিক এলেকাৰ উন্নয়ন কৰা হ’ব।

ছত্তীশগড়ত প্ৰধানমন্ত্ৰী

সমগ্ৰ দেশতে সংযোগ উন্নত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি ৰায়গড়ত এক ৰাজহুৱা কাৰ্যসূচীত ৬,৩৫০ কোটি টকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰে’ল খণ্ডৰ প্ৰকল্পৰ দেশবাসীৰ মাত সমৰ্পণ কৰিব যাৰ ফলত এক উত্থান লাভ কৰিব। প্ৰকল্পসমূহৰ ভিতৰত ছত্তীশগড় পূব ৰে’ল প্ৰকল্পৰ প্ৰথম পৰ্যায়, চম্পা পৰা জামগাৰ মাজৰ তৃতীয় ৰে’ল লাইন, পেন্দ্ৰা পথৰ পৰা অনুপপুৰৰ মাজৰ তৃতীয় ৰে’ল লাইন আৰু তালাইপল্লী কয়লা খনিৰ সৈতে এনটিপিচি লাৰা ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন (এছটিপিএছ) সংযোগ কৰা এমজি আৰ (মেৰী-গো-ৰাউণ্ড) ব্যৱস্থা ৰে’ল প্ৰকল্পসমূহে অঞ্চলটোত যাত্ৰীসকলৰ যাতায়তৰ লগতে মালবাহী যাতায়তৰ সুবিধা প্ৰদান কৰি আৰ্থ-সামাজিক উন্নয়নত গতি প্ৰদান কৰিব।

ছত্তীশগড় পূৱ ৰে’ল প্ৰকল্প প্ৰথম পৰ্যায়ত বহু মডেল সংযোগৰ বাবে অভিলাষী পি এম গতিশক্তি-নেচনেল মাষ্টাৰ প্লেনৰ অধীনত গঢ়ি তোলা হৈছে আৰু ইয়াত খাৰছিয়াৰ পৰা ধৰমজয়গড়লৈ ১২৪.৮ কিলোমিটাৰ ৰে’ল লাইন আছে, য'ত গাৰে-পেলমালৈ স্পাৰ লাইন আৰু ৩টা ফিডাৰ লাইনে বৰদ, দুৰ্গাপুৰ আদি কয়লা খনি সংযোগ কৰিব। প্ৰায় ৩,০৫৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ৰে’ল লাইন বিদ্যুৎচালিত ব্ৰড গজ লেভেল ক্ৰছিং আৰু যাত্ৰীৰ সুবিধাৰ সৈতে বিনামূলীয়া অংশ ডাবল লাইনেৰে সজ্জিত। ইয়াৰ জৰিয়তে ছত্তীশগড়ৰ ৰায়গড়ত অৱস্থিত মন্দ-ৰাইগড় কয়লাক্ষেত্ৰৰ পৰা কয়লা পৰিবহণৰ বাবে ৰে’ল সংযোগৰ ব্যৱস্থা কৰা হ’ব।

পেণ্ড্ৰা পথৰ পৰা অনুপপুৰলৈ ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ তৃতীয়টো ৰে’ল লাইন প্ৰায় ৫১৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে। প্ৰায় ৭৯৬ কোটি টকা ব্যয়েৰে চম্পা আৰু জামগা ৰে’ল অংশৰ মাজত ৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ তৃতীয় লাইন নিৰ্মাণ কৰা হৈছে। নতুন ৰে’ল লাইনে অঞ্চলটোৰ সংযোগৰ উন্নতি সাধন কৰাৰ লগতে পৰ্যটন আৰু কৰ্মসংস্থাপন দুয়োটা দিশতে বৃদ্ধি পাব।

৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিদ্যুৎচালিত এমজিআৰ (মেৰী-গ’-ৰাউণ্ড) ব্যৱস্থাই এনটিপিচিৰ তালাইপল্লী কয়লা খনিৰ পৰা ছত্তীশগড়ৰ ১৬০০ মেগাৱাট এনটিপিচি লাৰা ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচনলৈ কম খৰচী, উচ্চ গ্ৰেডৰ কয়লা প্ৰদান কৰিব। ইয়াৰ ফলত এনটিপিচি লাৰাৰ পৰা কম খৰচী আৰু নিৰ্ভৰযোগ্য শক্তি উৎপাদন বৃদ্ধি পাব, যাৰ ফলত দেশৰ শক্তি সুৰক্ষা শক্তিশালী হ’ব। ২০৭০ কোটিৰো অধিক ব্যয়ৰে নিৰ্মিত এমজিআৰ ব্যৱস্থা কয়লা খনিৰ পৰা বিদ্যুৎ কেন্দ্ৰলৈ কয়লা পৰিবহণৰ উন্নতিৰ বাবে এক প্ৰযুক্তিগত আশ্চৰ্য্য।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে চত্তিশগড়ৰ ৯খন জিলাত ৫০টা বিচনাযুক্ত ‘ক্ৰিটিকেল কেয়াৰ ব্লক’ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী– আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত দুৰ্গ, কোণ্ডাগাঁও, ৰাজনান্দগাঁও, গৰিয়াবন্দ, যশপুৰ, সুৰজপুৰ, সূৰগুজা, বাস্তৰ আৰু ৰায়গড় জিলাত নিৰ্মাণ কৰা হ’ব ৯টা ক্ৰিটিকেল কেয়াৰ ব্লক, মুঠ খৰচ ২১০ কোটি টকাকতৈ অধিক।

বিশেষকৈ জনজাতীয় জনসাধাৰণৰ মাজত ছিকল চেল ৰোগৰ ফলত সৃষ্টি হোৱা স্বাস্থ্যজনিত সমস্যাৰ সমাধানৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা সম্পন্ন কৰা এক লাখ জনতাক ছিকল চেল কাউন্সেলিং কাৰ্ডো বিতৰণ কৰিব। ২০২৩ চনৰ জুলাই মাহত মধ্যপ্ৰদেশৰ শ্বাহদলত প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা নেচনেল ছিকল চেল এনিমিয়া নিৰ্মূল মিছনৰ অধীনত ছিকল চেল কাউন্সেলিং কাৰ্ড বিতৰণ কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Dr. Babasaheb Ambedkar in the Parliament complex
April 14, 2026

The Prime Minister, Shri Narendra Modi has paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.

The Prime Minister wrote on X;

“Paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.”