থিৰুৱনন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰীয়ে
ৰে’ল সংযোগ, নগৰীয়া জীৱিকা, বিজ্ঞান আৰু উদ্ভাৱন, নাগৰিক-কেন্দ্ৰিক সেৱা আৰু উন্নত স্বাস্থ্যসেৱাকে ধৰি প্ৰকল্পসমূহে সামৰি লৈছে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰ
পিএম স্বনিধি ক্ৰেডিট কাৰ্ড মুকলি কৰাৰ লগতে এক লাখ হিতাধিকাৰীক পিএম স্বনিধি ঋণ বিতৰণ কৰিব প্ৰধানমন্ত্ৰীয়ে
সমগ্ৰ কেৰালাত ৰে’ল সংযোগ ত্বৰান্বিত কৰা তিনিখন অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
থিৰুৱন্তপুৰমত চিএছআইআৰ-এনআইআইএছটি উদ্ভাৱন, প্ৰযুক্তি আৰু উদ্যোগশীলতা কেন্দ্ৰৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১০ বাজি ৪৫ মিনিটত থিৰুৱন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে কিছু সংখ্যক প্ৰকল্প পতাকা জোকাৰি মুকলি কৰিব। এই উপলক্ষে সমবেত লোকসকলকো তেওঁ সম্বোধন কৰিব।

এই প্ৰকল্পসমূহে ৰে’ল সংযোগ, নগৰীয়া জীৱিকা, বিজ্ঞান আৰু উদ্ভাৱন, নাগৰিক-কেন্দ্ৰিক সেৱা আৰু উন্নত স্বাস্থ্যসেৱাকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি লোৱাৰ জৰিয়তে নাগৰিকসকলৰ বাবে সামগ্ৰিক বিকাশ, প্ৰযুক্তিগত উন্নতি আৰু জীৱনৰ মান উন্নত কৰাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ গুৰুত্ব প্ৰতিফলিত কৰিছে

 

ৰে’ল সংযোগক এক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল আৰু এখন যাত্ৰীবাহী ৰে’লকে ধৰি চাৰিটা নতুন ৰে’ল সেৱাৰ শুভাৰম্ভ কৰিব। ইয়াৰ ভিতৰত আছে নাগৰকোইল-মাংগালুৰু অমৃত ভাৰত এক্সপ্ৰেছ, থিৰুৱনন্তপুৰম-তাম্বৰম অমৃত ভাৰত এক্সপ্ৰেছ, থিৰুৱন্তপুৰম-চাৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ  তথা ত্ৰিশূৰ আৰু গুৰুভায়ুৰৰ মাজত এখন নতুন যাত্ৰীবাহী ৰে’ল। এই সেৱাসমূহৰ প্ৰৱৰ্তনে কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ মাজত দীৰ্ঘ দূৰত্ব আৰু আঞ্চলিক সংযোগ ত্বৰান্বিত কৰাৰ জৰিয়তে যাত্ৰীসকলৰ বাবে ভ্ৰমণ অধিক সুলভ, সুৰক্ষিত আৰু সময়-নিৰ্ধাৰিত কৰি তুলিব। এই উন্নত সংযোগে সমগ্ৰ অঞ্চলটোত পৰ্যটন, বাণিজ্য, শিক্ষা, নিযুক্তি আৰু সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত এক শক্তিশালী গতি প্ৰদান কৰিব।

 

নগৰীয়া জীৱিকা শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে, প্ৰধানমন্ত্ৰীয়ে পদপথৰ বিক্ৰেতাসকলৰ বাবে বিত্তীয় অন্তৰ্ভুক্তিৰ পৰৱৰ্তী পৰ্যায় প্ৰতিফলিত কৰি পিএম স্বনিধি ক্ৰেডিট কাৰ্ড মুকলি কৰিব। ইউ পি আই-সংযোজিত, সুত-মুক্ত নমনীয় ঋণ সুবিধাই তাৎক্ষণিক নগদ ধন প্ৰদান কৰাৰ লগতে ডিজিটেল লেনদেনৰ প্ৰচাৰ কৰিব তথা হিতাধিকাৰীসকলক আনুষ্ঠানিক ঋণৰ ইতিবৃত্ত গঢ়ি তোলাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ পদপথৰ বিক্ৰেতাসহ এক লাখ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী স্বনিধি ঋণও বিতৰণ কৰিব।২০২০চনৰ সূচনাকালৰে পৰা, পিএম স্বনিধি আঁচনিখনে বৃহৎ সংখ্যক হিতাধিকাৰীক প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক ঋণ লাভ কৰিবলৈ সক্ষম কৰাৰ লগতে নগৰীয়া অনানুষ্ঠানিক শ্ৰমিকসকলৰ মাজত দৰিদ্ৰতা নিৰ্মূল তথা জীৱিকা সুৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

 

‘বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে থিৰুৱন্তপুৰমত চিএছআইআৰ-এনআইআইএছটি উদ্ভাৱন, প্ৰযুক্তি আৰু উদ্যোগশীলতা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই কেন্দ্ৰই জীৱ বিজ্ঞান আৰু জৈৱ-অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে আয়ুৰ্বেদৰে পৰম্পৰাগত জ্ঞান প্ৰণালীক আধুনিক জৈৱ প্ৰযুক্তি, বহনক্ষম পেকেজিং আৰু সেউজ হাইড্ৰ’জেনৰ সৈতে একত্ৰিত কৰি ষ্টাৰ্টআপ সৃষ্টি, প্ৰযুক্তি স্থানান্তৰ আৰু আন্তৰ্জাতিক সহযোগিতাৰ সংবৰ্ধন কৰিব। ই গৱেষণাক বজাৰৰ বাবে সাজু সমাধান আৰু উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ এক মঞ্চ হিচাপে কাম কৰিব।

স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰাটো এই ভ্ৰমণৰ আন এক গুৰুত্বপূৰ্ণ বিষয় হ’ব। প্ৰধানমন্ত্ৰীয়ে থিৰুৱন্তপুৰমৰ শ্ৰী চিত্ৰ তিৰুনাল চিকিৎসা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত এক অত্যাধুনিক ৰেডিঅ’চাৰ্জাৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই কেন্দ্ৰই মগজুৰ জটিল বিকাৰৰ বাবে অত্যন্ত নিখুঁত, ন্যূনতম স্থানত অস্ত্ৰোপচাৰৰ জৰিয়তে চিকিৎসা প্ৰদান কৰি উন্নত স্তৰৰ আঞ্চলিক স্বাস্থ্যসেৱাৰ সামৰ্থ বৃদ্ধি কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে থিৰুৱনন্তপুৰমত নতুন পূজাপ্পুৰা মুখ্য ডাকঘৰো উদ্বোধন কৰিব। এই আধুনিক, প্ৰযুক্তি-সম্বলিত কাৰ্য্যালয়টোই ডাক, বেংকিং, বীমা আৰু ডিজিটেল সেৱাৰ এক বিস্তৃত পৰিসৰ প্ৰদান কৰাৰ জৰিতয়তে নাগৰিক-কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
But where is India’s economic growth?

Media Coverage

But where is India’s economic growth?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."