প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত ভাৰত শক্তি সপ্তাহ ২০২৩ উদ্বোধন কৰিব
ইথানল ব্লেণ্ডিং ৰোডমেপৰ ওপৰত আগবাঢ়ি প্ৰধানমন্ত্ৰীয়ে ই-২০ ইন্ধন মুকলি কৰিব
প্ৰধানমন্ত্ৰীয়ে সেউজ ইন্ধন সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে সেউজ গতিশীলতা ৰেলীৰ ফ্লেগ অফ কৰিব
প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়ান অইলৰ 'আনবটড' উদ্যোগৰ অধীনত ইউনিফৰ্ম মুকলি কৰিব; প্ৰতিটো ইউনিফৰ্ম প্ৰায় ২৮ টা ব্যৱহৃত পিইটি বটল পুনৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে
প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়ান অইল ইণ্ডোৰ সৌৰ ৰন্ধন প্ৰণালীৰ টুইন-কুকটপ মডেল মুকলি কৰিব; ই হৈছে ঘৰৰ ভিতৰত সৌৰ শক্তিৰ পৰা ৰন্ধাৰ এক বৈপ্লৱিক সমাধান, যি সৌৰ আৰু লগতে সহায়ক শক্তিউৎসৰ পৰা কাম কৰে
প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল ভাৰতৰ আন এক প্ৰচেষ্টাত প্ৰধানমন্ত্ৰীয়ে টুমাকুৰুত এইচএএল হেলিকপ্টাৰ কাৰখানা উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে টুমাকুৰু ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ আৰু টুমাকুৰুত দুটা জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত কৰ্ণাটক ভ্ৰমণ কৰিব। নিশা প্ৰায় ১১.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত ভাৰত শক্তি সপ্তাহ ২০২৩ উদ্বোধন কৰিব। ইয়াৰ পিছতে আবেলি প্ৰায় ৩.৩০ বজাত তেওঁ টুমাকুৰুত এইচএএল হেলিকপ্টাৰ কাৰখানা উদ্বোধন কৰিব আৰু লগতে বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব।

ভাৰত শক্তি সপ্তাহ ২০২৩

প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুত ভাৰত শক্তি সপ্তাহ ২০২৩ উদ্বোধন কৰিব। এইটো ৬ ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব আৰু ইয়াৰ লক্ষ্য হৈছে শক্তি স্থানান্তৰ মহাশক্তি হিচাপে ভাৰতৰ বৰ্ধিত সম্ভাৱনা প্ৰদৰ্শন কৰা। এই অনুষ্ঠানটোৱে পৰম্পৰাগত আৰু অ-পৰম্পৰাগত শক্তি উদ্যোগ, চৰকাৰ আৰু শিক্ষাবিদসকলৰ নেতাসকলক এক দায়বদ্ধ শক্তি স্থানান্তৰত বিদ্যমান প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ বিষয়ে আলোচনা কৰিবলৈ একত্ৰিত কৰিব। অনুষ্ঠানটোত সমগ্ৰ বিশ্বৰ ৩০ জনতকৈও অধিক মন্ত্ৰী উপস্থিত থাকিব। ভাৰতৰ শক্তি ভৱিষ্যতৰ প্ৰত্যাহ্বান আৰু সুযোগসম্পৰ্কে ৩০,০০০ তকৈও অধিক প্ৰতিনিধি, ১০০০ প্ৰদৰ্শক আৰু ৫০০ বক্তাই আলোচনা কৰিব। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে বিশ্বব্যাপী তেল আৰু গেছ প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰিব। তেওঁ সেউজ শক্তিৰ ক্ষেত্ৰতো কেইবাটাও পদক্ষেপ আৰম্ভ কৰিব।

শক্তি খণ্ডত আত্মনিৰ্ভৰশীলতা অৰ্জন ৰ বাবে চৰকাৰৰ কাৰ্যসূচীৰ কেন্দ্ৰবিন্দু হৈ আহিছে ইথানল মিশ্ৰণ কাৰ্যসূচী। চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে, ২০১৩-১৪ বৰ্ষৰ পৰা ইথানল উৎপাদন ক্ষমতা ছয় গুণ বৃদ্ধি হৈছে। ইথানল মিশ্ৰণ কাৰ্যসূচী আৰু জৈৱ ইন্ধন কাৰ্যসূচীৰ অধীনত যোৱা আঠ বছৰত এই সাফল্যই কেৱল ভাৰতৰ শক্তি সুৰক্ষা বৃদ্ধি কৰাই নহয়, ইয়াৰ ফলত ৩১৮ লাখ মেট্ৰিক টন চিঅ'২ নিৰ্গমন হ্ৰাস হোৱাৰ লগতে প্ৰায় ৫৪,০০০ কোটি টকাৰ বৈদেশিক মুদ্ৰা সঞ্চয় হ্ৰাস পাইছে। ইয়াৰ বাহিৰেও, আন বহুতো লাভালাভ আছে। ইয়াৰ ফলস্বৰূপে, ইথানল যোগানৰ বাবে প্ৰায় ৮১,৮০০ কোটি টকা পৰিশোধ কৰা হৈছে আৰু ২০১৪ চনৰ পৰা ২০২২ চনলৈ কৃষকসকললৈ ৪৯,০০০ কোটি টকাৰ অধিক স্থানান্তৰ কৰা হৈছে।

ইথানল মিশ্ৰণ ৰোডমেপৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ১১ খন ৰাজ্য/ইউটিৰ তেল বিপণন কোম্পানীৰ ৮৪ টা খুচুৰা বিপনীত ই-২০ ইন্ধন মুকলি কৰিব। ই-২০ ইন্ধনৰ অধীনত, পেট্ৰ'লত ২০ শতাংশ ইথানল মিহলি কৰা হৈছে। চৰকাৰে ২০২৫ চনৰ ভিতৰত ইথানলৰ ২০ শতাংশ মিশ্ৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰাখিছে। ইয়াৰ লগতে, তেল বিপণন কোম্পানীবোৰে ২জি-৩জি ইথানল প্ৰকল্প স্থাপন কৰিছে, যি এই কামত অগ্ৰগতি লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে গ্ৰীণ মোবিলিটি ৰেলীৰ ফ্লেগ অফ কৰিব। সেউজ শক্তিৰ উৎসৰ পৰা চলা বাহনসমূহে সমদলটোত অংশগ্ৰহণ কৰিব। সমদলটোৱে মানুহক সেউজীয়া ইন্ধনৰ বিষয়ে সজাগ কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়ান অইলৰ 'আনবটড' উদ্যোগৰ অধীনত ইউনিফৰ্মমুকলি কৰিব। একক ব্যৱহাৰৰ প্লাষ্টিক পৰ্যায়ক্ৰমে বৰ্জন কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ইণ্ডিয়ান অইলে ৰিটেইল গ্ৰাহক পৰিচাৰক আৰু এলপিজি ডেলিভাৰী কৰ্মীসকলৰ বাবে ইউনিফৰ্ম ডিজাইন কৰিছে, যি বোৰ পুনৰ্ব্যৱহাৰ যোগ্য পলিয়েষ্টাৰ (আৰপিইটি) আৰু কপাহেৰে নিৰ্মিত। ইণ্ডিয়ানঅইলৰ গ্ৰাহক-পৰিচাৰকৰ ইউনিফৰ্মৰ প্ৰতিটো ছেট প্ৰায় ২৮ টা ব্যৱহৃত পিইটি বটল পুনৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে আৰু এনেদৰে এই পদক্ষেপটো সমৰ্থন কৰে। ইণ্ডিয়ানঅইলে 'আনবটলড'ৰ জৰিয়তে এই পদক্ষেপটো আগবঢ়াই নিছে – এক ব্ৰেণ্ডৰ বহনক্ষম পোছাক, যাক ৰিচাইকেল পলিয়েষ্টাৰেৰে নিৰ্মিত সামগ্ৰী হিচাপে মুকলি কৰা হৈছে। এই ব্ৰেণ্ডৰ অধীনত, ইণ্ডিয়ান অইলৰ লক্ষ্য হৈছে অন্যান্য তেল বিপণন কোম্পানীৰ গ্ৰাহক-পৰিচাৰকসকলৰ বাবে ইউনিফৰ্মৰ প্ৰয়োজনীয়তা, সেনাৰ বাবে যুদ্ধ বিহীন ইউনিফৰ্ম, প্ৰতিষ্ঠানৰ বাবে ইউনিফৰ্ম/কাপোৰ আৰু খুচুৰা গ্ৰাহকসকলক বিক্ৰী কৰা।

প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়ান অইলৰ ইনড'ৰ সৌৰ ৰন্ধন প্ৰণালীৰ এটা টুইন-কুকটপ মডেলমুকলি কৰিব আৰু ইয়াৰ বাণিজ্যিক ৰোল-আউট মুকলি কৰিব। ইণ্ডিয়ান অইলে আগতে এটা কুকটপৰ সৈতে এটা অভিনৱ আৰু পেটেন্ট যুক্ত আভ্যন্তৰীণ সৌৰ ৰন্ধন প্ৰণালী বিকশিত কৰিছিল। প্ৰাপ্ত প্ৰতিক্ৰিয়াৰ ওপৰত ভিত্তি কৰি, টুইন-কুকটপ ইনড'ৰ সৌৰ ৰন্ধন প্ৰণালী ব্যৱহাৰকাৰীসকলৰ বাবে অধিক সুবিধাজনক আৰু সৰল কৰা হৈছে। ই হৈছে এক বৈপ্লৱিক ঘৰুৱা সৌৰ শক্তি ৰন্ধন সমাধান, সৌৰ আৰু সহায়ক শক্তি উৎস দুয়োটাৰ ওপৰত একেলগে কাম কৰা। এনেদৰে, ই ভাৰতৰ বাবে ৰন্ধনৰ এক নিৰ্ভৰযোগ্য মাধ্যম হৈ পৰে।

টুমাকুৰুত প্ৰধানমন্ত্ৰী

প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ দিশত আন এক পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে টুমাকুৰুত থকা এইচএএল হেলিকপ্টাৰ কাৰখানা দেশবাসীক উৎসৰ্গা কৰিব। ইয়াৰ আধাৰশিলাও ২০১৬ চনত প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিছিল। ই হৈছে এক সমৰ্পিত নতুন গ্ৰীণফিল্ড হেলিকপ্টাৰ কাৰখানা, যিয়ে হেলিকপ্টাৰ নিৰ্মাণৰ ক্ষমতা আৰু পৰিৱেশ-প্ৰণালী বৃদ্ধি কৰিব।

হেলিকপ্টাৰ কাৰখানাটো এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ নিৰ্মাণ সুবিধা আৰু প্ৰথমতে পাতল উপযোগিতা হেলিকপ্টাৰ (এলইউএইচ) প্ৰস্তুত কৰিব। লুএইচৰ ডিজাইন সম্পূৰ্ণৰূপে থলুৱা। ই হৈছে এক বিকশিত ৩ টনশ্ৰেণী, একক ইঞ্জিনৰ বহুমুখী হেলিকপ্টাৰ যাৰ উচ্চ প্ৰদৰ্শনৰ অনন্য বৈশিষ্ট্য আছে।

কাৰখানাটো লাইট কমবেট হেলিকপ্টাৰ (এলচিএইচ) আৰু ইণ্ডিয়ান মাল্টিৰোল হেলিকপ্টাৰ (আইএমআৰএইচ)ৰ দৰে অন্যান্য হেলিকপ্টাৰ নিৰ্মাণৰ লগতে ভৱিষ্যতে এলচিএইচ, এলইউএইচ, চিভিল এএলএইচ আৰু আইএমআৰএইচৰ মেৰামতি আৰু আমূল পৰিৱৰ্তনৰ বাবে সম্প্ৰসাৰিত কৰা হ'ব। কাৰখানাটোত ভৱিষ্যতে অসামৰিক এলইউএইচ ৰপ্তানি কৰাৰ সম্ভাৱনা আছে।

এই সুবিধাই ভাৰতক দেশীয়ভাৱে হেলিকপ্টাৰৰ প্ৰতিটো প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু হেলিকপ্টাৰ ডিজাইন, বিকাশ আৰু নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম কৰিব।

কাৰখানাটোৱে উদ্যোগ ৪.০ মানদণ্ডৰ এটা নিৰ্মাণ প্ৰটোটাইপ প্ৰস্তুত কৰিব। পৰৱৰ্তী ২০ বছৰত, এইচ.এ.এল. টুমাকুৰুৱে তিনিৰ পৰা ১৫ টনৰ ভিতৰত ১০০০ তকৈও অধিক হেলিকপ্টাৰ উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে। ই অঞ্চলটোৰ প্ৰায় ৬০০০ লোকক নিযুক্তি প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে টুমাকুৰু ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপৰ আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত, তিনিটা পৰ্যায়ত টুমাকুৰুত ৮৪৮৪ একৰত বিস্তৃত ঔদ্যোগিক নগৰৰ বিকাশ চেন্নাই-বেংগালুৰু ঔদ্যোগিক কৰিডৰৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে টিপ্টুৰ আৰু টুমাকুৰুৰ চিক্কানায়কন হাল্লিত দুটা জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। টিপ্টুৰ বহুগ্ৰাম খোৱা পানী যোগান প্ৰকল্পটো ৪৩০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। চিক্কানায়কন হাল্লি তালুকৰ ১৪৭ টা জনপদৰ বাবে বহু-গাওঁপানী যোগান আঁচনিপ্ৰায় ১১৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্পসমূহে অঞ্চলটোৰ লোকসকলক বিশুদ্ধ খোৱা পানী প্ৰদান কৰিব।

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
Indian Air Force’s Made-in-India Samar-II to shield India’s skies against threats from enemies

Media Coverage

Indian Air Force’s Made-in-India Samar-II to shield India’s skies against threats from enemies
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to launch more than 2000 railway infrastructure projects worth around Rs. 41,000 crores on 26th February
February 25, 2024
PM to lay foundation stone for redevelopment of 553 railway stations under Amrit Bharat Station Scheme at a cost of over Rs. 19,000 crores
PM to also inaugurate redeveloped Gomti Nagar Railway Station
PM to lay foundation stone, inaugurate and dedicate to the nation 1500 Road Over Bridges and Underpasses across the country at a cost of around Rs. 21,520 crores

Prime Minister Shri Narendra Modi will lay the foundation stone, inaugurate and dedicate to the Nation around 2000 railway infrastructure projects worth more than Rs. 41,000 crores on 26th February at 12:30 PM via video conferencing.

Prime Minister has often emphasised the importance of providing world class amenities at railway stations. In a major step in this endeavour, Prime Minister will lay the foundation stone for redevelopment of 553 railway stations under the Amrit Bharat Station Scheme. These stations, spread across 27 States and Union Territories, will be redeveloped at a cost of over Rs. 19,000 crores. These stations will act as ‘City Centres’ integrating both sides of the city. They will have modern passenger amenities like roof plaza, beautiful landscaping, inter modal connectivity, improved modern façade, kids play area, kiosks, food courts, etc. They will be redeveloped as environment friendly and also Divyang friendly. The design of these station buildings will be inspired by local culture, heritage and architecture.

Further, Prime Minister will inaugurate Gomti Nagar station in Uttar Pradesh which has been redeveloped at a total cost of around Rs 385 crores. To cater to the increased future passenger footfall, this station has segregated arrival and departure facilities. It integrates both sides of the city. This centrally air-conditioned station has modern passenger amenities like Air Concourse, congestion free circulation, food courts and ample parking space in upper and lower basement.

Prime Minister will also lay the foundation stone, inaugurate and dedicate to the nation 1500 Road Over Bridges and Underpasses. These Road Over Bridges and Underpasses spread across 24 States and Union Territories, the total cost of these projects is around Rs. 21,520 crores. These projects will reduce congestion, enhance safety and connectivity, improve capacity, and efficiency of rail travel.