প্ৰধানমন্ত্ৰীয়ে চিক্কাবল্লাপুৰত শ্ৰী মধুসূদন সাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে বাংগালুৰু মেট্ৰ'ৰ হোৱাইটফিল্ড (কাদুগোডি) ৰ পৰা কৃষ্ণৰাজপুৰা মেট্ৰ' লাইন উদ্বোধন কৰিব
এই মেট্ৰ' লাইনে যাতায়াত আৰু অধিক সহজ কৰি তুলিব আৰু চহৰখনত যান-জঁট হ্ৰাস হ'ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ মাৰ্চ, ২০২৩ তাৰিখে কৰ্ণাটক ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে চিক্কাবল্লাপুৰত শ্ৰী মধুসূদন সাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে বাংগালুৰু মেট্ৰ'ৰ হোৱাইটফিল্ড (কাদুগোডি)ৰ পৰা কৃষ্ণৰাজপুৰা মেট্ৰ' লাইনটো  উদ্বোধন কৰিব আৰু মেট্ৰ'ত যাত্ৰাও কৰিব।

চিক্কাবল্লাপুৰত প্ৰধানমন্ত্ৰী

শিক্ষাৰ্থীসকলক নতুন সুযোগ লাভ কৰাত আৰু এই অঞ্চলত সুলভ আৰু সস্তীয়া স্বাস্থ্যসেৱা প্ৰদান কৰাত সহায় কৰিব পৰাকৈ এক প্ৰচেষ্টাৰে প্ৰধানমন্ত্ৰীয়ে শ্ৰী মধুসূদন সাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান (এছএমএছআইএমএছআৰ) উদ্বোধন কৰিব। এই প্ৰতিষ্ঠান শ্ৰী সত্য সাই ইউনিভাৰ্ছিটি ফৰ হিউমেন এক্সিলেন্সৰ দ্বাৰা চিক্কাবল্লাপুৰৰ মুদ্দেনাহাল্লিৰ সত্য সাই গ্ৰামত প্ৰতিষ্ঠা কৰা হৈছে। গ্ৰাম্য এলেকাত অৱস্থিত আৰু চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱাৰ বাণিজ্যিকীকৰণৰ দৃষ্টিভংগীৰে প্ৰতিষ্ঠিত, এছএমএছআইএমএছআৰ-এ সকলোকে সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ চিকিৎসা শিক্ষা আৰু মানসম্পন্ন চিকিৎসা সেৱা প্ৰদান কৰিব। প্ৰতিষ্ঠানটোৱে ২০২৩ চনৰ শিক্ষাবৰ্ষৰ পৰা কাম-কাজ আৰম্ভ কৰিব।

বাংগালুৰুত প্ৰধানমন্ত্ৰী

সমগ্ৰ দেশতে বিশ্বমানৰ নগৰীয় যাতায়াত আন্তঃগাঁথনিৰ বিকাশৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে বাংগালুৰু মেট্ৰ' পৰ্যায়-২ৰ অধীনত ৰিচ-১ সম্প্ৰসাৰণ প্ৰকল্পৰ ১৩.৭১ কিলোমিটাৰ দূৰত্বৰ হোৱাইটফিল্ড (কাদুগোডি) মেট্ৰ'ৰ পৰা কৃষ্ণৰাজপুৰা মেট্ৰ' লাইনটোৰ উদ্বোধন হোৱাইটফিল্ড (কাদুগোডি) মেট্ৰ' ষ্টেচনত কৰিব। প্ৰায় ৪২৫০ কোটি টকা ব্যয়েৰে নিৰ্মিত এই মেট্ৰ' লাইনৰ উদ্বোধনে বাংগালুৰুৰ যাত্ৰীসকলক এক পৰিষ্কাৰ, সুৰক্ষিত, দ্ৰুত আৰু আৰামদায়ক ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব, যাতায়াতৰ সহজতা বৃদ্ধি কৰিব আৰু চহৰখনত যান-জঁট হ্ৰাস কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win