প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত ২৭,০০০ কোটি টকাৰ একাধিক ৰে'ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
বেংগালুৰু উপনগৰীয় ৰে'ল প্ৰকল্প, বেংগালুৰু কেণ্টনমেণ্ট আৰু যশৱন্তপুৰ জংচন ৰেল ষ্টেচনৰ পুনৰ্বিকাশ প্ৰকল্প, বেংগালুৰু ৰিং ৰোড প্ৰকল্পৰ দুটা শাখা, একাধিক পথ উন্নীতকৰণ প্ৰকল্প আৰু বেংগালুৰুত মাল্টিমডেল লজিষ্টিক পাৰ্কৰ আধাৰশিলা স্থাপন কৰা হ'ব
প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰথম শীতাতপ নিয়ন্ত্ৰিত ৰে'ল ষ্টেচন, কোংকণ ৰে'ল লাইনৰ ১০০ শতাংশ বৈদ্যুতিকৰণ প্ৰকল্প আৰু অন্যান্য ৰে'ল প্ৰকল্পসমূহ জাতিৰ উদ্দ্যেশ্যে উৎসৰ্গা কৰিব
প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ আইআইএছচিত বাগচী পাৰ্থসাৰথি মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব আৰু চেণ্টাৰ ফৰ ব্ৰেইন ৰিচাৰ্ছ উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে ডঃ বি আৰ আম্বেদকাৰ স্কুল অৱ ইকনমিক্স (বিএএছই) বিশ্ববিদ্যালয়, বেংগালুৰুৰ নতুন চৌহদ উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪৬০০ কোটি টকা ব্যয়েৰে নিৰ্মিত ১৫০টা 'প্ৰযুক্তি কেন্দ্ৰ' জাতিৰ উদ্দ্যেশ্যে উৎসৰ্গা কৰিব
প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুৰ ডঃ বি আৰ আম্বেদকাৰ স্কুল অৱ ইকনমিক্স (বিএএছই) বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰিব।
২১ জুনৰ পুৱা প্ৰায় ৬:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মহীশূৰ প্ৰাসাদৰ খেলপথাৰত এক সামূহিক যোগ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব।
কোংকণ ৰেলপথৰ বৈদ্যুতিকৰণ ১২৮০ কোটিতকৈও অধিক ব্যয়েৰে কৰা হৈছে।
তেওঁ জাতিৰ উদ্দ্যেশ্যে ১৫০টা 'প্ৰযুক্তি কেন্দ্ৰ' উৎসৰ্গা কৰিব যিসমূহ কৰ্ণাটকৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ (আইটিআই) পৰিৱৰ্তনৰ দ্বাৰা বিকশিত কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু কেণ্টৰ আৰু যশৱন্তপুৰ জংচন ৰেল ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলাও স্থাপন কৰিব, যিসমূহ ক্ৰমশঃ প্ৰায় ৫০০ কোটি আৰু ৩৭৫ কোটি টকা ব্যয়েৰে বিকশিত কৰা হ'ব।
প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু কেণ্টৰ আৰু যশৱন্তপুৰ জংচন ৰেল ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলাও স্থাপন কৰিব, যিসমূহ ক্ৰমশঃ প্ৰায় ৫০০ কোটি আৰু ৩৭৫ কোটি টকা ব্যয়েৰে বিকশিত কৰা হ'ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ আৰু ২১ জুন, ২০২২ তাৰিখে কৰ্ণাটক ভ্ৰমণ কৰিব। ২০ জুনৰ নিশা প্ৰায় ১২:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আইআইএছচি) বেংগালুৰু ভ্ৰমণ কৰিব, য'ত তেওঁ চেণ্টাৰ ফৰ ব্ৰেইন ৰিচাৰ্ছ (চিবিআৰ) উদ্বোধন কৰিব আৰু বাগচী-পাৰ্থসাৰথি মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। দুপৰীয়া প্ৰায় ১:৪৫ বজাত তেওঁ বেংগালুৰুৰ ডঃ বি আৰ আম্বেদকাৰ স্কুল অৱ ইকনমিক্স (বেছ) পৰিদৰ্শন কৰিব, য'ত তেওঁ বেছ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰিব আৰু ডঃ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ জাতিৰ উদ্দ্যেশ্যে ১৫০টা 'প্ৰযুক্তি কেন্দ্ৰ' উৎসৰ্গা কৰিব যিসমূহ কৰ্ণাটকৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ (আইটিআই) পৰিৱৰ্তনৰ দ্বাৰা বিকশিত কৰা হৈছে। তাৰ পিছতে দুপৰীয়া প্ৰায় ২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুৰ কোম্মাঘাট্টাত উপস্থিত হ'ব, য'ত তেওঁ ২৭,০০০ কোটি টকাৰ একাধিক ৰে'ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। তাৰ পিছত সন্ধিয়া প্ৰায় ৫:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে মহীশূৰৰ মহাৰাজা মহাবিদ্যালয় খেলপথাৰত এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব য'ত তেওঁ নাগানাহাল্লি ৰে'ল ষ্টেচনত কোচিং টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব আৰু অল ইণ্ডিয়া ইনষ্টিটিউট অৱ স্পীচ এণ্ড হিয়াৰিং (এআইআইএছ)ত 'কমিউনিকেশ্যন ডিচঅৰ্ডাৰ থকা ব্যক্তিসকলৰ বাবে এক উৎকৃষ্টতা কেন্দ্ৰ' দেশবাসীক উৎসৰ্গা কৰিব। তাৰ পিছতে সন্ধিয়া প্ৰায় ৭ বজাত প্ৰধানমন্ত্ৰীয়ে মহীশূৰৰ শ্ৰী চুত্তুৰ মঠ পৰিদৰ্শন কৰিব আৰু সন্ধিয়া প্ৰায় ৭:৪৫ বজাত তেওঁ মহীশুৰৰ শ্ৰী চামুণ্ডেশ্বৰী মন্দিৰ পৰিদৰ্শন কৰিব।

২১ জুনৰ পুৱা প্ৰায় ৬:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মহীশূৰ প্ৰাসাদৰ খেলপথাৰত এক সামূহিক যোগ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব।

 

বাংগালুৰুত প্ৰধানমন্ত্ৰী

বাংগালুৰুত গতিশীলতা বৃদ্ধি আৰু যোগাযোগ বৃদ্ধিৰ দিশত এক পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু উপনগৰীয় ৰে'ল প্ৰকল্পৰ (বিএছআৰপি) আধাৰশিলা স্থাপন কৰিব, যিয়ে বেংগালুৰু চহৰক ইয়াৰ উপনগৰ আৰু ইয়াৰ সৈতে সংযোজিত নগৰৰ সৈতে সংযোগ কৰিব। ১৫,৭০০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পটোত মুঠ ১৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪টা কৰিডৰৰ পৰিকল্পনা কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু কেণ্টৰ আৰু যশৱন্তপুৰ জংচন ৰেল ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলাও স্থাপন কৰিব, যিসমূহ ক্ৰমশঃ প্ৰায় ৫০০ কোটি আৰু ৩৭৫ কোটি টকা ব্যয়েৰে বিকশিত কৰা হ'ব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বাইয়াপ্পানাহাল্লিত ভাৰতৰ প্ৰথমটো শীতাতপ নিয়ন্ত্ৰিত ৰে'ল ষ্টেচন ছাৰ এম বিশ্বেশ্বৰায় ৰে'ল ষ্টেচন দেশবাসীক উৎসৰ্গা কৰিব, যিটো মুঠ ৩১৫ কোটি টকা ব্যয়েৰে আধুনিক বিমানবন্দৰৰ আৰ্হিত বিকশিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উদুপী, মাদাগাঁও আৰু ৰত্নগিৰিৰ পৰা বৈদ্যুতিক ৰে'লৰ পতাকা উত্তোলনৰ জৰিয়তে ৰোহা (মহাৰাষ্ট্ৰ)ৰ পৰা থোকুৰ (কৰ্ণাটক)লৈ কোংকন ৰে'লপথৰ (প্ৰায় ৭৪০ কিলোমিটাৰ) ১০০ শতাংশ বৈদ্যুতিকৰণৰ কামো ৰাষ্ট্ৰক উৎসৰ্গা কৰিব। কোংকণ ৰেলপথৰ বৈদ্যুতিকৰণ ১২৮০ কোটিতকৈও অধিক ব্যয়েৰে কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দুটা ৰে'ললাইন দ্বিগুণ প্ৰকল্পঃ আৰ্চিকেৰেৰ পৰা টুমকুৰুলৈ (প্ৰায় ৯৬ কিলোমিটাৰ) আৰু য়েলাহাংকাৰ পৰা পেনুকোণ্ডালৈ (প্ৰায় ১২০ কিলোমিটাৰ)-ৰ বাবে যাত্ৰীবাহী ৰে'ল আৰু এমইএমইউ সেৱা ফ্লেগ অফ কৰি দেশবাসীলৈ উৎসৰ্গা কৰিব। এই দুটা ৰে'ললাইন দুগুণ প্ৰকল্প ক্ৰমান্বয়ে ৭৫০ কোটি টকা আৰু ১১০০ কোটি টকাৰ অধিক ব্যয়েৰে বিকশিত কৰা হৈছে।

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু ৰিং ৰোড প্ৰকল্পৰ দুটা শাখাৰ আধাৰশিলাও স্থাপন কৰিব। ২২৮০ কোটি টকাতকৈও অধিক ব্যয়েৰে বিকশিত হ'বলগীয়া প্ৰকল্পটোৱে চহৰখনত যান-জঁট হ্ৰাস কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে অন্যান্য বিভিন্ন পথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। সেইবোৰ হৈছে- ৰাষ্ট্ৰীয় ঘাইপথ-৪৮ৰ নেলামংগলা-টুমকুৰ শাখাৰ ছয় লেন; ৰাষ্ট্ৰীয় ঘাইপথ-৭৩-ৰ পুঞ্জলকাট্টে-চাৰমাদি শাখা বহল কৰা; ৰাষ্ট্ৰীয় ঘাইপথ-৬৯-ৰ এটা শাখাৰ পুনৰ্সংস্থাপন আৰু উন্নীতকৰণ। এই প্ৰকল্পসমূহত বহন কৰিবলগা সামগ্ৰিক ব্যয় হৈছে প্ৰায় ৩১৫০ কোটি টকা। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৮০০ কোটি টকা ব্যয়েৰে বাংগালুৰুৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত মুদ্দালিংগনাহাল্লিত বিকশিত কৰা মাল্টি মডেল লজিষ্টিক পাৰ্কৰ আধাৰশিলাও স্থাপন কৰিব। ই পৰিবহন, সঞ্চালন আৰু গৌণ মালবহন ব্যয় হ্ৰাস কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুৰ ডঃ বি আৰ আম্বেদকাৰ স্কুল অৱ ইকনমিক্স (বিএএছই) বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰিব। স্বাধীন ভাৰতৰ বিকাশত ডঃ বি আৰ আম্বেদকাৰে আগবঢ়োৱা দৃষ্টান্তমূলক অৱদানৰ স্বীকৃতি স্বৰূপে আৰু তেওঁৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে তেওঁৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে ২০১৭ চনত আৱাসিক বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।

বিএএছই বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ কৰ্ণাটকত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ (আইটিআই) পৰিৱৰ্তনৰ দ্বাৰা বিকশিত কৰা ১৫০ টা 'প্ৰযুক্তি কেন্দ্ৰ' জাতিৰ উদ্দ্যেশ্যে উৎসৰ্গা কৰিব। ৪৬০০ কোটি টকাৰ অধিক ব্যয়েৰে বিকশিত এই অনন্য পদক্ষেপটো বহুতো উদ্যোগৰ অংশীদাৰৰ দ্বাৰা সমৰ্থিত। ইয়াৰ লক্ষ্য হৈছে উদ্যোগ ৪.০ জনশক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ এক দক্ষ কৰ্মচাৰী সৃষ্টি কৰা। এই প্ৰযুক্তি কেন্দ্ৰসমূহে ইয়াৰ বিভিন্ন অভিনৱ পাঠ্যক্ৰমৰ জৰিয়তে অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত উচ্চ দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰিব আৰু নিযুক্তি আৰু উদ্যোগত আইটিআই স্নাতকসকলৰ বাবে সুযোগ উন্নত কৰিব।

আইআইএছচি বেংগালুৰুত প্ৰধানমন্ত্ৰীয়ে মগজু গৱেষণা কেন্দ্ৰ (চিবিআৰ) উদ্বোধন কৰিব, যাৰ আধাৰশিলা প্ৰধানমন্ত্ৰীয়ে নিজেই স্থাপন কৰিছিল। কেন্দ্ৰটো ইয়াৰ এক প্ৰকাৰৰ গৱেষণা সুবিধা হিচাপে বিকশিত কৰা হৈছে আৰু বয়স-সম্পৰ্কীয় মস্তিষ্কৰ বিকাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰমাণ আধাৰিত জনস্বাস্থ্য হস্তক্ষেপ প্ৰদান কৰাৰ বাবে ইয়াত গুৰুত্বপূৰ্ণ গৱেষণা কাৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৮৩২ খন বিচনাযুক্ত বাগচী পাৰ্থসাৰথি মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ৰ আধাৰশিলাও স্থাপন কৰিব। চিকিৎসালয়খন আইআইএছচি বেংগালুৰুৰ চৌহদত বিকশিত কৰা হ'ব আৰু এই প্ৰতিষ্ঠানটোত বিজ্ঞান, অভিযান্ত্ৰিক আৰু চিৎকিসাক একত্ৰিত কৰাত সহায় হব। ই দেশত নিদানিক গৱেষণাক প্ৰধানকৈ প্ৰোৎসাহিত কৰিব আৰু দেশত স্বাস্থ্যসেৱাৰ উন্নতিত সহায় কৰা অভিনৱ উদ্ভাৱনী সমাধান বিচাৰি উলিওৱাৰ দিশত কাম কৰিব।

 

মহীশূৰত প্ৰধানমন্ত্ৰী

মহীশূৰৰ মহাৰাজা মহাবিদ্যালয় খেলপথাৰত এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে নাগনাহাল্লি ৰে'ল ষ্টেচনত উপ-নগৰীয় যান-বাহনৰ বাবে কোচিং টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব, যিটো ৪৮০ কোটি টকাৰ অধিক ব্যয়েৰে বিকশিত কৰা হ'ব। কোচিং টাৰ্মিনেলত এটা এমইএমইউ শ্বেড থাকিব আৰু ই বৰ্তমানৰ মহীশূৰ য়াৰ্ডৰ ভিৰ-ভাৰ হ্ৰাস কৰিব, যাৰ ফলত মহীশূৰৰ পৰা অধিক এমইএমইউ ৰেল সেৱা আৰু দীঘলীয়া দূৰত্বৰ ৰেল চলোৱাত সহায় হব, অঞ্চলটোৰ সংযোগ আৰু পৰ্যটনৰ সম্ভাৱনা দুয়োটাৰে বিকাশ সাধন কৰিব। ইয়াৰ ফলত দৈনিক যাত্ৰীসকলৰ লগতে দীঘলীয়া দূৰত্বৰ গন্তব্যস্থানলৈ যাত্ৰা কৰা সকল উপকৃত হব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ স্পীচ এণ্ড হিয়াৰিং (এআইআইএছ)ত 'কমিউনিকেশ্যন ডিচঅৰ্ডাৰ থকা ব্যক্তিসকলৰ বাবে এক উৎকৃষ্টতা কেন্দ্ৰ' দেশবাসীক উৎসৰ্গা কৰিব। ইয়াত কমিউনিকেশ্যন ডিচঅৰ্ডাৰ থকা ব্যক্তিসকলৰ ৰোগ নিৰ্ণয়, মূল্যাংকন আৰু পুনৰ্সংস্থাপনৰ বাবে অত্যাধুনিক পৰীক্ষাগাৰ আৰু সুবিধা আছে।

 

২১ জুনত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী

২০২২ চনৰ ২১ জুনত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে মহীশূৰৰ মহীশূৰ প্ৰাসাদ খেলপথাৰত এক সামূহিক যোগ প্ৰদৰ্শনত হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীৰ সৈতে অংশগ্ৰহণ কৰিব। স্বাধীনতাৰ অমৃত মহোৎসৱক অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সৈতে একত্ৰিত কৰি, মহীশূৰত প্ৰধানমন্ত্ৰীৰ যোগ প্ৰদৰ্শনৰ লগতে ৭৫ জন কেন্দ্ৰীয় মন্ত্ৰীৰ নেতৃত্বত সমগ্ৰ দেশৰ ৭৫ টা প্ৰতিষ্ঠিত স্থানত সামূহিক যোগ প্ৰদৰ্শনৰ আয়োজন কৰা হ'ব। যোগ প্ৰদৰ্শনসমূহ বিভিন্ন শৈক্ষিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ধৰ্মীয়, কৰ্পোৰেট আৰু অন্যান্য নাগৰিক সমাজ সংগঠনৰ দ্বাৰাও অনুষ্ঠিত হ'ব আৰু ইয়াত সমগ্ৰ দেশৰ কোটি কোটি লোকে অংশগ্ৰহণ কৰিব।

মহীশূৰত প্ৰধানমন্ত্ৰীৰ যোগ কাৰ্যসূচী 'গাৰ্ডিয়ান যোগ ৰিং' নামৰ এক অভিনৱ কাৰ্যসূচীৰো অংশ, যি ৭৯ খন দেশ আৰু ৰাষ্ট্ৰসংঘৰ সংগঠনসমূহৰ লগতে বিদেশত থকা ভাৰতীয় মিছনসমূহৰ সৈতে এক সহযোগিতামূলক অনুশীলন যিয়ে ৰাষ্ট্ৰীয় সীমা অতিক্ৰমি যোগৰ ঐক্যবদ্ধ শক্তিক বৰ্ণনা কৰে । যিদৰে সূৰ্যই স্পষ্ট ৰূপত সমগ্ৰ বিশ্বতে পূবৰ পৰা পশ্চিমলৈ গতি কৰে, সেই একেদৰে সামূহিক যোগ প্ৰদৰ্শনত অংশগ্ৰহণকাৰী দেশসমূহক যদিহে পৃথিৱীৰ যিকোনো এটা বিন্দুৰ পৰা চোৱা যায়, তেতিয়া এনে লাগিব যেন প্ৰায় একেলগে এটাৰ পিছত এটা কৈ ঘটি থকা যেন লাগিব, আৰু এইদৰে 'এক সূৰ্য, এক পৃথিৱী'ৰ ধাৰণাটো প্ৰতিফলিত হয়। এই অভিনৱ কাৰ্যসূচীটো ভাৰতীয় সময়মতে পুৱা ৩ বজাৰ পৰা আৰম্ভ কৰি (ফিজিৰ পৰা সম্প্ৰচাৰিত) ২১জুন, ২০২২ তাৰিখে ভাৰতীয় সময়মতে ১০বজালৈ (চান ফ্ৰাঞ্চিস্কো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা সম্প্ৰচাৰিত) ডিডি ইণ্ডিয়াত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে, মহীশূৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী ভাৰতীয় সময়মতে পুৱা ৬.৩০ বজাৰ পৰা ডিডি ইণ্ডিয়াত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব।

২০১৫ চনৰ পৰা, প্ৰতি বছৰে ২১ জুনত বিশ্বজুৰি আন্তৰ্জাতিক যোগ দিৱস (আইডিৱাই) পালন কৰা হয়। এই বছৰৰ যোগ দিৱসৰ বিষয়বস্তু হৈছে "মানৱতাৰ বাবে যোগ"। কোভিড মহামাৰীৰ সময়ত দুখ-কষ্ট দূৰ কৰাত কিদৰে যোগে মানৱজাতিক সেৱা আগবঢ়াইছিল সেয়া এই বিষয়বস্তুটোৱে দেখুৱাইছে ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Switch Mobility completes delivery of 100 electric buses to Mauritius in India’s largest e-bus export

Media Coverage

Switch Mobility completes delivery of 100 electric buses to Mauritius in India’s largest e-bus export
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM greets everyone on occasion of Baisakhi
April 14, 2026

The Prime Minister Shri Narendra Modi greeted everyone on occasion of Baisakhi today.

In a post on X, he said:

“Wishing you all a happy Baisakhi!”