ছুৰাট, ভাৱনগৰ, আহমেদাবাদ আৰু আম্বাজীত বিস্তৃত কাৰ্যসূচীত প্ৰায় ২৯,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰকল্পসমূহৰ লক্ষ্য হৈছে বিশ্বমানৰ আন্তঃগাঁথনিৰ বিকাশ, গতিশীলতা বৃদ্ধি আৰু সহজ জীৱন-যাপনৰ পৰিৱেশ যথেষ্ট উন্নত কৰা
আহমেদাবাদ মেট্ৰ’ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন আৰু গান্ধীনগৰ-মুম্বাই কেন্দ্ৰীয় বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে
বন্দে ভাৰত এক্সপ্ৰেছ আৰু আহমেদাবাদ মেট্ৰ’তো যাত্ৰা কৰিব প্ৰধানমন্ত্ৰীয়ে
ভাৱনগৰত বিশ্বৰ প্ৰথমটো চিএনজি টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
গুজৰাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
ড্ৰিম চিটীৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে-প্ৰকল্পৰ লক্ষ্য হৈছে ছুৰাটত হীৰা ব্যৱসায়-বাণিজ্যৰ দ্ৰুত বৃদ্ধিৰ পৰিপূৰক পৰিৱেশ গঢ়ি তোলা
প্ৰধানমন্ত্ৰীয়ে নতুন ব্ৰ’ড গজ লাইনৰ আধাৰশিলা স্থাপন কৰিব যিটো লাইনে তীৰ্থযাত্ৰীসকলক আম্বাজীৰ যাত্ৰা সুগম কৰি তুলিব
প্ৰধানমন্ত্ৰীয়ে আম্বাজী মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা অৰ্চনাও কৰিব;
নিশা ৯ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ জিএমডিচি গ্ৰাউণ্ডত নৱৰাত্ৰি উৎসৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷
ইয়াৰ পিছত প্ৰায় ৭:৪৫ বজাত তেওঁ গব্বৰ তীৰ্থত মহা আৰতিত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ আৰু ৩০ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব৷ ২৯ ছেপ্টেম্বৰৰ প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ছুৰাটত ৩,৪০০ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিব৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ভাৱনগৰলৈ যাত্ৰা কৰিব৷ ভাৱনগত বিয়লি প্ৰায় ২ বজাত তেওঁ ৫,২০০ কোটি টকা ব্যয় সাপেক্ষ একাধিক উন্নয়নমুলক কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন কৰিব৷ সন্ধিয়া প্ৰায় ৭ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰিব৷ নিশা ৯ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ জিএমডিচি গ্ৰাউণ্ডত নৱৰাত্ৰি উৎসৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ 

৩০ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰ ষ্টেচনত গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰি তাৰ পৰা কালুপুৰ ৰে’লৱে ষ্টেচনলৈ ৰে’লযোগে যাত্ৰা কৰিব। পুৱা প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ ফ্লেগ অফ কৰি কালুপুৰ ষ্টেচনৰ পৰা দূৰদৰ্শন কেন্দ্ৰ মেট্ৰ’ ষ্টেচনলৈ মেট্ৰ’যোগে যাত্ৰা কৰিব। দুপৰীয়া প্ৰায় ১২ বজাত আহমেদাবাদৰ আহমেদাবাদ এডুকেচন ছ’চাইটিত এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ মেট্ৰ’ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰিব। ইয়াৰ পিছত বিয়লি প্ৰায় ৫:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে আম্বাজীত ৭,২০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিব। সন্ধিয়া প্ৰায় ৭ বজাত প্ৰধানমন্ত্ৰীয়ে আম্বাজী মন্দিৰত দৰ্শন কৰাৰ লগতে পূজা অৰ্চনা কৰিব। ইয়াৰ পিছত প্ৰায় ৭:৪৫ বজাত তেওঁ গব্বৰ তীৰ্থত মহা আৰতিত অংশগ্ৰহণ কৰিব।

এই ব্যাপক উন্নয়নমূলক প্ৰকল্পসমূহৰ উদ্বোধন আৰু আধাৰশিলাই বিশ্বমানৰ আন্তঃগাঁথনি উন্নয়ন, নগৰীয়া গতিশীলতা বৃদ্ধি আৰু বহু-আৰ্হিৰ সংযোগ উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। সাধাৰণ মানুহৰ জীৱন-যাপনৰ সহজ আৰু উন্নত কৰাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে নিৰন্তৰ মনোনিৱেশ কৰাটোকে ইয়াৰ জৰিয়তে প্ৰদৰ্শিত কৰা হৈছে।

ছুৰাটত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিব। ইয়াৰ ভিতৰত পানী যোগানৰ কাম, নিষ্কাশন প্ৰকল্প, ড্ৰিম চিটী, জৈৱ বৈচিত্ৰ্য উদ্যান আৰু অন্যান্য উন্নয়নমূলক কাম যেনে—ৰাজহুৱা আন্তঃগাঁথনি, ঐতিহ্য পুনৰুদ্ধাৰ, চিটী বাছ/বিআৰটিএছ আন্তঃগাঁথনি, বৈদ্যুতিক বাহনৰ আন্তঃগাঁথনিৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ উন্নয়নমূলক কাম অন্তৰ্ভূক্ত আছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰথম পৰ্যায়ৰ পথ আন্তঃগাঁথনিৰ কাম আৰু ডাইমণ্ড ৰিচাৰ্চ এণ্ড মাৰ্কেণ্টাইল (ড্ৰিম) চিটীৰ মূল প্ৰৱেশদ্বাৰ উদ্বোধন কৰিব। ছুৰাটত হীৰা ব্যৱসায়-বাণিজ্যৰ দ্ৰুত বৃদ্ধিৰ পৰিপূৰক হিচাপে বাণিজ্যিক আৰু আৱাসিক স্থানৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ দৃষ্টিভংগীৰে ড্ৰিম চিটী প্ৰকল্প আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ৰ কামৰো আধাৰশিলাও স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ড০ হেডগেৱাৰ দলঙৰ পৰা ভীমৰাড-বামৰল্লী দলঙলৈকে ৮৭ হেক্টৰতকৈ অধিক ভূমিত নিৰ্মাণ কৰি থকা জৈৱ বৈচিত্ৰ্য উদ্যানৰ আধাৰশিলা স্থাপন কৰিব৷ ছুৰাটৰ বিজ্ঞান কেন্দ্ৰত খোজ সংগ্ৰহালয় উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। শিশুৰ বাবে নিৰ্মিত এই সংগ্ৰহালয়টোত ইণ্টাৰেক্টিভ প্ৰদৰ্শন, অনুসন্ধানভিত্তিক কাৰ্য্যকলাপ আৰু অনুসন্ধানভিত্তিক অন্বেষণৰ ব্যৱস্থা থাকিব।

ভাৱনগৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ভাৱনগৰত ৫,২০০ কোটি টকা ব্যয়সাপে এলানি প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ভাৱনগৰত বিশ্বৰ প্ৰথমটো চিএনজি টাৰ্মিনেল আৰু ব্ৰাউনফিল্ড বন্দৰৰ আধাৰশিলা স্থাপন কৰিব। ৪,০০০ কোটিৰো অধিক টকা ব্যয়েৰে এই বন্দৰটো গঢ়ি তোলা হ’ব আৰু ইয়াত বিশ্বৰ প্ৰথমটো চিএনজি টাৰ্মিনেলৰ বাবে অত্যাধুনিক আন্তঃগাঁথনি থাকিব আৰু লগতে বিশ্বৰ চতুৰ্থ বৃহত্তম লক গেট ব্যৱস্থাও থাকিব। চিএনজি টাৰ্মিনেলৰ উপৰি এই বন্দৰটোৱে অঞ্চলটোৰ আগন্তুক বিভিন্ন প্ৰকল্পৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা আৰু চাহিদাও পূৰণ কৰিব। বন্দৰটোত থাকিব অত্যাধুনিক কণ্টেইনাৰ টাৰ্মিনেল, বহুমুখী টাৰ্মিনেল আৰু লিকুইড টাৰ্মিনেলৰ সৈতে বৰ্তমানৰ পথ আৰু ৰে’লৱে নেটৱৰ্কৰ সৈতে প্ৰত্যক্ষ ঘৰে ঘৰে সংযোগৰ ব্যৱস্থা। ই কেৱল মালবাহী সামগ্ৰী পৰিচালনাৰ ক্ষেত্ৰত ব্যয় ৰাহি কৰাত অৰ্থনৈতিক লাভৰ সৃষ্টি কৰাই নহয়, অঞ্চলটোৰ লোকসকলৰ বাবে কৰ্মসংস্থাপনো সৃষ্টি কৰিব। লগতে, চিএনজি আমদানি টাৰ্মিনেলে স্বচ্ছ শক্তিৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে শক্তিৰ অতিৰিক্ত বিকল্প উৎস প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২০ একৰ ভূমিত বিস্তৃত আৰু প্ৰায় ১০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ভাৱনগৰৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰটোও উদ্বোধন কৰিব। কেন্দ্ৰটোত মেৰাইন একুৱাটিক গেলেৰী, অটোম’বাইল গেলেৰী, নোবেল বঁটা গেলেৰী - ফিজিঅ’লজি আৰু মেডিচিন, ইলেক্ট্ৰ’ মেকানিক্স গেলেৰী, বায়’লজি চাইন্স গেলেৰীকে ধৰি কেইবাটাও বিষয়বস্তভিত্তিক গেলেৰী আছে। এই কেন্দ্ৰই শিশুসকলৰ বাবে এনিমেট্ৰনিক ডাইনোছৰ, বিজ্ঞান বিষয়ভিত্তিক পুতলা ৰে’ল, প্ৰকৃতি অন্বেষণ ভ্ৰমণ, গতি চিমুলেটৰ, স্থানান্তৰযো্গ্য সৌৰ নিৰীক্ষণ কেন্দ্ৰ আদিৰ দৰে বৰ্হি সুবিধাসমূহৰ  জৰিয়তেও শিশুসকলৰ বাবে আৱিষ্কাৰ আৰু অন্বেষণৰ বাবে এক সৃষ্টিশীল মঞ্চ প্ৰদান কৰিব।

এই কার্যসূচীৰ সময়ত প্রধানমন্ত্রীয়ে ছেউনী যোজনা লিংক ২, ২৫ মেগাৱাট পলিতানা সৌৰ পিভি প্রকল্প, এপিপিএল কণ্টেইনাৰ (আৱাদক্রুপা প্লাষ্টোমেক প্রাইভেট লিমিটেড) প্রকল্পৰ পেকেজ ৭কে ধৰি অন্যান্য বিভিন্ন প্রকল্পৰো উদ্বোধন কৰিব; আৰু ছেউনি য়োহনা লিংক ২ৰ পেকেজ ৯, চোৰভাডলা মণ্ডল পানী যোগান প্ৰকল্প আদিকে ধৰি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

 

আহমেদাবাদত প্ৰধানমন্ত্ৰী

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আয়োজন কৰা এক ভব্য অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মুকলি হোৱা বুলি ঘোষণা কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰা দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকল উদ্দেশ্যি ভাষণো আগবঢ়াব।এই অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেশাৰত বিশ্বমানৰ “স্বৰ্ণীম গুজৰাট ক্ৰীড়া বিশ্ববিদ্যালয়”ও উদ্বোধন কৰিব। এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৱে দেশৰ ক্ৰীড়া শিক্ষাৰ পৰিৱেশক সলনি কৰিব বুলি আশা কৰা হৈছে।

গুজৰাটত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছে। ২৯ ছেপ্টেম্বৰৰ পৰা ১২ অক্টোবৰ, ২০২২ লৈকে এই ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫,০০০ খেলুৱৈ, প্ৰশিক্ষক আৰু বিষয়াবৰ্গই ৩৬টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব, যিটো  এতিয়ালৈকে অনুষ্ঠিত প্ৰতিযোগিতাৰ ভিতৰত সৰ্ববৃহৎ ৰাষ্ট্ৰীয় ক্ৰীড়া হিচাপে পৰিগণিত হ’ব। আহমেদাবাদ, গান্ধীনগৰ, ছুৰাট, বদোদৰা, ৰাজকোট, ভাৱনগৰ আদি ৬খন চহৰত আয়োজন কৰা হ’ব ক্ৰীড়া প্ৰতিযোগিতা। তদানিন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গুজৰাটে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এক শক্তিশালী ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তোলাৰ যাত্ৰাত অৱতীৰ্ণ হৈছিল, যিটো অতি কম সময়ৰ ভিতৰতে ৰাজ্যখনক খেলৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিছিল।

আহমেদাবাদৰ এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ মেট্ৰ’ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰিব। ইয়াত এপাৰেল পাৰ্কৰ পৰা থালটেজলৈকে প্ৰায় ৩২ কিলোমিটাৰ পূব-পশ্চিম কৰিড’ৰ আৰু মটেৰাৰ পৰা গ্যাছপুৰলৈ উত্তৰ-দক্ষিণ কৰিড’ৰ অন্তৰ্ভুক্ত কৰা হৈছে। পূব-পশ্চিম কৰিড’ৰৰ থালটেজ-ভাষ্ট্ৰল পথত ১৭টা ষ্টেচন আছে। এই কৰিড’ৰত চাৰিটা ষ্টেচন থকা ৬.৬ কিলোমিটাৰ মাটিৰ তলৰ যোৱা অংশও আছে। গ্যাছপুৰৰ সৈতে মটেৰা ষ্টেডিয়াম সংযোগ কৰা ১৯ কিলোমিটাৰ উত্তৰ-দক্ষিণ কৰিড’ৰত আছে ১৫টা ষ্টেচন। ৫০ ১২,৯০০ কোটিতকৈ অধিক  টকা ব্যয়েৰে সমগ্ৰ প্ৰথম পৰ্যায়ৰ প্ৰকল্পৰ কাম নিৰ্মাণ কৰা হৈছে। আহমেদাবাদ মেট্ৰ' হৈছে এটা বৃহৎ অত্যাধুনিক আন্তঃগাঁথনি প্ৰকল্প য'ত মাটিৰ তলৰ সুৰংগ, ভায়াডাক্ট আৰু দলং, উচ্চ আৰু ভূগৰ্ভস্থ ষ্টেচনৰ ভৱন, বিস্ফোৰণমুক্ত ৰে'ল ট্ৰেক আৰু চালকবিহীন ৰে'ল পৰিচালনা অনুসৰি ৰোলিং ষ্টক আদি জড়িত হৈ আছে, যিটোৱে শক্তিৰ ব্যৱহাৰৰ প্ৰায় ৩০-৩৫% ৰাহি কৰিব। ৰে’লখনত অত্যাধুনিক ছাচপেনচন ব্যৱস্থা আছে যিটোৱে যাত্ৰীসকলক অতি মসৃণভাৱে যাত্ৰা কৰাৰ অভিজ্ঞতা প্ৰদান কৰিব। আহমেদাবাদৰ প্ৰথম পৰ্যায়ৰ মেট্ৰ’ প্ৰকল্পৰ উদ্বোধন কৰিলে মহানগৰীৰ জনসাধাৰণক বিশ্বমানৰ মাল্টি ম’ডেল সংযোগৰ সুবিধা হ’ব। ভাৰতীয় ৰে’লৱে, আৰু বাছ ব্যৱস্থা (বিআৰটিএছ, জিএছআৰটিচি আৰু চিটি বাছ সেৱা)ৰ সৈতে মাল্টি ম’ডেল সংযোগ প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৰাণীপ, বদজ, এইচি ষ্টেচন আদিত বিআৰটিএছৰ সৈতে আৰু গান্ধীধাম, কালুপুৰ আৰু সবৰমতী ষ্টেচনত ভাৰতীয় ৰে’লৱেৰ সৈতে সংযোগ আছে। কালুপুৰত মেট্ৰ’ লাইনটো মুম্বাই আৰু আহমেদাবাদক সংযোগ কৰা ক্ষিপ্ৰগতিৰ ৰে’ল ব্যৱস্থাৰ সৈতে সংযোগ কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰ আৰু মুম্বাইৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ নতুন আৰু উন্নীতকৰণ সংস্কৰণো উদ্বোধন কৰিব। বন্দে ভাৰত এক্সপ্ৰেছত অসংখ্য উচ্চমানৰ আৰু বিমানৰ দৰে ভ্ৰমণ অভিজ্ঞতা আছে। ইয়াত থলুৱাভাৱে বিকশিত কৰা ট্ৰেইন কলিজিন এভয়ডেন্স চিষ্টেম-কাভাচকে ধৰি উন্নত অত্যাধুনিক সুৰক্ষা বৈশিষ্ট্যৰে সজ্জিত কৰা হৈছে। সকলো শ্ৰেণীতে পিছলৈ হাউলি যাব পৰা আসন থকাৰ বিপৰীতে এক্সিকিউটিভ কোচসমূহ ১৮০ ডিগ্ৰী ঘূৰণসক্ষম আসনৰ অতিৰিক্ত বৈশিষ্ট্য আছে। প্ৰতিটো কোচত ৩২ ইঞ্চি স্ক্ৰীণ আছে যাৰ জৰিয়তে যাত্ৰীসকলক তথ্য আৰু মনোৰঞ্জন প্ৰদান কৰিব৷

আম্বাজীত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে আম্বাজীত ৭২০০ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত ৪৫,০০০ অধিক গৃহ উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰসাদ আঁচনিৰ অধীনত তৰংগা পাহাৰ–আম্বাজী-আবু ৰোড নিউ ব্ৰ’ড গজ লাইনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আম্বাজী মন্দিৰত তীৰ্থযাত্ৰাৰ সুবিধা গঢ়ি তুলিব। এই নতুন ৰে’ল লাইনে ৫১খন শক্তিপীঠৰ ভিতৰত অন্যতম আম্বাজীলৈ অহা লাখ লাখ ভক্তক উপকৃত কৰিব আৰু এই আটাইকেইটা তীৰ্থস্থানতে ভক্তসকলৰ পূজা অৰ্চনা কৰাৰ অভিজ্ঞতাৰে সমৃদ্ধ কৰিব। আধাৰশিলা স্থাপন কৰিবলগীয়া আন আন প্ৰকল্পসমূহৰ ভিতৰত দীছাত বায়ুসেনা ষ্টেচন, ৰাণৱে আৰু সংশ্লিষ্ট আন্তঃগাঁথনি নিৰ্মাণ;  আম্বাজী বাইপাছ ৰোড উল্লেখযোগ্য।

প্ৰধানমন্ত্ৰীয়ে পশ্চিম মালবাহী ৰে’লৰ নামত উচৰ্গিত কৰিড’ৰৰ ৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিউ পালনপুৰ-নিউ মহেছানা অংশ আৰু ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিউ পালনপুৰ-নিউ চাটোদৰ অংশ (পালনপুৰ বাইপাছ লাইন) উচৰ্গা কৰিব। ইয়াৰ জৰিয়তে গুজৰাটৰ পিপাৱভ, দীনদয়াল বন্দৰ প্ৰাধিকৰণ (কন্দলা), মুন্দ্ৰা আদি বন্দৰসমূহৰ সৈতে সংযোগ বৃদ্ধি কৰিব। এই অংশসমূহ মুকলি হোৱাৰ লগে লগে পশ্চিম নিৰ্দিষ্ট মালবাহী কৰিড’ৰৰ ৭৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ কাৰ্যক্ষম হ’ব। এই অংশ মুকলি কৰিলে গুজৰাটৰ মেহছানা-পালনপুৰৰ উদ্যোগসমূহ; স্বৰূপগঞ্জ, কেশৱগঞ্জ, ৰাজস্থানৰ কিষানগড়; হাৰিয়ানাৰ ৰেৱাৰী-মনেছাৰ আৰু নৰনৌল লাভৱান হ’ব। প্ৰধানমন্ত্ৰীয়ে মিঠা-থাৰাড-দীছা পথ বহলীকৰণৰ লগতে অন্যান্য বিভিন্ন গড়কাপ্তানি প্ৰকল্পও দেশবাসীৰ নামত উচৰ্গা কৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: Prime Minister’s State Visit to Uzbekistan
August 30, 2026

MoUs and Agreements

Sl. No.

Title

1.

Cultural Exchange Programme between the Government of the Republic of India and the Government of the Republic of Uzbekistan for the years 2026-30.

2.

Letter of Intent between the Ministry of External Affairs of the Republic of India and the Cultural Heritage Agency of the Republic of Uzbekistan for the conservation and restoration of ancient buddhist sites of Fayaz Tepa and KaraTepa located in Termez, Uzbekistan.

3.

Memorandum of Understanding on Cooperation in the field of archival work between the National Archives under the Ministry of Culture of India and the Agency "Uzarchive" under the Ministry of Justice of the Republic of Uzbekistan.

4.

Memorandum of Understanding between the Government of the Republic of India and the Government of the Republic of Uzbekistan on cooperation in the field of Ayurveda and other traditional systems of medicine.

5.

Memorandum of Understanding between the Ministry of Mines of the Republic of India and Ministry of Mining Industry and Geology of the Republic of Uzbekistan on Cooperation in the fields of Geology and Mineral Resources.

6.

Partnership Program on cooperation between the Ministry of Tourism of the Republic of India and the Tourism Committee of the Republic of Uzbekistan in the field of tourism for 2026-28.

7.

Memorandum of Understanding between The Sushma Swaraj Institute of Foreign Service, Ministry of External Affairs, Republic of India and the Diplomatic Academy at the University of World Economy and Diplomacy, Ministry of Foreign Affairs of the Republic of Uzbekistan.

8.

Memorandum of Understanding (MoU) between the Ministry of Finance of the Republic of India and the Ministry of Economy and Finance of the Republic of Uzbekistan for an Economic and Financial Dialogue.

9.

Agreement between the Ministry of Environment and Forest and Climate Change of the Republic of India and National Committee on Ecology and Climate Change of the Republic of Uzbekistan on cooperation in the field of environmental protection.

10.

Memorandum of Understanding between the Government of the Republic of India and the Government of the Republic of Uzbekistan on Cooperation in the Field of Higher Education and Scientific Research.

11.

Cooperation Agreement between the Gujarat state of the Republic of India and the Samarkand region of the Republic of Uzbekistan of establishment of partnership relations.

Announcements

Sl. No.

Title

1.

Elevating the India-Uzbekistan Strategic Partnership to a Comprehensive Strategic Partnership

2.

Grant of USD 1 million for afforestation in the Aral Sea region

3.

 Lal Bahadur Shastri Scholarship for Hindi Language (100 Scholarships)

4.

ICCR Sanskrit Chair at Tashkent State University of Oriental Studies

5.

Commercial Agreement between NPCI International Payments Ltd (NIPL) with National Interbank Processing Centre JSC (NIPC), Uzbekistan to enable UPI Apps of India to scan national QR - UZQR for making merchant payments in Uzbekistan.