প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪৪০০ কোটি টকাৰ ব্যয়সাপেক্ষ পৰিকল্পনাৰ উদ্বোধন আৰু শিলান্যাস কৰিব
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে প্ৰায় ১৯,০০০ লাভাৰ্থীক ঘৰ অৰ্পণ কৰা হ'ব
প্ৰধানমন্ত্ৰী গিফ্ট চিটীলৈ যাব আৰু এই সময়ত চলিবলগা বিভিন্ন পৰিকল্পনাৰ স্থিতিৰ সমীক্ষা কৰিব
প্ৰধানমন্ত্ৰীয়ে অখিল ভাৰতীয় শিক্ষা সংঘত ভাগ ল'ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ মে'ত গুজৰাট ভ্ৰমণ কৰিব। প্ৰায় চাৰেদহ বজাত পুৱা প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত অখিল ভাৰতীয় শিক্ষা সংঘ অধিৱেশনত ভাগ ল'ব। তাৰ পাছত, তেওঁ বাৰ বজাত দুপৰীয়া গান্ধীনগৰত প্ৰায় ৪৪০০ কোটি টকাৰ ব্যয়সাপেক্ষ বিভিন্ন পৰিকল্পনাৰ উদ্বোধন আৰু শিলান্যাস কৰিব। প্ৰায় তিনি বজাত বিয়লি প্ৰধানমন্ত্ৰী গিফ্ট চিটীলৈ যাব।

বিকাশ পৰিকল্পনাৰ উদ্বোধন আৰু শিলান্যাস

গান্ধীনগৰৰ কাৰ্যক্ৰমৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ২৪৫০ কোটি টকাৰ অধিক ব্যয়সাপেক্ষ বিকাশ পৰিকল্পনাৰ উদ্বোধন আৰু শিলান্যাস কৰিব। ইয়াত চহৰ বিকাশ বিভাগ, পানী যোগান বিভাগ, পথ আৰু যাতায়াত বিভাগ তথা খনি আৰু খনিজ বিভাগৰ পৰিকল্পনা অন্তৰ্ভুক্ত আছে।

যিবিলাক পৰিকল্পনাৰ উদ্বোধন কৰা হ'ব, তাত বনাসকাণ্ঠা জিলাৰ বহুগ্ৰামীণ খোৱাপানী যোগান যোজনা, আহমেদাবাদত নদীৰ ওপৰত অভাৰব্ৰিজ, নাৰোদা জিআইডিচিত অৱশিষ্ট পানী সংগ্ৰহ নেটৱৰ্ক, মেহসাণা তথা আহমেদাবাদত আবৰ্জনা উপচাৰ সংযন্ত্ৰ, দাহেগামত প্ৰেক্ষাগৃহ আদি অন্তৰ্ভুক্ত আছে। যিবিলাক পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰা হ’ব, তাত জুনাগড় জিলাত বাল্ক পাইপলাইন পৰিকল্পনা, গান্ধীনগৰ জিলাত পানী যোগান যোজনাৰ সম্প্ৰসাৰণ, ফ্লাইঅভাৰ ব্ৰিজ, নতুন পানী বিতৰণ ষ্টেচন, বিভিন্ন চহৰ পথৰ নিৰ্মান আদি অন্তৰ্ভুক্ত আছে।

প্ৰধানমন্ত্ৰীয়ে পিএমএৱাই (গ্ৰামীণ আৰু চহৰীয়া) পৰিকল্পনাৰ উদ্বোধন আৰু শিলান্যাসো কৰিব। ইয়াৰ লগতে এই যোজনাৰ জৰিয়তে নিৰ্মিত প্ৰায় ১৯ হাজাৰ ঘৰৰ গৃহ প্ৰৱেশত ভাগ ল'ব। তেওঁ কাৰ্যক্ৰমৰ সময়ত যোজনাৰ লাভাৰ্থীসকলক ঘৰৰ চাবিবিলাক অৰ্পণ কৰিব। এই পৰিকল্পনাৰ মুঠ ব্যয় প্ৰায় ১৯৫০ কোটি টকা।

গিফ্ট চিটীত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে 'গুজৰাট ইণ্টাৰনেচনেল ফাইনেঞ্চ টেক-চিটী' (গিফ্ট চিটী), গান্ধীনগৰ ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ত তেওঁ গিফ্ট চিটীত চলিবলগা বিভিন্ন পৰিকল্পনাৰ স্থিতিৰ সমীক্ষা কৰিব। গিফ্ট-আইএফএছচি সংস্থাসমূহৰ সৈতে বাৰ্তালাপতো মিলিত হ'ব, যাতে গিফ্ট চিটীত ভৱিষ্যতৰ যোজনা আৰু সংস্থাসমূহৰ অনুভৱৰ বিষয়ে বুজিব পৰা যায়। প্ৰধানমন্ত্ৰীয়ে চহৰৰ প্ৰধান আন্তঃগাঁথনিৰ সুবিধাসমূহো চাব, য'ত 'আণ্ডাৰগ্ৰাউণ্ড ইউটিলিটী টানেল' আৰু 'অটোমেটেড ৱেষ্ট কালেকশ্যন ছেগ্ৰিগেশ্যন প্লাণ্ট' অন্তৰ্ভুক্ত আছে।

অখিল ভাৰতীয় শিক্ষা সংঘ অধিৱেশন

প্ৰধানমন্ত্ৰীয়ে অখিল ভাৰতীয় শিক্ষা সংঘ অধিৱেশনত ভাগ ল'ব, যি অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক পৰিসংঘৰ ২৯তম দ্বিবাৰ্ষিক সন্মিলন। এই সন্মিলনৰ বিষয়বস্তু 'টিচাৰ্ছ আৰ এট দ্য হাৰ্ট অফ ট্ৰেন্সফৰ্মিং এডুকেশ্যন' (শিক্ষাক পৰিৱৰ্তিত কৰাত শিক্ষকসকলৰ কেন্দ্ৰীয় ভূমিকা)।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Emerging cities see 42% growth in GCC jobs, outpacing metros: Report

Media Coverage

Emerging cities see 42% growth in GCC jobs, outpacing metros: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মে’ 2026
May 27, 2026

Strategic, Sustainable, Self-Reliant: How PM Modi is Building Viksit Bharat