গুজৰাট চৰকাৰে ২০১০ চনত স্থাপন কৰা ‘ৰক্ষা শক্তি বিশ্ববিদ্যালয়’ক উন্নীত কৰি চৰকাৰে ‘ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়’ নামেৰে এখন ৰাষ্ট্ৰীয় আৰক্ষী বিশ্ববিদ্যালয় স্থাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘একাদশ খেল মহাকুম্ভ’ৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰাৰ লগতে এই উপলক্ষে ভাষণ প্ৰদান কৰিব সেইদিনা আবেলি প্ৰায় ৬.৩০ বজাত।
‘একাদশ খেল মহাকুম্ভ’ৰ বাবে ৪৫লাখ ক্ৰীড়াবিদৰ নাম ইতিমধ্যে পঞ্জীয়ণ কৰা হৈছে। এই মহাকুম্ভই গুজৰাটৰ ক্ৰীড়া প্ৰেক্ষাপটত বিপ্লৱৰ সূচনা কৰিছ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ আৰু ১২ মাৰ্চ, ২০২২ত গুজৰাট ভ্ৰমণ কৰিব।
প্ৰধানমন্ত্ৰীৰ দূৰদৃষ্টিসম্পন্ন নেতৃত্বত ২০১০ চনত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী হিচাপে আৰম্ভ কৰা এই মহাকুম্ভই গুজৰাটৰ ক্ৰীড়া প্ৰেক্ষাপটত বিপ্লৱৰ সূচনা কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ আৰু ১২ মাৰ্চ, ২০২২ত গুজৰাট ভ্ৰমণ কৰিব। ১১ মাৰ্চৰ দিনা বিয়লি ৪ বজাত প্ৰধানমন্ত্ৰীয়ে ‘গুজৰাট পঞ্চায়ত মহাসন্মেলন’ত অংশগ্ৰহণ কৰাৰ লগতে সমবেতসকলক সম্বোধন কৰিব। ১২ মাৰ্চৰ দিনা দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়’(আৰআৰইউ)ৰ নৱ-নিৰ্মিত ভৱন ৰাষ্ট্ৰৰ নামত আনুষ্ঠানিক ভাবে উচৰ্গা কৰিব। তেওঁ ‘আৰআৰইউ’-ৰ প্ৰথমখন সমাৱৰ্তনতো মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে ‘একাদশ খেল মহাকুম্ভ’ৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰাৰ লগতে এই উপলক্ষে ভাষণ প্ৰদান কৰিব সেইদিনা আবেলি প্ৰায় ৬.৩০ বজাত।

গুজৰাটত ৩৩খন জিলা পঞ্চায়ত, ২৪৮খন তালুকা পঞ্চায়ত আৰু ১৪৫০০ৰো অধিক গ্ৰাম পঞ্চায়তৰে তিনিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থা আছে। ‘গুজৰাট পঞ্চায়ত মহসন্মেলন : আপ্নু গাম, আপ্নু গৌৰৱ শীৰ্ষক এই সমাৰোহত ৰাজ্যখনৰ তিনিখলপীয়া পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ ১লাখৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

ইফালে, আৰক্ষী বিভাগৰ বিভিন্ন প্ৰভাগসমূহৰ লগতে অপৰাধ অনুসন্ধান তথা শুধৰণিমূলক প্ৰশাসনীয় ব্যৱস্থাপনাৰ বাবে প্ৰয়োজন হোৱা উচ্চ মানৰ প্ৰশিক্ষণপ্ৰাপ্ত মানৱ-সম্পদ গঢ়ি তুলিব পৰাকৈ ‘ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়’(আৰআৰইউ) স্থাপন কৰা হৈছিল। গুজৰাট চৰকাৰে ২০১০ চনত স্থাপন কৰা ‘ৰক্ষা শক্তি বিশ্ববিদ্যালয়’ক উন্নীত কৰি চৰকাৰে ‘ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়’ নামেৰে এখন ৰাষ্ট্ৰীয় আৰক্ষী বিশ্ববিদ্যালয় স্থাপন কৰে। ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন প্ৰতিষ্ঠান হিচাপে স্বীকৃত বিশ্ববিদ্যালয়খনৰ আনুষ্ঠানিক ভাবে কাম-কাজ আৰম্ভ হয় ২০২০ চনৰ অক্টোবৰ মাহৰ পৰা। ঔদ্যোগীক ক্ষেত্ৰৰ পৰা আহৰণ কৰা জ্ঞান আৰু সমলৰ সদ্ব্যৱহাৰ জৰিয়তে বিশ্ববিদ্যালয়খনে আৰক্ষী আৰু নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰত উত্কৰ্ষতাৰ কেন্দ্ৰ স্থাপনৰ বাবে ব্যক্তিগত খণ্ডৰ সৈতে সহযোগিতাৰ বাতাবৰণ গঢ়ি তুলিব।

তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাপূৰ্ণ নেতৃত্বত ২০১০ চনত ১৬ বিধ ক্ৰীড়া প্ৰতিস্পৰ্দ্ধা আৰু ১৩ লাখ অংশগ্ৰহণকাৰীৰ উপস্থিতিৰে আৰম্ভ হোৱা ‘খেল মহাকুম্ভ’ত আজি ৩৬ বিধ সাধৰণ ক্ৰীড়া আৰু ২৬ বিধ পেৰা স্পৰ্ট্ছক সামৰি লোৱা হৈছে। ‘একাদশ খেল মহাকুম্ভ’ৰ বাবে ৪৫লাখ ক্ৰীড়াবিদৰ নাম ইতিমধ্যে পঞ্জীয়ণ কৰা হৈছে। এই মহাকুম্ভই গুজৰাটৰ ক্ৰীড়া প্ৰেক্ষাপটত বিপ্লৱৰ সূচনা কৰিছ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 এপ্ৰিল 2026
April 28, 2026

From Orchids to Expressways: PM Modi’s Blueprint for a Self-Reliant, Connected & Proud India