ৰাজস্থানৰ পোখৰানত ‘ভাৰত শক্তি’ অনুশীলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
‘ভাৰত শক্তি’ হৈছেতিনি-সেৱাৰ ফায়াৰিং আৰুকৌশলঅনুশীলন, যিয়ে প্ৰতিৰক্ষাত আত্মনিৰ্ভৰতাৰ দিশত ৰাষ্ট্ৰখনৰবিশাল অগ্ৰগতিৰ দৃষ্টান্ত দাঙি ধৰে
আহমেদাবাদত ১,০৬,০০০ কোটি টকাৰো অধিক মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
ডেডিকেটেড ফ্ৰেইট কৰিডৰ প্ৰকল্পৰ একাধিক মূল শাখা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
১০খন নতুনবন্দে ভাৰত ৰেলৰ ফ্লেগ-অফ কৰিব প্ৰধানমন্ত্ৰীয়ে
দহেজত পেট্ৰনেট এলএনজিৰ পেট্ৰ’কেমিকেলছ কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীকোচৰব আশ্ৰম উদ্বোধন কৰিব; লগতে সাবৰমতীত গান্ধী আশ্ৰম স্মাৰকৰ মাষ্টাৰ প্লেনমুকলি কৰিব

প্ৰধানমন্ত্ৰীয়ে ১২ মাৰ্চ, ২০২৪ত গুজৰাট আৰু ৰাজস্থান ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ৯:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদত ১,০৬,০০০ কোটি টকাৰো অধিক মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰুএকাংশৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত, পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে সাবৰমতী আশ্ৰমলৈ গৈ কোচৰব আশ্ৰম উদ্বোধনৰ লগতে গান্ধী আশ্ৰম স্মাৰকৰ মাষ্টাৰ প্লেন মুকলি কৰিব। ইয়াৰ পিছত,দিনৰ প্ৰায় ১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ পোখৰানত ‘ভাৰত শক্তি’ - তিনি-সেৱাৰ ফায়াৰিং আৰুকৌশলঅনুশীলনৰ কাৰ্য্যসূচীত অংশগ্ৰহণেৰে থলুৱা প্ৰতিৰক্ষা ক্ষমতাৰ সমন্বিত প্ৰদৰ্শন প্ৰত্যক্ষ কৰিব।

পোখৰানত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ পোখৰানত ‘ভাৰত শক্তি’ - তিনি-সেৱাৰ ফায়াৰিং আৰুকৌশলঅনুশীলনৰ কাৰ্য্যসূচীত অংশগ্ৰহণেৰে থলুৱা প্ৰতিৰক্ষা ক্ষমতাৰ সমন্বিত প্ৰদৰ্শন প্ৰত্যক্ষ কৰিব।

‘ভাৰত শক্তি’ অনুশীলনত দেশৰ আত্মনিৰ্ভৰ পদক্ষেপৰ আধাৰত দেশখনৰ শক্তিৰ প্ৰদৰ্শন হিচাপে থলুৱা অস্ত্ৰ ব্যৱস্থা আৰু মাধ্যমসমূহৰ এক শৃংখল প্ৰদৰ্শন কৰা হ’ব। ইয়াত স্থল, বায়ু, সাগৰ, চাইবাৰআৰু মহাকাশ ডমেইনৰ মাজেৰে ভাবুকি প্ৰতিহতকৰণৰ অৰ্থে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সংহত কাৰ্য্যকৰী ক্ষমতা প্ৰদৰ্শনেৰে বাস্তৱসন্মত, সমন্বিত, বহু-ডমেইন অভিযানক অনুকৰণ কৰা হ’ব।

এই অনুশীলনত প্ৰদৰ্শিত হ’বলগীয়া মূল আহিলা আৰু অস্ত্ৰ ব্যৱস্থাসমূহৰ ভিতৰত আছে টি-৯০ (IM) টেংক, ধনুষ আৰু সাৰং গান ব্যৱস্থা, আকাশ অস্ত্ৰ ব্যৱস্থা, লজিষ্টিক ড্ৰোন, ৰবটিক মালছ, এডভান্সড লাইট হেলিকপ্টাৰকে (ALH) প্ৰমুখ্য কৰি মানৱবিহীন বিমানৰ এক শৃংখল।

ইয়াত ভাৰতীয় নৌসেনাই নৌসেনাৰ এন্টি-শ্বীপ মিছাইল, অট’নমাছ কাৰ্গ’ কঢ়িয়াই নিয়া বিমানআৰু এক্সপেণ্ডেবল আকাশী লক্ষ্য প্ৰদৰ্শন কৰিব। ইয়াৰ জৰিয়তে সামুদ্ৰিক শক্তি আৰু প্ৰযুক্তিগত অত্যাধুনিকতা সম্পৰ্কে আলোকপাত কৰা হ’ব। ভাৰতীয় বায়ুসেনাই থলুৱাভাৱে নিৰ্মাণ কৰা লাইট কম্বেট এয়াৰক্ৰাফ্ট তেজছ, লাইট ইউটিলিটি হেলিকপ্টাৰআৰু এডভান্সড লাইট হেলিকপ্টাৰ নিয়োগ কৰিব, যিয়ে বিমান অভিযানত বায়ু সেনাৰ শ্ৰেষ্ঠত্ব আৰু বহুমুখীতাক প্ৰদৰ্শন কৰিব।

ঘৰতে নিৰ্মিতব্যৱস্থাৰাজিৰদ্বাৰা সমসাময়িক আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ আৰু সেয়া অতিক্ৰম কৰিবলৈ ভাৰতৰ প্ৰস্তুতিৰ স্পষ্ট ইংগিত হিচাপে ভাৰত শক্তিয়ে বিশ্বৰ মঞ্চত ভাৰতৰ ঘৰুৱা প্ৰতিৰক্ষা ক্ষমতাৰ স্থিতিস্থাপকতা, উদ্ভাৱনআৰু শক্তিৰ ওপৰত আলোকপাত কৰিছে। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সামৰ্থ্য আৰু কাৰ্য্যকৰী শক্তি তথা থলুৱা প্ৰতিৰক্ষা উদ্যোগৰ কৌশল আৰু দায়বদ্ধতাক প্ৰদৰ্শনেৰে এই কাৰ্য্যসূচীয়ে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতাৰ দিশত দেশৰ শক্তিশালী অগ্ৰগতিৰ দৃষ্টান্ত দাঙি ধৰে।

আহমেদাবাদত প্ৰধানমন্ত্ৰী

ৰেলৱেৰ আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা আৰু পেট্ৰ’কেমিকেল খণ্ডক উদ্দীপনা যোগাই প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ ডিএফচিৰ অপাৰেচন কন্ট্ৰল চেন্টাৰ ভ্ৰমণেৰে১,০৬,০০০ কোটি টকাৰো অধিক মূল্যৰএলানি ৰেলৱে আৰু পেট্ৰ’কেমিকেলছ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰেলৱে ৱৰ্কশ্বপ, লোকো চেড, পিট লাইন/ কোচিং ডিপোৰ আধাৰশিলা স্থাপন কৰিব; ফাল্টন – বাৰামাটি নতুন লাইন; ইলেক্ট্ৰিক ট্ৰেকচন চিষ্টেম উন্নীতকৰণৰ কাম আৰু পশ্চিম ডিএফচিৰ নিউ খুৰ্জাৰপৰা সাহনেৱাল (৪০১ আৰকিলোমিটাৰ) অংশ আৰু পশ্চিম ডিএফচিৰ নিউ মাকাৰপুৰাৰপৰা নিউ ঘোলভাড অংশ (২৪৪ আৰকিলোমিটাৰ)ৰ মাজৰ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ দুটা নতুন শাখা; পশ্চিম ডিএফচিৰ অপাৰেচন কন্ট্ৰল চেন্টাৰ (OCC), আহমেদাবাদৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ-মুম্বাই চেন্ট্ৰেল, ছেকেন্দ্ৰাবাদ-বিশাখাপট্টনম, মহীশূৰ- ডাঃ এমজিআৰ চেন্ট্ৰেল (চেন্নাই), পাটনা- লক্ষ্নৌ, নিউ জলপাইগুড়ি-পাটনা, পুৰী-বিশাখাপট্টনম, লক্ষ্নৌ - ডেৰাডুন, কালাবুৰাগী – ছাৰ এম বিশ্বেশ্বৰায় টাৰ্মিনেল বেংগালুৰু, ৰাঁচী-বাৰানসী, খাজুৰাহো- দিল্লী (নিজামুদ্দিন)ৰ মাজত দহখন নতুন বন্দে ভাৰত ৰেলৰ ফ্লেগ-অফ কৰিব।

প্ৰধানমন্ত্ৰীয়ে চাৰিখন বন্দে ভাৰত ৰেলৰ সম্প্ৰসাৰণৰো ফ্লেগ-অফ কৰিব। আহমেদাবাদ-জামনগৰ বন্দে ভাৰত দ্বাৰকা, আজমেৰলৈ সম্প্ৰসাৰিত কৰা হৈছে- দিল্লী শৰাই ৰোহিল্লা বন্দে ভাৰত চণ্ডীগড়, গোৰখপুৰ-লক্ষ্নৌ বন্দে ভাৰত প্ৰয়াগৰাজ আৰু তিৰুৱনন্তপুৰমলৈকে সম্প্ৰসাৰিতকৰা হৈছে- কাছাৰগোড বন্দে ভাৰত মাংগালুৰুলৈকেআৰু আছানছল আৰু হাটিয়া ও তিৰুপতি আৰু কোল্লাম ষ্টেচনৰ মাজত দুখন নতুন যাত্ৰীবাহী ৰেলৰ প্ৰৱৰ্তন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ভিন্নস্থানৰপৰা ডেডিকেটেড ফ্ৰেইট কৰিডৰত মালবাহী ৰেলসমূহৰো ফ্লেগ-অফ কৰিব। এই স্থানসমূহ হৈছে নিউ খুৰ্জা জংচন, সাহনেৱাল, নিউ ৰেৱাৰী, নিউ কৃষাণগড়, নিউ ঘোলভাদআৰু নিউ মাকাৰপুৰা।

প্ৰধানমন্ত্ৰীয়ে ৰেলৱে ষ্টেচনসমূহত ৫০ প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই জন ঔষধি কেন্দ্ৰসমূহে ৰাইজলৈ সুলভ মূল্যৰ আৰু মান-সম্পন্ন জেনেৰিক ঔষধ আগবঢ়াব।

ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰীয়ে ৫১ গতি শক্তি মাল্টি ম’ডাল কাৰ্গ’ টাৰ্মিনেল ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই টাৰ্মিনেলসমূহে ভিন্ন পৰিবহণৰ মাজত সামগ্ৰীৰ নিৰৱচ্ছিন্ন সৰবৰাহত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৮০টা শাখাত ১০৪৫ আৰকিলোমিটাৰ অট’মেটিক চিগনেলিং ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উন্নীতকৰণে ৰেল পৰিচালনাৰ সুৰক্ষা আৰু কাৰ্য্যক্ষমতাৰবৰ্ধন ঘটাব। প্ৰধানমন্ত্ৰীয়ে ২৬৪৬টা ষ্টেচনত ৰেলৱে ষ্টেচনৰ ডিজিটেল কন্ট্ৰলিং ব্যৱস্থাওৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ ফলত ৰেলসমূহৰ পৰিচালনাৰ দক্ষতা আৰু সুৰক্ষা বৃদ্ধি পাব।

প্ৰধানমন্ত্ৰীয়ে ৩৫খন ৰেল কোচ ৰেষ্টুৰেন্ট ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ৰেল কোচ ৰেষ্টুৰেন্টৰ লক্ষ্য হৈছে ৰেলৱেৰ ভাড়াৰ বাহিৰে ৰাজহ আহৰণৰ উপৰিও যাত্ৰী আৰু জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰা।

দেশজুৰি ১৫০০ৰো অধিক ওৱান ষ্টেচন ওৱান প্ৰডাক্ট ষ্টল ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে। এই ষ্টলসমূহে স্থানীয় সামগ্ৰীৰ প্ৰচাৰৰ লগতে স্থানীয় শিল্পী আৰু ব্যৱসায়ীসকলৰ বাবে আয়ৰ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৯৭৫টা স্থানত সৌৰশক্তিচালিত কেন্দ্ৰ/অট্টালিকা দেশৰ বাবে উৎসৰ্গা কৰিব। এই পদক্ষেপে ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ লক্ষ্যত অৰিহণা যোগাব আৰু ৰেলৱেৰ কাৰ্বন ফুটপ্ৰিন্ট হ্ৰাস কৰিব।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ দহেজত ২০,৬০০ কোটি টকাৰো অধিক মূল্যৰইথেন আৰু প্ৰপেন হেণ্ডলিং সুবিধাকে প্ৰমুখ্য কৰি পেট্ৰনেট এলএনজিৰ পেট্ৰ’কেমিকেলছ কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিব। বৰ্তমানৰ এলএনজি পুনৰ গেছীকৰণ টাৰ্মিনেলৰ ওচৰত পেট্ৰ’কেমিকেলছ কমপ্লেক্স স্থাপন কৰিলে প্ৰকল্পটোৰ কেপেক্স আৰু অপেক্স ব্যয়ত যথেষ্ট ৰাহি হ’ব।

প্ৰকল্পটোৰ ৰূপায়ণে নিষ্পাদন পৰ্য্যায়ত ৫০,০০০ ব্যক্তিৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টিৰ সম্ভাৱনা আছে আৰু ইয়াৰ কাৰ্য্যকৰী পৰ্য্যায়ত ২০,০০০ৰো অধিক লোকক নিয়োগৰ সুযোগ সৃষ্টিৰে অঞ্চলটোত বিপুল আৰ্থ-সামাজিক সুবিধাৰ সূচনা কৰিব।

প্ৰধানমন্ত্ৰীয়ে দুখন ৰাজ্যৰ একতা মলৰ আধাৰশিলাও স্থাপন কৰিব।গুজৰাট আৰু মহাৰাষ্ট্ৰত প্ৰায় ৪০০ কোটি টকা ব্যয়-সাপেক্ষে এয়া গঢ়ি তোলা হ’ব।

একতা মলসমূহে ভাৰতীয় হস্ততাঁত, হস্তশিল্প, পৰম্পৰাগত সামগ্ৰী আৰু অ’ডিঅ’পি সামগ্ৰীৰ চহকী আৰু বৈচিত্ৰ্যময় ঐতিহ্যক উদযাপন আৰু সমৰ্থন কৰে। একতা মল ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যৰ প্ৰতীক, লগতে আমাৰ পৰম্পৰাগত দক্ষতা আৰু খণ্ডসমূহৰ বিকাশ আৰু সৱলীকৰণৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰে।

নতুনকৈ বৈদ্যুতীকৃত অংশসমূহ, ট্ৰেক দ্বৈতকৰণ/মাল্টি ট্ৰেকিং, ৰেলৱেৰ সামগ্ৰীৰ চেড, কৰ্মশালা, লোকো চেড, পিট লাইন/কোচিং ডিপো আদিৰ উন্নয়ন আদি ভিন্ন প্ৰকল্পও এই কাৰ্য্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ উৎসৰ্গাকৰিব। এই প্ৰকল্পসমূহে আধুনিক আৰু শক্তিশালী ৰেলৱে নেটৱৰ্ক গঢ়ি তোলাৰ বাবে চৰকাৰৰ নিষ্ঠাৰ সাক্ষ্য বহন কৰিছে। এই বিনিয়োগে কেৱল যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনেই নহয়, বৰঞ্চঅৰ্থনৈতিক বৃদ্ধিৰ লগতে নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব।

সাবৰমতীত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়েপুনৰ উন্নীতকৃত কোচৰব আশ্ৰম উদ্বোধন কৰিব। এয়া হৈছে ১৯১৫ত দক্ষিণ আফ্ৰিকাৰপৰা ভাৰতলৈ অহাৰ পিছত মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা প্ৰথম আশ্ৰম।গুজৰাট বিদ্যাপীঠে আজিও ইয়াক স্মৃতিসৌধ আৰু পৰ্যটন স্থান হিচাপে সংৰক্ষিত কৰি ৰাখিছে।প্ৰধানমন্ত্ৰীয়ে গান্ধী আশ্ৰম স্মাৰকৰ মাষ্টাৰ প্লেনো মুকলি কৰিব।

মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰাজি, সেইসমূহক অনুসৰণ আৰু লালন-পালনৰ লগতে এইসমূহক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱা এটি পথ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে অহৰহভাৱে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। এনেএটি প্ৰচেষ্টা স্বৰূপে গান্ধী আশ্ৰম স্মাৰক প্ৰকল্পই মহাত্মা গান্ধীৰ শিক্ষা আৰু দৰ্শনক বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে পুনৰুজ্জীৱিতকৰণত সহায় কৰিব। এই মাষ্টাৰপ্লেনৰ অধীনত আশ্ৰমৰ বৰ্তমানৰ পাঁচ একৰ মাটিকালি ৫৫ একৰলৈ সম্প্ৰসাৰণ কৰা হ’ব। ৩৬টা বৰ্তমানৰ অট্টালিকা পুনৰুদ্ধাৰ কৰা হ’ব, ইয়াৰে গান্ধীৰ বাসগৃহ ‘হৃদয় কুঞ্জ’কে প্ৰমুখ্য কৰি ২০টা অট্টালিকা সংৰক্ষণ কৰা হ’ব, ১৩টা পুনৰুদ্ধাৰ কৰা হ’বআৰু ৩টা নতুনকৈ গঢ়ি তোলা হ’ব।

এই মাষ্টাৰপ্লেনত প্ৰশাসনৰ সুবিধাসমূহৰ বাবে নতুন অট্টালিকা, অৰিয়েন্টেচন চেন্টাৰৰ দৰে দৰ্শনাৰ্থীৰ সুবিধা, যঁতৰত সূতা কটা, কপাহৰ বয়ন আৰু ৰাজহুৱা উপযোগী সামগ্ৰী সন্দৰ্ভত ইন্টাৰেক্টিভ অধিৱেশন আদি অন্তৰ্ভুক্ত কৰা হৈছে। এই অট্টালিকাসমূহত গান্ধীজীৰ জীৱনৰ দিশসমূহৰ লগতে আশ্ৰমৰ উত্তৰাধিকাৰ প্ৰদৰ্শনৰ বাবে ইন্টাৰেক্টিভ প্ৰদৰ্শনী আৰু কাৰ্য্যসূচী অনুষ্ঠিত হ’ব।

এই মাষ্টাৰপ্লেনত গান্ধীজীৰ চিন্তাৰাজি সংৰক্ষণ, সুৰক্ষা আৰু প্ৰচাৰৰ বাবে এটা পুথিভঁৰাল আৰু আৰ্কাইভ ভৱন স্থাপনৰ কথাও পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰিও, দৰ্শনাৰ্থীসকলে আশ্ৰমৰ পুথিভঁৰাল আৰু আৰ্কাইভ ব্যৱহাৰৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

এই কাৰ্য্যইআগন্তুক প্ৰজন্মসমূহক প্ৰেৰণা যোগাব, গান্ধীবাদী চিন্তাধাৰাক লালন-পালন কৰিব আৰু গান্ধীবাদী প্ৰমূল্যবোধৰ সাৰমৰ্মক সজীৱ কৰি তুলিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Inc remains bullish on FY27; Telecom, defence, banking seen driving growth: Report

Media Coverage

India Inc remains bullish on FY27; Telecom, defence, banking seen driving growth: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.