প্ৰধানমন্ত্ৰীয়ে মধ্য প্ৰদেশত প্ৰায় ১৯,২৬০ কোটি টকা মূল্যৰ প্ৰকল্প উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে পথ-সংযোগক বৃহৎ উদ্দীপনা যোগাই দিল্লী-বড়োদৰা এক্সপ্ৰেছৱে’ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব
পিএমএৱাই-গ্ৰামীণৰ অধীনত নিৰ্মিত ২.২ লাখৰো অধিক ঘৰৰ গৃহ-প্ৰৱেশত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব
জল জীৱন অভিযানৰ অধীনত প্ৰকল্পৰ আধাৰশিলা আৰু আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ৯টা স্বাস্থ্য কেন্দ্ৰৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰিব
৬৫০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই প্ৰকল্পসমূহ সম্পূর্ণ হৈ উঠাৰ লগে-লগে অঞ্চলটোৰ ৰেল আন্তঃগাঁথনি সুদৃঢ় হৈ উঠিব। ৰাজস্থানৰ ঐতিহাসিক স্থানসমূহলৈ পৰ্যটনৰো বৰ্ধন ঘটিব।
ইয়াৰ অধীনত প্ৰায় ১৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গৃহসমূহ তেখেতে উৎসৰ্গা কৰিব।
এই লক্ষ্যক আগুৱাই নিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে গোয়ালিয়ৰ আৰু শ্বেওপুৰ জিলাত ১৫৩০ কোটি টকাৰো অধিক মূল্যৰ জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
সন্ত বল্লাভাচাৰ্য্যই প্ৰচাৰ কৰা পুষ্টিমাৰ্গৰ লাখ-লাখ অনুগামীৰ বিশ্বাসৰ প্ৰধান কেন্দ্ৰ এই নাথদ্বাৰা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ অক্টোবৰত ৰাজস্থান আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৱা প্ৰায় ১০:৪৫ বজাত ৰাজস্থানৰ চিতোৰগড়ত প্ৰায় ৭,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকী গোয়ালিয়ৰত উপস্থিত হ’ব আৰু প্ৰায় ১৯,২৬০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক পদক্ষেপ ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

চিতোৰগড়ত প্ৰধানমন্ত্ৰী

ইয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে গেছ-ভিত্তিক অৰ্থনীতিক অধিক প্ৰোৎসাহিতকৰণৰ অৰ্থে আন এটি পদক্ষেপ হিচাপে মেহছানা-ভাটিণ্ডা-গুৰদাসপুৰ গেছ পাইপলাইন উৎসৰ্গা কৰিব। প্ৰায় ৪৫০০ কোটি টকা ব্যয় সাপেক্ষে এই পাইপলাইন স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আবু ৰোডত এইচপিচিএলৰ এলপিজি প্ৰকল্পও উৎসৰ্গা কৰিব। এই উদ্যোগটোৱে বছৰি ৮৬ লাখ চিলিণ্ডাৰ বটলিং আৰু বিতৰণ কৰিব। ইয়াৰ উপৰিও তেখেতে আইঅ’চিএলৰ আজমেৰ বটলিং প্লান্টৰ অতিৰিক্ত ষ্ট’ৰেজো উৎসৰ্গা কৰিব।

১৪৮০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দৰাহ-ঝালাৱাৰ-তীন্দৰ অংশৰ ১২ নং ৰাষ্ট্ৰীয় ঘাইপথত (নতুন ৰাষ্ট্ৰীয় ঘাইপথ-৫২) ৪-লেনযুক্ত পথ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই প্ৰকল্পই কোটা আৰু ঝালাৱাৰ জিলাৰ খনিৰ উৎপাদিত সামগ্ৰীৰ পৰিবহণ সহজ কৰি তোলাত সহায় কৰিব। ইয়াৰ উপৰিও ছাৱাই মাধোপুৰত ৰেলৱে অভাৰ ব্ৰীজ (ROB) দুটা লেনৰপৰা চাৰি লেনলৈ নিৰ্মাণ আৰু বহলকৰণ কামৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পই যান-জঁটৰ সমস্যাৰপৰা সকাহ প্ৰদানত সহায় কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা ৰেল প্ৰকল্পসমূহৰ ভিতৰত চিতোৰগড়-নিমুচ ৰেলপথ আৰু কোটা–চিতোৰগড় বিদ্যুৎ-চালিত ৰেল লাইন দ্বৈতকৰণেৰে জড়িত প্ৰকল্পসমূহো অন্তৰ্ভুক্ত হৈছে। ৬৫০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই প্ৰকল্পসমূহ সম্পূর্ণ হৈ উঠাৰ লগে-লগে অঞ্চলটোৰ ৰেল আন্তঃগাঁথনি সুদৃঢ় হৈ উঠিব। ৰাজস্থানৰ ঐতিহাসিক স্থানসমূহলৈ পৰ্যটনৰো বৰ্ধন ঘটিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বদেশ দৰ্শন আঁচনিৰ অধীনত নাথদ্বাৰাত বিকশিত পৰ্যটনৰ সুবিধাসমূহ উৎসৰ্গা কৰিব। সন্ত বল্লাভাচাৰ্য্যই প্ৰচাৰ কৰা পুষ্টিমাৰ্গৰ লাখ-লাখ অনুগামীৰ বিশ্বাসৰ প্ৰধান কেন্দ্ৰ এই নাথদ্বাৰা। নাথদ্বাৰাত আধুনিক ‘পৰ্যটক ইন্টাৰপ্ৰিটেচন আৰু সাংস্কৃতিক কেন্দ্ৰ’ গঢ়ি তোলা হৈছে। ইয়াত পৰ্যটকসকলে শ্ৰীনাথজীৰ জীৱনৰ ভিন্ন দিশৰ অভিজ্ঞতা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, কোটাৰ স্থায়ী চৌহদো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

গোয়ালিয়ৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৯,২৬০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক পদক্ষেপ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।

সমগ্ৰ দেশতে যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ বাবে আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লী-বড়োদৰা এক্সপ্ৰেছৱে’ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। প্ৰায় ১১,৮৯৫ কোটি টকা ব্যয়-সাপেক্ষে এই এক্সপ্ৰেছৱে’ নিৰ্মাণ কৰা হৈছে। তদুপৰি, তেখেতে ১৮৮০ কোটি টকাৰো অধিক মূল্যৰ পাঁচটা ভিন্ন পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

সকলোৰে এটা নিজা গৃহ থকাটো নিশ্চিতকৰণৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীয়ে অহ-ৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। এই দৃষ্টিভংগীৰে সংগতি ৰাখি পিএমএৱাই-গ্ৰামীণৰ অধীনত নিৰ্মিত ২.২ লাখৰো অধিক ঘৰৰ গৃহপ্ৰৱেশ কাৰ্য্যসূচী প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিব। ইয়াৰ অধীনত প্ৰায় ১৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গৃহসমূহ তেখেতে উৎসৰ্গা কৰিব।

চৰকাৰৰ এটা মূল লক্ষ্য হৈছে বিশুদ্ধ আৰু পৰ্য্যাপ্ত খোৱাপানীৰ ব্যৱস্থা কৰা। এই লক্ষ্যক আগুৱাই নিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে গোয়ালিয়ৰ আৰু শ্বেওপুৰ জিলাত ১৫৩০ কোটি টকাৰো অধিক মূল্যৰ জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে অঞ্চলটোৰ ৭২০ খনৰো অধিক গাঁৱক উপকৃত কৰিব।

স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিৰ অধিক উন্নয়ন সাধনৰ অৰ্থে এটি পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ৯টা স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। ১৫০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে এয়া বিকশিত কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে আইআইটি, ইন্দোৰৰ শৈক্ষিক ভৱন উৎসৰ্গাৰে চৌহদত হোষ্টেল আৰু আন-আন ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰীয়ে ইন্দোৰত মাল্টি মডাল লজিষ্টিক পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও তেখেতে উজ্জয়িনীত সংহত ঔদ্যোগিক টাউনশ্বিপ, আইঅ’চিএল বটলিং প্লান্ট, গোয়ালিয়ৰৰ অটল বিহাৰী বাজপায়ী দিব্যাংগ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ আদিৰ লগতে একাধিক প্ৰকল্প উৎসৰ্গা কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister inaugurates Namo Hospital at Daman
June 05, 2026

Prime Minister Shri Narendra Modi today inaugurated the Namo Hospital at Daman. He stated that this is in line with the ongoing efforts towards providing quality health treatment to the people, noting that the hospital features modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas.

The Prime Minister posted on X:

"In line with our efforts towards providing quality health treatment to the people, the Namo Hospital at Daman was inaugurated. It has modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas."