ছিৱানত পানী, ৰে'ল আৰু শক্তি খণ্ডকে ধৰি একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
গিনি ৰিপাব্লিকলৈ ৰপ্তানিৰ বাবে মাৰহ’ৰা প্লাণ্টত নিৰ্মিত অত্যাধুনিক ইঞ্জিনৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে
ৰাজ্য চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে ৰাজ্য পৰ্যায়ৰ অনুষ্ঠানত অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰীয়ে
ভুৱনেশ্বৰত ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
বিশাখাপট্টনমত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰীয়ে
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ৰ থিম “এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ” ৰ গুৰুত্ব আৰোপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  ২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। অহা ২০ জুনত তেওঁ বিহাৰৰ ছিৱান ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১২ বজাত আধাৰশিলা স্থাপনৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ দিব।

 

ইয়াৰ পিছত তেওঁ ওড়িশাৰ ভুৱনেশ্বৰ ভ্ৰমণ কৰি প্ৰায় ৪:১৫ বজাত ওড়িশা ৰাজ্য চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত  অনুষ্ঠানত  অধ্যক্ষতা কৰিব। লগতে ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা  আধাৰশিলা স্থাপন  কৰিব।

 

২১ জুনত প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত প্ৰায় ৬:৩০ বজাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস- গণ যোগ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে্যে আয়োজিত  সভাত ভাষণ দিব।

 

বিহাৰত প্ৰধানমন্ত্ৰী

 

বিহাৰৰ আন্তঃগাঁথনি আৰু আৰ্থ-সামাজিক উন্নয়নৰ এক বৃহৎ উত্থানৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে ছিৱানত নানান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব।

 

অঞ্চলটোৰ ৰে’ল আন্তঃগাঁথনিৰ বিকাশ সাধন  কৰি প্ৰধানমন্ত্ৰীয়ে ৪০০ কোটিৰো অধিক মূল্যৰ নতুন বৈশালী–দেওৰিয়া ৰে’লপথ প্ৰকল্প উদ্বোধন কৰিব আৰু এই পথত নতুন ৰে’ল সেৱাৰ ফ্লেগ অফ কৰিব। ইয়াৰ উপৰি উত্তৰ বিহাৰৰ সংযোগৰ ক্ষেত্ৰত এক বৃহৎ উত্থান হিচাবে  প্ৰধানমন্ত্ৰীয়ে মুজাফ্ফৰপুৰ আৰু বেটিয়াহ হৈ পাটলীপুত্ৰ আৰু গোৰখপুৰৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব।

 

"মেক ইন ইণ্ডিয়া - মেক ফৰ দ্য ৱৰ্ল্ড"ৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে মাৰহৌৰা প্লাণ্টত নিৰ্মিত অত্যাধুনিক ইঞ্জিনৰো ফ্লেগ অফ কৰিব,  এয়া ৰিপাব্লিক অৱ গিনিলৈ ৰপ্তানিৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। এই কাৰখানাত নিৰ্মিত এয়াই  প্ৰথম ৰপ্তানি কৰিবলগীয়া  ইঞ্জিন। ইয়াত উচ্চ হৰ্চপাৱাৰ ইঞ্জিন, উন্নত এচি প্ৰপালচন ব্যৱস্থা, মাইক্ৰ’প্ৰচেছৰ ভিত্তিক নিয়ন্ত্ৰণ ব্যৱস্থা, এৰগ’নমিক কেব ডিজাইন আৰু ৰিজেনেৰেটিভ ব্ৰেকিঙৰ দৰে প্ৰযুক্তি সন্নিবিষ্ট কৰা হৈছে।

 

গংগা নদীৰ সংৰক্ষণ তথা সজীৱতাৰ প্ৰতি থকা দায়বদ্ধতাৰ  প্ৰমাণ দাঙি ধৰি   প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ১৮০০ কোটিৰো অধিক মূল্যৰ নমামি গংগা প্ৰকল্পৰ অধীনত ছটা নলা পৰিশোধন প্লাণ্ট (এছটিপি) উদ্বোধন কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে এই চহৰসমূহৰ নাগৰিকক বিশুদ্ধ আৰু সুৰক্ষিত খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে সমগ্ৰ বিহাৰৰ বিভিন্ন চহৰত ৩০০০ কোটিৰো অধিক মূল্যৰ পানী যোগান, অনাময় আৰু এছটিপিৰ আধাৰশিলা স্থাপন কৰিব।

 

অঞ্চলটোৰ শক্তি আন্তঃগাঁথনিৰ এক বৃহৎ উত্থানৰ ৰূপত  প্ৰধানমন্ত্ৰীয়ে বিহাৰত ৫০০ মেগাৱাট ঘণ্টাৰ বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা (বিইএছএছ) ক্ষমতাৰ আধাৰশিলা স্থাপন কৰিব। মুজাফ্ফৰপুৰ, মতিহাৰী, বেটিয়াহ, ছিৱানকে ধৰি ৰাজ্যৰ ১৫টা গ্ৰীড চাবষ্টেচনত ষ্টেণ্ডল’ন বিইএছএছ স্থাপন কৰা হৈছে। প্ৰতিটো উপ-কেন্দ্ৰত স্থাপন কৰিবলগীয়া বেটাৰীৰ ক্ষমতা ২০ৰ পৰা ৮০ মেগাৱাট ঘণ্টাৰ ভিতৰত।

ইয়াৰ উপৰি  প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ পিএমএৱাই ইউৰ ৫৩,৬০০ৰো অধিক হিতাধিকাৰীক প্ৰথম কিস্তিৰ ধন  মুকলি কৰিব। পিএমএৱাই ইউৰ ৬৬০০ৰো অধিক সম্পূৰ্ণ হোৱা ঘৰৰ গৃহপ্ৰৱেশ অনুষ্ঠান উপলক্ষে্য বহু হিতাধিকাৰীক ঘৰৰ চাবিও প্ৰদান কৰিব।

 

ওড়িশাত  প্ৰধানমন্ত্ৰী

 

ওড়িশা চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে  ভুৱনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰীয়ে।

 

ওড়িশাৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে খোৱাপানী, জলসিঞ্চন, কৃষি আন্তঃগাঁথনি, স্বাস্থ্য আন্তঃগাঁথনি, গ্ৰাম্য পথ আৰু দলং, ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ, আৰু নতুন ৰেলপথকে ধৰি জটিল খণ্ডসমূহ সামৰি ল’ব।

 

ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে জিলাখনৰ একত্ৰীকৰণৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হিচাপে প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে বৌধ জিলালৈ ৰে’ল সংযোগ সম্প্ৰসাৰণ কৰা নতুন ৰে’ল সেৱাৰ ফ্লেগ অফ কৰিব।

 

স্বচ্ছ শক্তি আৰু বহনক্ষম পৰিবহণৰ ক্ষেত্ৰত এক প্ৰধানমন্ত্ৰীয়ে ৰাজধানী অঞ্চল নগৰ পৰিবহণ (চি আৰ ইউ টি) ব্যৱস্থাৰ অধীনত ১০০খন বৈদ্যুতিক বাছৰ  ফ্লেগ অফ কৰিব, যিয়ে আধুনিক, পৰিৱেশ-বন্ধুত্বপূৰ্ণ নগৰীয়া গতিশীল  নেটৱৰ্কক সমৰ্থন কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে  লগতে মুকলি কৰিব ওড়িশা ভিজন ডকুমেণ্ট।

 

বিশিষ্ট ওড়িয়া ব্যক্তিসকলৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি  জনাই প্ৰধানমন্ত্ৰীয়ে ‘বৰাপুত্ৰ ঐতিহ্য গ্ৰাম যোজনা’ পদক্ষেপ আৰম্ভ কৰিব। ইয়াৰ লক্ষ্য হৈছে সাংস্কৃতিক পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে ওড়িষাৰ ঐতিহ্যক সন্মান জনাবলৈ  সংগ্ৰহালয়, ব্যাখ্যা কেন্দ্ৰ, মূৰ্তি, পুথিভঁৰাল, আৰু ৰাজহুৱা স্থানৰ জৰিয়তে তেওঁলোকৰ জন্মস্থানক জীৱন্ত স্মৃতিসৌধলৈ ৰূপান্তৰিত কৰা।

 

১৬.৫০ লাখৰো অধিক লাখপতি দিদিক ৰাজ্য খনৰ  সমৃদ্ধি আৰু স্বাৱলম্বীতাৰ প্ৰতীক হিচাপে চিহ্নিত  কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মহিলা শিল্পীসকলক সম্বৰ্ধনা জনাব।

 

অন্ধ্ৰ প্ৰদেশত প্ৰধানমন্ত্ৰী

 

একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমৰ পৰা  যোগদিৱসৰ ৰাষ্ট্ৰীয় উদযাপনৰ নেতৃত্ব দিব। তেওঁ প্ৰায় ৫ লাখ অংশগ্ৰহণকাৰীৰ সৈতে বিশাখাপট্টনমত  কমন যোগ প্ৰট’কল (চি ৱাই পি) অধিৱেশনত অংশগ্ৰহণ কৰাৰ লগতে দেশত  এক সুষম যোগ প্ৰদৰ্শনৰ নেতৃত্ব দিব। সমগ্ৰ ভাৰতবৰ্ষৰ ৩.৫ লাখৰো অধিক স্থানত একেলগে আয়োজন কৰা হ’ব যোগ সংগম অনুষ্ঠান। এইবাৰ মাইগভ আৰু মাইভাৰতৰ দৰে প্লেটফৰ্মত যোগ আনপ্লাগডৰ অধীনত পৰিয়াল সহ যোগৰ দৰে বিশেষ প্ৰতিযোগিতা আৰু যুৱক-যুৱতীকেন্দ্ৰিক পদক্ষেপ আৰম্ভ কৰা হৈছে। ইয়াৰ জড়িয়তে যোগ দিৱসত গণ অংশগ্ৰহণক উৎসাহিত কৰা হৈছে।

 

এই বছৰৰ যোগদিৱসৰ  বিষয়বস্তু হৈছে  “এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ”। ই মানৱ আৰু আমাৰ  গ্ৰহটোৰ স্বাস্থ্যৰ আন্তঃসংযোগক উজ্জ্বল কৰি তুলিছে আৰু ভাৰতৰ সকলো ৰোগমুক্ত হওক  দৰ্শনত শিপাই থকা সামূহিক সুস্থতাৰ বিশ্বব্যাপী দৃষ্টিভংগীক প্ৰতিধ্বনিত কৰিছে। ২০১৫ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে (UNGA)  ২১ জুন তাৰিখক আইডিৱাই হিচাপে পালন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লী, চণ্ডীগড়, লক্ষ্ণৌ, মহীশূৰু, নিউয়ৰ্ক (ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়) আৰু শ্ৰীনগৰকে ধৰি বিভিন্ন স্থানত এই দিৱস উদযাপনৰ নেতৃত্ব দি আহিছে। এনেদৰেই  আইডিৱাই এক শক্তিশালী বিশ্ব স্বাস্থ্য আন্দোলনলৈ পৰিণত হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi