প্ৰধানমন্ত্ৰীয়ে গয়াত প্ৰায় ১৩, ০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব
প্ৰকল্পসমূহ বিভিন্ন খণ্ডত অন্তৰ্ভুক্তঃ বিদ্যুৎ, পথ, স্বাস্থ্য, নগৰ উন্নয়ন আৰু পানী যোগান
উত্তৰ আৰু দক্ষিণ বিহাৰৰ মাজত সংযোগ উন্নত কৰা গংগা নদীৰ অণ্টা-ছিমাৰিয়া দলং প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
নতুন দলঙে গধুৰ যান-বাহনৰ বাবে ১০০ কিলোমিটাৰৰো অধিক দূৰত্ব হ্ৰাস কৰি ছিমাৰিয়া ধামলৈ সংযোগ উন্নত কৰিব
প্ৰধানমন্ত্ৰীয়ে গয়া আৰু দিল্লীৰ মাজত অমৃত ভাৰত এক্সপ্ৰেছৰ তথা বৈশালী আৰু কোডেৰমাৰ মাজত বৌদ্ধ চাৰ্কিট ৰে’লসেৱা আনুষ্ঠানিকভাবে মুকলি কৰিব
প্ৰধানমন্ত্ৰীয়ে কলকাতাত ৫, ২০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু প্ৰকল্প মুকলি কৰিব
প্ৰধানমন্ত্ৰীয়ে কলকাতাত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা খণ্ডত মেট্ৰ’ ৰে’ল সেৱা মুকলি কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ আগষ্টত বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব। তেওঁ বিহাৰৰ গয়াত প্ৰায় ১১ বজাত প্ৰায় ১৩, ০০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু প্ৰকল্প উদ্বোধন কৰিব। তেওঁ দুখন ৰে'লৰো যাত্ৰা আনুষ্ঠানিকভাবে মুকলি কৰিব আৰু সমবেত ৰাইজক সম্বোধন কৰিব। তাৰ পাছত তেওঁ গংগা নদীৰ অণ্টা-ছিমাৰিয়া দলং প্ৰকল্প উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ৪.১৫ বজাত কলকাতাৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা খণ্ডত মেট্ৰ’ ৰে’ল সেৱা মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে যশোৰ ৰোড মেট্ৰ' ষ্টেচনৰ পৰা জয় হিন্দ বিমান বন্দৰলৈ মেট্ৰ' ৰে’লত যাত্ৰা কৰিব আৰু উভতি আহিব। ইয়াৰ উপৰি তেওঁ কলকাতাত ৫, ২০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু প্ৰকল্প মুকলি কৰিব। এই উপলক্ষে তেওঁ সমবেত ৰাইজকো সম্বোধন কৰিব।

 

বিহাৰত প্ৰধানমন্ত্ৰী

যোগাযোগ উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ১,৮৭০ কোটি টকাৰ অধিক ব্যয়েৰে গংগা নদীৰ ১.৮৬ কিলোমিটাৰ দীঘল ৬ লেনৰ দলঙকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথ-৩১ত নিৰ্মাণ কৰি উলিওৱা ৮.১৫ কিলোমিটাৰ দীঘল অণ্টা-ছিমাৰিয়া দলং প্ৰকল্প উদ্বোধন কৰিব। ই পাটনাৰ মোকামা আৰু বেগুচৰাইৰ মাজত প্ৰত্যক্ষ সংযোগ প্ৰদান কৰিব।

এই দলংখন এখন পুৰণি দুৰ্বল ২ লেনযুক্ত ৰে'ল আৰু পথ দলং “ৰাজেন্দ্ৰ সেতু”ৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা হৈছে, যিখনৰ দুৰ্বল অৱস্থাৰ বাবে গধুৰ বাহনে বিকল্প পথেৰে যাত্ৰা কৰিবলগীয়া হয়। নতুন দলঙখনে উত্তৰ বিহাৰ (বেগুচৰাই, চুপাউল, মধুবনী, পুৰ্নীয়া আদি) আৰু দক্ষিণ বিহাৰৰ অঞ্চল (শেখপুৰা, নাৱাড়া, লখিচৰাই আদি)ৰ মাজত চলা গধুৰ বাহনৰ বাবে ১০০ কিলোমিটাৰৰো অধিক দূৰত্ব হ্ৰাস কৰিব। ইয়াৰ ফলত অঞ্চলটোৰ আন অংশত যান-জঁটৰ সমস্যা হ্ৰাস কৰাত সহায় হ'ব।

ইয়াৰ ফলত ওচৰ-পাজৰৰ অঞ্চলসমূহৰ অৰ্থনৈতিক বিকাশ বৃদ্ধি পাব। বিশেষকৈ উত্তৰ বিহাৰত, যি প্ৰয়োজনীয় কেঁচা সামগ্ৰী লাভ কৰিবলৈ দক্ষিণ বিহাৰ আৰু ঝাৰখণ্ডৰ ওপৰত নিৰ্ভৰশীল। ই বিখ্যাত তীৰ্থস্থান ছিমাৰিয়া ধামলৈও উন্নত যোগাযোগ আগবঢ়াব, যি ঠাইত প্ৰয়াত খ্যাতনামা কবি শ্ৰী ৰামধাৰী সিং দিনকৰৰ জন্মস্থান।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১, ৯০০ কোটি টকা ব্যয়সাপেক্ষ ৰাষ্ট্ৰীয় ঘাইপথ-৩১ ৰ বখতিয়াৰপুৰৰ পৰা মোকামা অংশলৈ চাৰি লেনযুক্ত অংশ উদ্বোধন কৰিব, যিয়ে যাতায়াতৰ সময় হ্ৰাস কৰিব আৰু যাত্ৰীৰ চলাচল আৰু সামগ্ৰীৰ সৰবৰাহ উন্নত কৰিব। ইয়াৰ উপৰি বিহাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-১২০ৰ বিক্ৰমগঞ্জ-দাৱৎ-নাৱানগৰ-ডুমৰাও অংশৰ দুই লেনৰ উন্নীতকৰণৰ জৰিয়তে গ্ৰামাঞ্চলৰ যোগাযোগ উন্নত কৰিব, স্থানীয় লোকৰ বাবে নতুন আৰ্থিক সুযোগ প্ৰদান কৰিব।

বিহাৰত শক্তি খণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৬,৮৮০ কোটি টকা ব্যয়সাপেক্ষ বক্সাৰ তাপ বিদ্যুৎ প্ৰকল্প (৬৬০x১ মেগাৱাট) উদ্বোধন কৰিব। ই শক্তি উৎপাদন ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব, শক্তি সুৰক্ষা উন্নত কৰিব আৰু অঞ্চলটোৰ বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিব।

স্বাস্থ্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে মুজাফফৰপুৰত হোমী ভাবা কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ উদ্বোধন কৰিব। কেন্দ্ৰটোত উন্নত অ’এনক’ল’জি অ’পিডি, আইপিডি ৱাৰ্ড, অস্ত্ৰোপচাৰ কক্ষ, আধুনিক পৰীক্ষাগাৰ, ব্লাড বেংক আৰু ২৪-বিচনাযুক্ত আইচিইউ (ইনটেনচিভ কেয়াৰ ইউনিট) আৰু এইচডি (উচ্চ নিৰ্ভৰশীলতা ইউনিট)আছে। এই অত্যাধুনিক সুবিধাই বিহাৰ আৰু চুবুৰীয়া ৰাজ্যসমূহত ৰোগীসকলৰ উন্নত আৰু সুলভ কৰ্কট ৰোগৰ চিকিৎসা সেৱা প্ৰদান কৰিব, চিকিৎসাৰ বাবে দূৰৰ  চহৰলৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব।

স্বচ্ছ ভাৰত আৰু গংগা নদীৰ অবিৰল আৰু নিৰ্মল ধাৰা নিশ্চিত কৰাৰ বাবে তেওঁৰ দৃষ্টিভংগী প্ৰসাৰিত কৰি প্ৰধানমন্ত্ৰীয়ে ৫২০ কোটি টকাৰ অধিক ব্যয়সাপেক্ষ নমামী গংগেৰ অধীনত নিৰ্মাণ কৰা মুংগেৰৰ আৱৰ্জনা নিস্কাসন প্ৰকল্প (এছটিপি) আৰু আৱৰ্জনা বৈ যোৱা নলা উদ্বোধন কৰিব। ই গংগাৰ প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিব আৰু অঞ্চলটোত অনাময় সুবিধা উন্নত কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১, ২৬০ কোটি টকাৰ এলানি নগৰীয়া আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। ইয়াৰ ভিতৰত আছে জাহানাবাদত ঔৰংগাবাদৰ দৌড়নগৰত এছটিপি আৰু আৱৰ্জনা নেটৱৰ্ক।লখিচৰাইৰ বাৰহিয়াত আৰু জামুইত এছটিপি তথা পৃথকীকৰণ আৰু গতি পৰিৱৰ্তনৰ কাম । অমৃত ২.০ৰ অধীনত তেওঁ ঔৰংগাবাদ, বুদ্ধগয়া আৰু জেহানাবাদত পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে বিশুদ্ধ খোৱা পানী, আধুনিক আৱৰ্জনা প্ৰণালী আৰু অনাময় উন্নত কৰিব যাৰ ফলত অঞ্চলটোত স্বাস্থ্য আৰু জীৱনৰ মান উন্নত কৰিব।

অঞ্চলটোত ৰে’ল যোগাযোগ বৃদ্ধি উন্নত কৰি প্ৰধানমন্ত্ৰীয়ে দুখন ৰে'লৰ ফ্লেগ অফ কৰিব। গয়া আৰু দিল্লীৰ মাজত অমৃত ভাৰত এক্সপ্ৰেছে যাত্ৰীক আধুনিক সা-সুবিধা আৰু উন্নত সুৰক্ষা প্ৰদান কৰিব। বৈশালী আৰু কোডেৰমাৰ মাজত বৌদ্ধ চাৰ্কিট ট্ৰেইনে অঞ্চলটোৰ প্ৰধান বৌদ্ধ স্থলসমূহত পৰ্যটন আৰু ধৰ্মীয় যাত্ৰাৰ সুবিধা বৃদ্ধি কৰিব।

পিএমএৱাই-গ্ৰামীনৰ অধীনত ১২, ০০০ গ্ৰামীণ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠান আৰু পিএমএৱাই-চহৰৰ অধীনত ৪, ২৬০ হিতাধিকাৰীক চাবি সমূহ প্ৰদান কৰাৰ প্ৰতীকী অনুষ্ঠানো অনুষ্ঠিত হ' ব।

 

পশ্চিমবংগত প্ৰধানমন্ত্ৰী

বিশ্ব মানৰ আন্তঃগাঁথনি আৰু উন্নত নগৰ সংযোগৰ প্ৰতি তেওঁৰ অংগীকাৰৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে কলকাতাত মেট্ৰ 'ৰেল প্ৰকল্প উদ্বোধন কৰিব। নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ১৩.৬১ কিলোমিটাৰ দীঘল মেট্ৰ' নেটৱৰ্ক উদ্বোধন কৰা হ' ব আৰু এই অংশত মেট্ৰ' সেৱা আৰম্ভ হ' ব। তেওঁ যশোৰ ৰোড মেট্ৰ' ষ্টেচন পৰিদৰ্শন কৰিব, য'ত তেওঁ যশোৰ ৰোডৰ পৰা নোৱাপাৰা-জয় হিন্দ বিমান বন্দৰ মেট্ৰ' সেৱা মুকলি কৰিব। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তেওঁ শিয়ালদহ-এছপ্লানেড মেট্ৰ’ সেৱা আৰু বেলঘাটা-হেমন্ত মুখোপাধ্যায় মেট্ৰ’ সেৱা মুকলি কৰিব। তেওঁ যশোৰ ৰোড মেট্ৰ' ষ্টেচনৰ পৰা জয় হিন্দ বিমান বন্দৰলৈ মেট্ৰ’ৰে যাত্ৰা কৰিব।

ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে এই মেট্ৰ' খণ্ড আৰু হাওৰা মেট্ৰ' ষ্টেচনত নতুনকৈ নিৰ্মাণ কৰা উপপথ উদ্বোধন কৰিব। নোৱাপাৰা-জয় হিন্দ বিমান বন্দৰ মেট্ৰ' সেৱাই বিমান বন্দৰলৈ যোগাযোগ যথেষ্ট উন্নত কৰিব। শিয়ালদহ-এছপ্লানেড মেট্ৰ'ই প্ৰায় ৪০ মিনিটৰ পৰা ১১ মিনিটলৈকে ভ্ৰমণৰ সময় হ্ৰাস কৰিব। বেলঘাটা-হেমন্ত মুখোপাধ্যায় মেট্ৰ' খণ্ডই এই দুই ঠাইৰ সৈতে সংযোগ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই মেট্ৰ'পথসমূহে কলকাতাৰ ব্যস্ততম অঞ্চলৰ সংযোগ উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, ভ্ৰমণৰ সময়ত উল্লেখযোগ্য হ্ৰাস কৰিব, আৰু মাল্টিমডেল কানেক্টিভিটি শক্তিশালী কৰিব, যাৰ ফলত লাখ লাখ দৈনিক যাতায়াতকাৰী উপকৃত হ’ব।

অঞ্চলটোত পথ আন্তঃগাঁথনি বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে ১, ২০০ কোটি টকাৰো অধিক ব্যয়ৰ ৭.২ কিলোমিটাৰ দীঘল ছয় লেনযুক্ত কোনা এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰিব। ই হাওৰা, চৌপাশৰ গ্ৰাম্য অঞ্চল আৰু কলকাতাৰ মাজত যোগাযোগ বৃদ্ধি কৰিব, ভ্ৰমণৰ সময় ৰাহি কৰিব আৰু অঞ্চলটোত বাণিজ্য, বেহা-বেপাৰ আৰু পৰ্যটনৰ যথেষ্ট বৃদ্ধি কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership