প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ মতিহাৰীত ৭,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব
প্ৰধানমন্ত্ৰীয়ে দাৰভাঙাত ভাৰতীয় নতুন চফ্টৱেৰ প্ৰযুক্তি উদ্যান (STPI) আৰু পাটনাত এছটিপিআই-ৰ অত্যাধুনিক ইনকিউবেচন ব্যৱস্থা উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ যোগাযোগ ব্যৱস্থাৰ দিশত এক বৃহৎ অগ্ৰগতি সাধনেৰে চাৰিখন নতুন অমৃত ভাৰত ৰেলৰ ফ্লেগ অফ কৰিব
প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ দুৰ্গাপুৰত ৫০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব
প্ৰকল্পসমূহে তেল আৰু গেছ, শক্তি, পথ আৰু ৰেল আদি ভিন্ন খণ্ডক সামৰি ল’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুলাইত বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব। তেখেতে দিনৰ প্ৰায় ১১:৩০ বজাত বিহাৰৰ মতিহাৰীত ৭,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াত তেখেতে এখনি জন সভাও সম্বোধন কৰিব।

ইয়াৰ পিছত তেখেতে পশ্চিম বংগ ভ্ৰমণেৰে দুৰ্গাপুৰত বিয়লি প্ৰায় ৩ বজাত ৫০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। তেখেতে লগতে ইয়াত সমবেতসকলক সম্বোধনো কৰিব।

বিহাৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ৰেল, পথ, গ্ৰামোন্নয়ন, মীন, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি খণ্ডক সামৰি ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা কৰিব।

যোগাযোগ ব্যৱস্থা আৰু আন্তঃগাঁথনি বৰ্ধনৰ অৰ্থে স্বকীয় দায়বদ্ধতাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে একাধিক ৰেল প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত আছে সমষ্টিপুৰ-বাচৱাৰা ৰেল লাইনৰ মাজত অটমেটিক ছিগনেলিং। ইয়াৰ ফলশ্ৰুতিত এই শাখাত ফলপ্ৰসূ ৰেল পৰিচালনাৰ প্ৰশস্ত হ’ব। ৫৮০ কোটি টকাৰো অধিক মূল্যৰ দাৰভাঙা-সমষ্টিপুৰ দ্বৈতকৰণ প্ৰকল্পৰ দাৰভাঙা-থালৱাৰা আৰু সমষ্টিপুৰ-ৰামভদ্ৰপুৰ ৰেল লাইন অংশ দ্বৈতকৰণৰ ফলশ্ৰুতিত ৰেল পৰিচালনা ক্ষমতা বৃদ্ধি পাব আৰু পলম হ্ৰাস হ’ব।

লগতে প্ৰধানমন্ত্ৰীয়ে একাধিক ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ৰেল প্ৰকল্পসমূহৰ ভিতৰত পাটলিপুত্ৰত বন্দে ভাৰত ৰেলৰ ৰক্ষণাবেক্ষণৰ বাবে আন্তঃগাঁথনিৰ উন্নয়ন সাধন কাৰ্য্যও অন্তৰ্ভুক্ত হৈছে। ভাটনি-ছাপৰা গ্ৰামীণ ৰেল লাইনত (১১৪ কিলোমিটাৰ) অটমেটিক ছিগনেলিঙৰ ব্যৱস্থাই ৰেলৰ চলাচল সুশৃংখলিত কৰিব। ট্ৰেকচন ব্যৱস্থাৰ আন্তঃগাঁথনিক সুদৃঢ়কৰণ আৰু শক্তি ফলপ্ৰসূতা অনুকূলকৰণেৰে ৰেলৰ অধিক গতি নিশ্চিতকৰণৰ অৰ্থে ভাটনি-ছাপৰা গ্ৰামীণ শাখাত ট্ৰেকচন ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰা হৈছে। ছেকচনেল ক্ষমতা বৃদ্ধি, অধিক যাত্ৰীবাহী আৰু মালবাহী ৰেল চলাচল, উত্তৰ বিহাৰ আৰু দেশৰ বাকী অংশৰ মাজত যোগাযোগ ব্যৱস্থাক সুদৃঢ়কৰণৰ বাবে প্ৰায় ৪,০৮০ কোটি টকা মূল্যৰ দাৰভাঙা-নৰকটিয়াগঞ্জ ৰেল লাইনৰ দ্বৈতকৰণ প্ৰকল্পও আছে।

অঞ্চলটোৰ পথ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি সাধনেৰে প্ৰধানমন্ত্ৰীয়ে আৰা-মোহনিয়া ৩১৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পাটনা-বক্সাৰ ৯২২ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ৩১৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আৰা বাইপাছৰ ৪-লেনিঙৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ফলশ্ৰুতিত নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্তৰে যাত্ৰাৰ সময় হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীয়ে আৰা টাউনক ০২ নং ৰাষ্ট্ৰীয় ঘাইপথ (সোণালী চতুৰ্ভুজ)-ৰ সৈতে সংযোগ কৰা ৩১৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ, ৮২০ কোটি টকাৰো অধিক মূল্যৰ ৩১৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰৰীয়াৰ পৰা মোহনিয়ালৈ ৪-লেন অংশ উদ্বোধন কৰিব। ইয়াৰ ফলশ্ৰুতিত সামগ্ৰীৰ সৰবৰাহ আৰু যাত্ৰীৰ আহ-যাহ বৃদ্ধি পাব। ৩৩৩চি ৰাষ্ট্ৰীয় ঘাইপথৰ সৰৱানৰ পৰা চকাইলৈ পেভড ছলডাৰৰ ২-লেনিঙে সামগ্ৰীৰ সৰবৰাহ আৰু যাত্ৰীৰ আহ-যাহৰ বৰ্ধন ঘটাব তথা বিহাৰ আৰু ঝাৰখণ্ডৰ মাজত মূল সংযোগী পথ হিচাপে কাম কৰিব।

প্ৰধানমন্ত্ৰীয়ে আইটি/আইটিইএছ/ইএছডিএম উদ্যোগ আৰু ষ্টাৰ্টআপৰ প্ৰচাৰৰ বাবে দাৰভাঙাত ভাৰতীয় নতুন ছফ্টৱেৰ প্ৰযুক্তি উদ্যান STPI) আৰু পাটনাত এছটিপিআই-ৰ অত্যাধুনিক ইনকিউবেচন ব্যৱস্থা উদ্বোধন কৰিব। এই সুবিধাসমূহে আইটি ছফ্টৱেৰ আৰু সেৱাৰ ৰপ্তানি বৃদ্ধিত সহায় কৰিব। ইয়াৰ উপৰিও ই উদীয়মান উদ্যোগীসকলৰ বাবে টেক ষ্টাৰ্টআপ ইক’চিষ্টেমক লালন-পালন কৰিব, উদ্ভাৱন, আইপিআৰ আৰু প্ৰডাক্টৰ বিকশিতকৰণক উৎসাহিত কৰিব।

বিহাৰৰ মীন আৰু জলজ কৃষি খণ্ডক সুদৃঢ়কৰণৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ (PMMSY) অধীনত অনুমোদিত এলানি মীন উন্নয়ন প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ফলশ্ৰুতিত বিহাৰৰ ভিন্ন জিলাত নতুন মাছ হেচাৰী, বাঅ’ফ্ল’ক ইউনিট, অলংকাৰিক মীন পালন, সংহত জলজ কৃষি ইউনিট আৰু ফিছ ফীড মিলকে প্ৰমুখ্য কৰি আধুনিক মীন আন্তঃগাঁথনি আৰম্ভ হ’ব। জলজ কৃষি প্ৰকল্পই বিহাৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিত সহায় কৰিব, মাছৰ উৎপাদন বৃদ্ধি কৰিব, উদ্যমিতাক প্ৰসাৰিত কৰিব আৰু ৰাজ্যখনৰ গ্ৰামাঞ্চলসমূহৰ আৰ্থ-সামাজিক উন্নয়নক ত্বৰান্বিত কৰিব।

ভৱিষ্যতৰ বাবে সাজু ৰেল নেটৱৰ্কৰ দৃষ্টিভংগীৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেল (পাটনা)-ৰ পৰা নতুন দিল্লীলৈ, বাপুধাম মতিহাৰীৰ পৰা দিল্লীলৈ (আনন্দ বিহাৰ টাৰ্মিনেল), দাৰভাঙাৰ পৰা লক্ষ্ণৌ (গোমতি নগৰ) আৰু মালদা টাউনৰ পৰা লক্ষ্ণৌ (গোমতি নগৰ)-ৰ মাজত চাৰিখন নতুন অমৃত ভাৰত ৰেলৰ ফ্লেগ-অফেৰে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে দীনদয়াল অন্ত্যোদয় যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (DAY-NRLM)-ৰ অধীনত বিহাৰৰ প্ৰায় ৬১,৫০০ আত্ম-সহায়ক গোটলৈ ৪০০ কোটি টকা মুকলিও কৰিব। নাৰী-চালিত উন্নয়নত বিশেষ গুৰুত্ব আৰোপেৰে ১০ কোটিৰো অধিক মহিলাক আত্ম-সহায়ক গোট (SHG)-ৰ সৈতে সংযুক্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ১২,০০০ হিতাধিকাৰীৰ গৃহপ্ৰৱেশৰ অংশ হিচাপে একাংশ হিতাধিকাৰীক ঘৰৰ চাবিও প্ৰদান কৰিব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ ৪০,০০০ হিতাধিকাৰীলৈ ১৬০ কোটি টকাৰো অধিক ধন মুকলি কৰিব।

পশ্চিম বংগত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে তেল আৰু গেছ, শক্তি, পথ আৰু ৰেল খণ্ডৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

অঞ্চলটোৰ তেল আৰু গেছৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি সাধনেৰে প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ বাংকুৰা আৰু পুৰুলিয়া জিলাত প্ৰায় ১,৯৫০ কোটি টকা মূল্যৰ ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডৰ (BPCL) চিটি গেছ বিতৰণ (CGD) প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ জৰিয়তে গৃহস্থী, বাণিজ্যিক প্ৰতিষ্ঠান আৰু ঔদ্যোগিক গ্ৰাহকসকলক পিএনজি সংযোগ প্ৰদান কৰা হ’ব আৰু খুচুৰা বিপণীসমূহত চিএনজি প্ৰদান কৰা হ’ব। ইয়াৰ ফলশ্ৰুতিত অঞ্চলটোত কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী উৰ্জা গংগা (PMUG) প্ৰকল্প নামেৰেও জনাজাত অভিলাষী জগদীশপুৰ-হালদিয়া আৰু বোকাৰো-ধমৰা পাইপলাইনৰ অংশ হিচাপে সংস্থাপিত দুৰ্গাপুৰ-হালদিয়া প্ৰাকৃতিক গেছ পাইপলাইনৰ দুৰ্গাপুৰৰ পৰা কলকাতালৈ (১৩২ কিলোমিটাৰ) অংশও ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ১,১৯০ কোটি টকাৰো অধিক মূল্যৰ দুৰ্গাপুৰৰ পৰা কলকাতা অংশ পশ্চিম বংগৰ পূব বর্ধমান, হুগলী আৰু নাদিয়া জিলাৰ মাজেৰে পাৰ হৈ গৈছে। এই পাইপলাইনে ইয়াৰ কাৰ্য্যকৰীকৰণ পৰ্য্যায়ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিছিল তথা এতিয়া অঞ্চলটোৰ লাখ-লাখ গৃহস্থীলৈ প্ৰাকৃতিক গেছৰ যোগানৰ সুবিধা প্ৰশস্ত কৰিব।

সকলোৰে বাবে বিশুদ্ধ বায়ু আৰু স্বাস্থ্য সুৰক্ষাৰ অংগীকাৰেৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ১,৪৫৭ কোটি টকাৰো অধিক মূল্যৰ দুৰ্গাপুৰ ষ্টীল থাৰ্মেল পাৱাৰ ষ্টেচনৰ ৰেট্ৰফিটিং পলিউচন কন্ট্ৰল চিষ্টেম-ফ্লু গেছ ডিছালফাৰাইজেচন (FGD) আৰু দামোদৰ ভেলী কৰ্পৰেচনৰ ৰঘুনাথপুৰ থাৰ্মেল পাৱাৰ ষ্টেচন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই প্ৰকল্পই স্বচ্ছ শক্তি উৎপাদনত সহায়েৰে অঞ্চলটোত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰে অঞ্চলটোক উপকৃত কৰিব।

অঞ্চলটোৰ ৰেল আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনেৰে প্ৰধানমন্ত্ৰীয়ে ৩৯০ কোটি টকাৰো অধিক মূল্যৰ পুৰুলিয়া – কোটশিলা ৰেল লাইনৰ (৩৬ কিমি) দ্বৈতকৰণৰ কামো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ জৰিয়তে জামছেদপুৰ, বোকাৰো আৰু ধনবাদৰ পৰা ৰাঁচী আৰু কলকাতাৰ সৈতে উদ্যোগসমূহৰ মাজত ৰেল সংযোগৰ অগ্ৰগতি সাধন আৰু মালবাহী ৰেলৰ সুচল চলাচল, যাতায়াতৰ সময় হ্ৰাস আৰু উদ্যোগ তথা ব্যৱসায়ৰ বাবে লজিষ্টিক ব্যৱস্থাৰ বৰ্ধন ঘটিব।

প্ৰধানমন্ত্ৰীয়ে সেতু ভাৰতম কাৰ্য্যসূচীৰ অধীনত ৩৮০ কোটি টকাৰো অধিক মূল্যৰ দুখন ৰোড অ’ভাৰ ব্ৰীজ (ROB) উদ্বোধন কৰিব। পশ্চিম বৰ্ধমানৰ টপছি আৰু পাণ্ডাবেশ্বৰত এয়া নিৰ্মাণ কৰা হৈছে। ই যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ লগতে ৰেলৱে লেভেল ক্ৰছিঙত দুৰ্ঘটনা ৰোধত সহায় কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
₹50,000 cr infrastructure investment drives Varanasi's industrial growth

Media Coverage

₹50,000 cr infrastructure investment drives Varanasi's industrial growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles passing of Smt. Vijaya Mehta Ji
July 01, 2026

The Prime Minister, Shri Narendra Modi, has condoled the passing of Smt. Vijaya Mehta Ji. Shri Modi remarked that Smt. Vijaya Mehta Ji was a pioneer of modern Marathi theatre, known for her creativity and commitment to artistic excellence. And her work inspired generations of actors, directors and theatre lovers.

The Prime Minister posted on X:

Deeply saddened by the passing of Smt. Vijaya Mehta Ji. She will be remembered as one of the towering personalities of culture and cinema.

A pioneer of modern Marathi theatre, she was known for her creativity and commitment to artistic excellence. Her work inspired generations of actors, directors and theatre lovers.

My thoughts are with her family, admirers and the entire artistic fraternity in this hour of grief. Om Shanti.

विजया मेहता जी यांच्या निधनाने अत्यंत दुःख झाले आहे. सांस्कृतिक आणि चित्रपट क्षेत्रातील एक उत्तुंग व्यक्तिमत्त्व म्हणून त्या सदैव स्मरणात राहतील.

​आधुनिक मराठी रंगभूमीच्या त्या प्रणेत्या होत्या, सर्जनशीलता आणि कलात्मक उत्कृष्टता यांच्याप्रती असलेल्या निष्ठेसाठी त्या ओळखल्या जात होत्या. त्यांच्या कार्याने अभिनेते, दिग्दर्शक आणि रंगभूमीप्रेमींच्या अनेक पिढ्यांना प्रेरित केले.

​या दुःखद प्रसंगी त्यांच्या कुटुंबीयांप्रती, चाहत्यांप्रती आणि संपूर्ण कलाक्षेत्राप्रती माझ्या मनःपूर्वक संवेदना व्यक्त करतो. ओम शांती.