ডিফুত 'শান্তি, ঐক্য আৰু উন্নয়ন ৰেলী' সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে কাৰ্বি আংলঙত শিক্ষা খণ্ডত ৫০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে সাতখন কৰ্কট ৰোগ চিকিৎসালয় দেশবাসীৰ বাবে উৎসৰ্গা কৰিব আৰু অসমত সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে অসমত প্ৰায় ১১৫০ কোটি টকা ব্যয়েৰে বিকশিত কৰা ২৯৫০ৰো অধিক অমৃত সৰোবৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ এপ্ৰিলত অসম ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১:০০ বজাত তেওঁ কাৰ্বি আংলং জিলাৰ ডিফুত 'শান্তি, একতা আৰু উন্নয়ন ৰেলী' সম্বোধন কৰিব। এই কাৰ্যসূচীৰ সময়তে তেওঁ শিক্ষা খণ্ডৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। তাৰ পিছতে বিয়লি প্ৰায় ১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ডিব্ৰুগড় কৰ্কট চিকিৎসালয় দেশবাসীক উৎসৰ্গা কৰিব। ইয়াৰ পিছত, আবেলি প্ৰায় ৩ বজাত তেওঁ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ছয়খন কৰ্কট চিকিৎসালয় দেশবাসীৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে আৰু সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব।

কাৰ্বি আংলঙৰ ডিফুত প্ৰধানমন্ত্ৰী

এই অঞ্চলৰ শান্তি আৰু উন্নয়নৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ অটল প্ৰতিশ্ৰুতিৰ এক উৎকৃষ্ট উদাহৰণ হৈছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ছয়টা কাৰ্বি উগ্ৰপন্থী সংগঠনৰ সৈতে শেহতীয়াকৈ স্বাক্ষৰ কৰা মীমাংসা চুক্তি। মীমাংসা চুক্তিয়ে অঞ্চলটোত শান্তিৰ এক নতুন যুগৰ সূচনা কৰিছে। 'শান্তি, ঐক্য আৰু উন্নয়ন ৰেলী'ত প্ৰধানমন্ত্ৰীৰ ভাষণে সমগ্ৰ অঞ্চলটোত শান্তি প্ৰচেষ্টাক এক গুৰুত্বপূৰ্ণ উৎসাহ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে পশু চিকিৎসা মহাবিদ্যালয় (ডিফু), ডিগ্ৰী মহাবিদ্যালয় (পশ্চিম কাৰ্বি আংলং) আৰু কৃষি মহাবিদ্যালয় (কলংগা,পশ্চিম কাৰ্বি আংলং)ৰ আধাৰশিলাও স্থাপন কৰিব। ৫০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ এই প্ৰকল্পসমূহে অঞ্চলটোত দক্ষতা বিকাশ আৰু নিযুক্তিৰ বাবে নতুন সুযোগ প্ৰদান কৰিব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ২৯৫০ৰো অধিক অমৃত সৰোবৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্যখনে এই অমৃত সৰোবৰবোৰ প্ৰায় ১১৫০ কোটি টকা ব্যয়েৰে বিকশিত কৰিব।

ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী

অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনে ৰাজ্যৰ ১৭খন কেন্সাৰ কেয়াৰ হাস্পতালৰ সৈতে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ সুলভ কেন্সাৰ কেয়াৰ নেটৱৰ্ক স্থাপনৰ এটা প্ৰকল্প কাৰ্যকৰী কৰি আছে। প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত, ১০খন চিকিৎসালয়ৰ ভিতৰত সাতখন চিকিৎসালয়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। আনহাতে তিনিখন চিকিৎসালয় নিৰ্মাণৰ বিভিন্ন স্তৰত আছে। প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ত সাতখন নতুন কৰ্কট চিকিৎসালয় নিৰ্মাণ কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ অধীনত সম্পূৰ্ণ হোৱা সাতখন কৰ্কট চিকিৎসালয় দেশবাসীৰ বাবে উৎসৰ্গা কৰিব। এই কৰ্কট চিকিৎসালয়সমূহ ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, দৰং, তেজপুৰ, পঞ্চায়ত, লখিমপুৰ আৰু যোৰহাটত নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ত ধুবুৰী, নলবাৰী, গোৱালপাৰা, নগাঁও, শিৱসাগৰ, তিনিচুকীয়া আৰু গোলাঘাটত নিৰ্মাণ হ'বলগীয়া সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলাও স্থাপন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Safran’s Hyderabad engine MRO starts operations, targets 300 LEAP engines annually

Media Coverage

Safran’s Hyderabad engine MRO starts operations, targets 300 LEAP engines annually
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”