প্ৰধানমন্ত্ৰীয়ে ৪৭,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
উত্তৰ-পূব ভাৰতৰ প্ৰথমটো প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীনফিল্ড চাৰি-লেন হাই-স্পীড কৰিডৰ শ্বিলং-শিলচৰ কৰিডৰৰ ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে পথ আন্তঃগাঁথনিৰ এক বৃহৎ পদক্ষেপ অসম মালা ৩.০-ৰ ভূমি পূজন কৰিব
চাহ বাগিচাৰ লোকসকলক হোমষ্টেড ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি স্বৰূপে চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমি পট্টা বিতৰণ কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে শক্তি আন্তঃগাঁথনিক সুদৃঢ়কৰণৰ অৰ্থে কপিলী জল-বিদ্যুৎ প্ৰকল্প উৎসৰ্গা, নুমলীগড়–শিলিগুড়ি পাইপলাইনৰ ক্ষমতা বৰ্ধন আৰু উত্তৰ-পূব গেছ গ্ৰীডৰ ১ম পৰ্য্যায় উদ্বোধন কৰিব
কামাখ্যা ৰেলৱে ষ্টেচনক কামাখ্যা মন্দিৰৰ সৈতে সংযোগ কৰা ৰ’পৱে’ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ১৩-১৪ মাৰ্চত অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰত ৪৭,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা, আধাৰশিলা স্থাপন, ভূমি পূজন আৰু ফ্লেগ অফ কৰিব।

১৩ মাৰ্চত দিনৰ প্ৰায় ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰত ৪,৫৭০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজিৰ ভূমি পূজন, আধাৰশিলা স্থাপন আৰু ফ্লেগ অফ কৰিব। ইয়াৰ পিছত বিয়লি প্ৰায় ৫ বজাত গুৱাহাটীত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৯,৬৮০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ ভূমি পূজন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

১৪ মাৰ্চত পুৱা প্ৰায় ১০:৪৫ বজাত শিলচৰত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২৩,৫৫০ কোটি টকা মূল্যৰ একাধিক প্ৰকল্পৰ ভূমি পূজন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

কোকৰাঝাৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ৩,২০০ কোটি টকাৰো অধিক মূল্যৰ পথ আন্তঃগাঁথনিৰ এক বৃহৎ পদক্ষেপ অসম মালা ৩.০-ৰ ভূমি পূজন কৰিব। এই আঁচনিৰ অধীনত আন্তঃৰাজ্যিক সংযোগৰ অগ্ৰগতি সাধনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু গ্ৰাম্য পথৰ সংযোগক সুদৃঢ় কৰাৰ বাবে সমগ্ৰ অসমতে ৯০০ কিমিৰো অধিক পথ নিৰ্মাণ কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১,১০০ কোটি টকা বিনিয়োগ সাপেক্ষে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC) এলেকাত চাৰিখন উৰণ সেতু আৰু দুখন দলঙকে প্ৰমুখ্য কৰি ছটা পথ আন্তঃগাঁথনি প্ৰকল্পৰ ভূমি পূজন কৰিব। এই প্ৰকল্পসমূহে কোকৰাঝাৰত যানজঁট হ্ৰাস কৰাত সহায় কৰিব আৰু যোগাযোগ ব্যৱস্থা, পৰ্যটন, কৃষি সুবিধা, স্বাস্থ্যসেৱা সুবিধা তথা গ্ৰামীণ ম’বিলিটিৰ অগ্ৰগতি সাধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰৰ বাশবাৰীত এটি পিৰিঅ’ডিক অভাৰহ’লিং (POH) ৱৰ্কশ্বপৰ আধাৰশিলা স্থাপন কৰিব। এই ৱৰ্কশ্বপে ৰেলৱে ৰক্ষণাবেক্ষণ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে কাৰ্য্যকৰী দক্ষতা বৃদ্ধিৰ সমান্তৰালকৈ অঞ্চলটোত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ লক্ষ্যৰে তিনি নতুন ৰেল সেৱাৰো ফ্লেগ অফ কৰিব। ইয়াৰ ভিতৰত উত্তৰ-পূব আৰু দক্ষিণ ভাৰতৰ মাজত প্ৰত্যক্ষ ৰেল সংযোগ প্ৰশস্ত কৰিবলগীয়া কামাখ্যা-চৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ; অসম আৰু পশ্চিম বংগৰ মাজত যোগাযোগ ব্যৱস্থাৰ বৰ্ধন কৰিবলগীয়া গুৱাহাটী-নিউ জলপাইগুড়ি এক্সপ্ৰেছ তথা অসম আৰু ত্ৰিপুৰাৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ অৰ্থে নাৰেংগী-আগৰতলা এক্সপ্ৰেছ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ফলশ্ৰুতিত যাত্ৰী, ব্যৱসায়ী আৰু পৰ্যটকসকলৰ বাবে আন্তঃৰাজ্যিক যাতায়াতৰ সুবিধা প্ৰশস্ত হ’ব।

গুৱাহাটীত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে চাহ বাগিচাৰ লোকসকলক হোমষ্টেড ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি স্বৰূপে চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমি পট্টা বিতৰণ কৰিব। এইদৰে সুৰক্ষিত ভূমিৰ মালিকীস্বত্বই বাসগৃহৰ সুৰক্ষা বৃদ্ধি, প্ৰতিষ্ঠানিক ঋণ আৰু কল্যাণমূলক আঁচনিৰ উন্নত প্ৰৱেশ প্ৰশস্ত তথা দীৰ্ঘ-ম্যাদী সামাজিক আৰু অৰ্থনৈতিক ম’বিলিটিক প্ৰসাৰিত কৰিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ ৯.৩ কোটিৰো অধিক কৃষকলৈ পিএম-কিষাণ আঁচনিৰ ২২ সংখ্যক কিস্তি মুকলি কৰিব। ইয়াৰ অধীনত যোগ্য কৃষকসকলে তেওঁলোকৰ বেংক একাউন্টত পোনপটীয়াকৈ ২,০০০ টকাকৈ লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলঙত অৱস্থিত কপিলী জল-বিদ্যুৎ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ২,৩০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মিত এই প্ৰকল্পই স্বচ্ছ শক্তিৰ উৎপাদন বৃদ্ধি কৰিব, অঞ্চলটোৰ গ্ৰীডৰ সুস্থিৰতাৰ অগ্ৰগতি সাধন তথা গৃহস্থী, কৃষক আৰু উদ্যোগসমূহলৈ নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে অইল ইণ্ডিয়া লিমিটেডৰ নুমলীগড়-শিলিগুড়ি প্ৰডাক্ট পাইপলাইনৰ (NSPL) সামৰ্থ্য বৃদ্ধি প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই প্ৰকল্পৰ জৰিয়তে অতিৰিক্ত পেট্ৰলিয়াম সামগ্ৰী খালী কৰিব পৰাকৈ নুমলীগড় শোধনাগাৰৰ ৩ এমএমটিপিএ-ৰ পৰা ৯ এমএমটিপিএ-লৈ সম্প্ৰসাৰণৰ সুবিধা হ’ব। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীক নুমলীগড়, গহপুৰ আৰু ইটানগৰৰ সৈতে সংযোগ কৰা তথা ডিমাপুৰলৈকে শাখা লাইন বিস্তৃত এটা বৃহৎ পাইপলাইন প্ৰকল্প নৰ্থ ইষ্ট গেছ গ্ৰীডৰ ১ম পৰ্য্যায় উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে হাইলাকান্দিৰ পঞ্চগ্ৰামত নুমলীগড় শোধনাগাৰ লিমিটেডৰ (NRL) ৰেল-ফেড পিঅ’এল টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি আন্তঃগাঁথনিক যথেষ্ট শক্তিশালী কৰাৰ লগতে ৰাষ্ট্ৰীয় শক্তি সুৰক্ষা বৃদ্ধি কৰিব।

প্রধানমন্ত্রীয়ে গুৰুত্বপূৰ্ণ ৰেলৱে বৈদ্যুতীকৰণ প্রকল্পসমূহ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত আছে প্রায় ৪২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰঙিয়া-মুৰ্কংচেলেক ৰেল লাইন বৈদ্যুতীকৰণ (৫৫৮ কিমি) আৰু প্ৰায় ১,১৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চাপৰমুখ–ডিব্ৰুগড় ৰেল লাইন বৈদ্যুতীকৰণ (৫৭১ কিমি), প্ৰায় ৬৫০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বদৰপুৰ-শিলচৰ আৰু বদৰপুৰ-চুৰাইবাৰী ৰেল লাইন। এই প্ৰকল্পসমূহে সমগ্ৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ লগতে দ্ৰুত, শক্তি-দক্ষ আৰু পৰিবেশৰ প্ৰতি বহনক্ষম ৰেল অপাৰেচনৰ সুবিধা প্ৰশস্ত কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৩,৬০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ফৰকাটিং-তিনিচুকীয়া ৰেল লাইন দ্বৈতকৰণ প্ৰকল্পৰ (১৯৪ কিমি) আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ফলশ্ৰুতিত লাইনৰ ক্ষমতা বৃদ্ধি পাব আৰু অতিৰিক্ত যাত্ৰীবাহী তথা মালবাহী ৰেলৰ চলাচল সম্ভৱ হৈ উঠিব।

জলপথ খণ্ডত প্ৰধানমন্ত্ৰীয়ে বিশ্বনাথৰ বিশ্বনাথ ঘাট আৰু যোৰহাটৰ নিমাতীত ক্ৰুজ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ বগীবিলত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান সামুদ্ৰিক প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰ হিচাপে পৰিগণিত হ’বলগীয়া আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰৰ (RCoE) ভূমি পূজন কৰিব। প্ৰধানমন্ত্ৰীয়ে পাণ্ডু জেটীক ৰাষ্ট্ৰীয় ঘাইপথ-২৭ ৰে সংযোগ কৰা এপ্ৰ’চ ৰোডো উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে কামাখ্যা ৰেলৱে ষ্টেচন আৰু কামাখ্যা মন্দিৰ সংযোগী ৰ’পৱে’ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। উন্নত মন’কেবল ডিটাচেবল গণ্ডোলা প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰ অধীনত পৰিকল্পিত এই ৰ’পৱে’ প্ৰতিদিনে প্ৰায় ১৭ হাজাৰ যাত্ৰীক পৰিবহণ কৰিবলৈ সক্ষম হ’ব। এই প্ৰকল্পই ভ্ৰমণৰ সময় হ্ৰাস কৰিব আৰু তীৰ্থযাত্ৰীসকলক আৰামদায়ক, পৰিবেশ-অনুকূল পৰিবহণৰ বিকল্প প্ৰদান কৰাৰ লগতে মহানগৰৰ পথসমূহক ভিৰমুক্ত কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত প্ৰধানমন্ত্ৰী একতা মলো উদ্বোধন কৰিব। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক প্ৰধান বাণিজ্যিক আৰু পৰ্যটন কেন্দ্ৰ হিচাপে কল্পনা কৰা মলটোত অসমৰ লগতে আন-আন ৰাজ্যৰ এক জিলা এক প্ৰডাক্ট (ODOP) সামগ্ৰী, জিআই-টেগযুক্ত সামগ্ৰী, হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীৰ স্থায়ী ষ্টল আছে। এই সুবিধাত আগশাৰীৰ ভাৰতীয় ব্ৰেণ্ডৰ শ্ব’ৰুম, ফুড ক’ৰ্ট, আধুনিক সা-সুবিধা, পাৰ্কিং আৰু ডিজিটেল কিয়স্ক থাকিব। ইয়াৰ জৰিয়তে স্থানীয় শিল্পীসকলক এখনি মঞ্চ প্ৰদান কৰাৰ লগতে আঞ্চলিক সংস্কৃতি আৰু উদ্যোগক প্ৰচাৰৰ প্ৰয়াস কৰা হৈছে।

শিলচৰত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূব ভাৰতৰ প্ৰথমটো প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীনফিল্ড চাৰি-লেন হাই-স্পীড কৰিডৰ শ্বিলং-শিলচৰ কৰিডৰৰ ভূমি পূজন কৰিব। প্ৰায় ২২,৮৬০ কোটি টকা বিনিয়োগ সাপেক্ষে ১৬৬ কিমি দৈৰ্ঘ্যৰ কৰিডৰটোৱে মেঘালয় আৰু অসমৰ যোগাযোগ ব্যৱস্থাৰ যথেষ্ট অগ্ৰগতি সাধন কৰিব। এই প্ৰকল্পৰ জৰিয়তে গুৱাহাটী আৰু শিলচৰৰ মাজৰ দূৰত্ব হ্ৰাস পোৱাৰ লগতে ই যাত্ৰাৰ সময় ৮.৫ ঘন্টাৰ পৰা প্ৰায় ৫ ঘন্টালৈ হ্ৰাস কৰি অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ আৰু সীমা অতিক্ৰমি বাণিজ্যৰ বৰ্ধন ঘটাব।

প্ৰধানমন্ত্ৰীয়ে শিলচৰৰ কেপিটেল পইন্টৰ সমীপৰ ট্ৰাংক ৰোডৰ পৰা ৰংখাৰী পইন্টলৈ (১ম পৰ্য্যায়) ৰাষ্ট্ৰীয় ঘাইপথ-৩০৬ ত এলিভেটেড কৰিডৰৰ ভূমি পূজন কৰিব। এই প্ৰকল্পই শিলচৰৰ অন্যতম ব্যস্ত পথসমূহক ভিৰ-মুক্ত কৰিব, চুবুৰীয়া ৰাজ্য যেনেঃ মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ সৈতে যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব তথা বৰাক উপত্যকাৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাব।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কৰিমগঞ্জৰ পাথাৰকান্দিত এখন নতুন কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰতিষ্ঠানখনিয়ে অসমৰ কৃষি শিক্ষা আৰু গৱেষণা বাতাবৰণক শক্তিশালী কৰাৰ লগতে বৰাক উপত্যকা তথা চুবুৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক বাসস্থানৰ ওচৰতে উচ্চ-মানৰ কৃষি শিক্ষা লাভৰ সুবিধা প্ৰদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors

Media Coverage

India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles passing of renowned photographer Shri Raghu Rai
April 26, 2026

The Prime Minister has expressed deep sorrow over the passing of eminent photographer Raghu Rai, describing him as a creative stalwart who immortalised India’s vibrancy through his lens. Shri Modi noted that Shri Raghu Rai’s work was marked by extraordinary sensitivity, depth and diversity, capturing the many facets of life across India and bringing them closer to people.The Prime Minister remarked that his contribution to the world of photography and culture is unparalleled, and his passing is an irreparable loss to the artistic community.

The Prime Minister posted on X;

“Shri Raghu Rai Ji will be remembered as a creative stalwart, who captured India’s vibrancy through his lens. His photography had extraordinary sensitivity, depth and diversity. It brought people closer to the different aspects of life in India. His passing is an irreparable loss to the world of photography and culture. My thoughts are with his family, admirers and the photography fraternity in this hour of grief. Om Shanti.”