অৰুণাচল প্ৰদেশৰ বিশাল জলবিদ্যুতৰ সম্ভাৱনাক ব্যৱহাৰ কৰি ইটানগৰত ৩৭০০ কোটিৰো অধিক মূল্যৰ দুটা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে
জীৱনৰ মান উন্নত কৰাৰ লক্ষ্যৰে সংযোগ, স্বাস্থ্য আৰু অন্যান্য উন্নয়নমূলক পদক্ষেপৰ সৈতে জড়িত প্ৰকল্পসমূহ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
ত্ৰিপুৰাত মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ প্ৰকল্পৰ উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন তথা উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২২ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। তেওঁ ইটানগৰত ৫১০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব।

ইয়াৰ পিছতে তেওঁ ত্ৰিপুৰালৈ যাব মাতাবাৰীত ‘মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ  দৰ্শন  তথা পূজা কৰাৰ লগতে মন্দিৰ প্ৰকল্পৰ উন্নয়নমূলক কাম উদ্বোধন কৰিব।

অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী

বিশাল জলবিদ্যুতৰ সম্ভাৱনাক ব্যৱহাৰ কৰি অঞ্চলটোত বহনক্ষম শক্তি উৎপাদনক প্ৰসাৰিত কৰিবলৈ  প্ৰধানমন্ত্ৰীয়ে ইটানগৰত ৩৭০০ কোটিৰো অধিক টকা মূল্যৰ দুটা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অৰুণাচল প্ৰদেশৰ ছিয়ম উপ-অৱবাহিকাত হেও হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্ট (২৪০ মেগাৱাট) আৰু টাটো-আই হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্ট (১৮৬ মেগাৱাট)ৰ  উন্নয়ন সাধন কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে টাৱাঙত অত্যাধুনিক কনভেনচন চেণ্টাৰৰ আধাৰশিলাও স্থাপন কৰিব। সীমান্তৱৰ্তী জিলা টাৱাঙত ৯,৮২০ ফুটতকৈও অধিক উচ্চতাত অৱস্থিত এই কেন্দ্ৰটোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন, সাংস্কৃতিক উৎসৱ তথা প্ৰদৰ্শনী আদি আয়োজন কৰাত উল্লেখনীয় স্থান  হিচাপে পৰিগণিত হ'ব । ১৫০০ৰো অধিক প্ৰতিনিধিক আতিথ্য  প্ৰদান কৰাৰ ক্ষমতা থকা এই কেন্দ্ৰটোৱে বিশ্ব মান পূৰণ কৰিব আৰু অঞ্চলটোৰ পৰ্যটন তথা  সাংস্কৃতিক সম্ভাৱনাৰ বিকাশক  সমৰ্থন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ১২৯০ কোটিৰো অধিক টকা  মূল্যৰ একাধিক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পও উদ্বোধন  কৰিব, য’ত সংযোগ, স্বাস্থ্য, অগ্নিনিৰ্বাপক, কৰ্মৰত মহিলাৰ হোষ্টেল আদিকে ধৰি বিভিন্ন খণ্ডৰ  সুসংহত ব্যৱস্থা থাকিব । এই পদক্ষেপসমূহে অৰ্থনৈতিক বৃদ্ধিৰ অনুঘটক হিচাপে কাম কৰিব, জীৱনৰ মান উন্নত কৰিব আৰু অঞ্চলটোৰ সংযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

ব্যৱসায় কৰাত সহজতা নিশ্চিত কৰা আৰু এক সজীৱ উদ্যোগীকৰণ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে স্থানীয় কৰদাতা, ব্যৱসায়ী আৰু উদ্যোগৰ প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰিব। তেওঁ  শেহতীয়াকৈ জিএছটিৰ হাৰ যুক্তিসংগতকৰণৰ প্ৰভাৱৰ বিষয়েও আলোচনা কৰিব।

ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী

ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ তথা  সংৰক্ষণৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে  পিলগ্ৰিমেজ ৰেজুভেনেচন এণ্ড স্পিৰিছুৱেল হেৰিটেজ অগমেন্টেছন ড্ৰাইভ (PRASAD) আঁচনিৰ অধীনত মাতাবাৰীত ‘মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ প্ৰকল্প’ৰ উন্নয়নমূলক কাম উদ্বোধন কৰিব। ত্ৰিপুৰাৰ গোমটি জিলাৰ উদয়পুৰ চহৰত অৱস্থিত ৫১ খন প্ৰাচীন শক্তি পীঠৰ ভিতৰত ই অন্যতম।

ওপৰৰ পৰা দেখিবলৈ কচ্ছপৰ আকৃতিৰ এই নিৰ্মাণে মন্দিৰৰ চৌহদৰ পৰিৱৰ্তন, নতুন পথ, সংস্কাৰ কৰা প্ৰৱেশদ্বাৰ আৰু বেৰ, নিষ্কাশন ব্যৱস্থা, ষ্টল, ধ্যানৰ বাবে গৃহ  , অতিথিৰ বাসস্থান, কাৰ্যালয় কোঠা আদিৰে গঠিত নতুন তিনিমহলীয়া প্ৰকল্প আদি অন্তৰ্ভুক্ত কৰিছে। ই পৰ্যটনৰ উন্নীতকৰণ, কৰ্মসংস্থাপন  বৃদ্ধি তথা ব্যৱসায়িক সুযোগ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক বিকাশৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership