প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ১৬ নৱেম্বৰৰ দিনৰ ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে ‘শান্তিৰ মূৰ্তি’ উন্মোচন কৰিব।

শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজে(১৮৭০-১৯৫৪)ভগৱান মহাবীৰৰ বাণী প্ৰচাৰৰ বাবে এগৰাকী জৈন সাধু হিচাপে নিস্বাৰ্থভাৱে আৰু উত্সৰ্গিত মনোভাৱেৰে কাম কৰি এক অত্যন্ত অনাড়ম্বৰ জীৱন অতিবাহিত কৰিছিল। তেওঁ জনগণৰ কল্যাণ, শিক্ষাৰ প্ৰসাৰ,সমাজৰ অশুভ শক্তি নিৰ্মূল কৰাৰ বাবে কাম কৰাৰ লগতে প্ৰেৰণামূলক সাহিত্য(কবিতা,ৰচনা,ভগৱানৰ স্তুতিগীত) ৰচনা কৰিছিল আৰু স্বাধীনতা আন্দোলন আৰু স্বদেশীৰ বাবে সক্ৰিয় সমৰ্থন আগবঢ়াইছিল। তেওঁৰ অনুপ্ৰেৰণাৰে  কলেজ, বিদ্যালয় আৰু অধ্যয়ন কেন্দ্ৰকে ধৰি ৫০খনতকৈ অধিক প্ৰসিদ্ধ শৈক্ষিক প্ৰতিস্থান বিভিন্ন ৰাজ্যত কাৰ্যক্ষম হৈ আছে। তেওঁৰ সন্মানাৰ্থে উন্মোচন কৰিবলগীয়া মূৰ্তিটো ‘শান্তিৰ মূৰ্তি’ নামেৰে নামাকৰণ কৰা হৈছে। ১৫১ ইঞ্চি ওখ মূৰ্তিটো অষ্টধাতু অৰ্থাত্ ৮বিধ ধাতু, কপাৰ অধিকভাৱে ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে আৰু ৰাজস্থানৰ পালিৰ জেতপুৰাস্থিত বিজয় বল্লভ সাধনা কেন্দ্ৰত স্থাপন কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Praises Farmers For Taking India's Rich Mango Heritage To Global Markets

Media Coverage

PM Modi Praises Farmers For Taking India's Rich Mango Heritage To Global Markets
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 জুন 2026
June 01, 2026

Self-Reliant India Rising: Healthcare, Ports, Railways & More Under PM Modi