মহামান্য পণ্ডিত মদন মোহন মালৱীয়ৰ ১৬২ সংখ্যক জয়ন্তী উপলক্ষে এই কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে
১১টা খণ্ডৰ প্ৰথম ছিৰিজ উন্মোচন কৰা হ’ব

মহামান্য পণ্ডিত মদন মোহন মালৱীয়ৰ ১৬২ সংখ্যক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা'ৰ (Collected Works of Pandit Madan Mohan Malaviya) ১১টা খণ্ডৰ প্ৰথম ছিৰিজটো ২০২৩ৰ ২৫ ডিচেম্বৰৰ বিয়লি প্ৰায় ৪:৩০ বজাত বিজ্ঞান ভৱনত আয়োজিত এক অনুষ্ঠানত উন্মোচন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমবেতসকলক সম্বোধনো কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অমৃত কালৰ এই সময়ছোৱাত ৰাষ্ট্ৰ সেৱাত অপৰিসীম অৰিহণা যোগোৱা স্বাধীনতা সংগ্ৰামীসকলক যথাৰ্থ স্বীকৃতি জনোৱাৰ দৃষ্টি গ্ৰহণ কৰিছে। 'পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা' এই ক্ষেত্ৰতে এটি প্ৰচেষ্টা হিচাপে বিবেচিত হৈছে।

প্ৰায় ৪,০০০ পৃষ্ঠাত বিস্তৃত ১১টা খণ্ডৰ দ্বিভাষিক (ইংৰাজী আৰু হিন্দী) এই ৰচনাত দেশৰ প্ৰতিটো প্ৰান্তৰপৰা সংগৃহীত পণ্ডিত মদন মোহন মালৱীয়ৰ লেখা আৰু ভাষণসমূহ সংকলন কৰা হৈছে। এই খণ্ডসমূহত তেওঁৰ অপ্ৰকাশিত চিঠি, প্ৰবন্ধ আৰু ভাষণসমূহ, স্মাৰকপত্ৰ; ১৯০৭ত তেওঁ আৰম্ভ কৰা হিন্দী সাপ্তাহিক ‘অভ্যুদয়’ৰ সম্পাদকীয়; তেওঁ মাজে-সময়ে লিখা প্ৰবন্ধ, পাম্পলেট আৰু পুস্তিকা (booklet); ১৯০৩-১৯১০ত আগ্ৰা আৰু অৱধ সংযুক্ত প্ৰদেশৰ বিধান পৰিষদত প্ৰদান কৰা সকলো ভাষণ; ৰয়েল কমিছনক প্ৰদান কৰা বক্তব্য; ১৯১০-১৯২০ত ইম্পেৰিয়েল বিধান পৰিষদত বিধেয়ক দাখিলৰ সময়ত প্ৰদান কৰা ভাষণ; বেনাৰস হিন্দু বিশ্ববিদ্যালয় স্থাপনৰ পূৰ্বে আৰু পিছত লিখা চিঠি, প্ৰবন্ধ আৰু ভাষণ আৰু ১৯২৩-১৯২৫ত তেওঁ লিখা ডায়েৰী সন্নিৱিষ্ট কৰা হৈছে।

মহামান্য পণ্ডিত মদন মোহন মালৱীয়ৰ আদৰ্শ আৰু প্ৰমূল্যৰাজি প্ৰচাৰৰ বাবে সমৰ্পিত প্ৰতিষ্ঠান মহামান্য মালৱীয় মিছনে পণ্ডিত মদন মোহন মালৱীয়ই লিখা আৰু কোৱা নথিসমূহৰ গৱেষণা আৰু সংকলনৰ কাম হাতত লৈছিল। বিশিষ্ট সাংবাদিক শ্ৰী ৰাম বাহাদুৰ ৰায়ৰ নেতৃত্বত মিছনৰ এক নিষ্ঠাবান টীমে পণ্ডিত মদন মোহন মালৱীয়ৰ মৌলিক সাহিত্যৰ ভাষা আৰু পাঠ্যৰ পৰিৱৰ্তন নকৰাকৈ কাম কৰিছে। এই গ্ৰন্থৰাজিৰ প্ৰকাশৰ কাম তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰকাশন বিভাগে সম্পাদন কৰিছে।

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বিশিষ্ট প্ৰতিষ্ঠাপক পণ্ডিত মদন মোহন মালৱীয়ই আধুনিক ভাৰতৰ নিৰ্মাতাসকলৰ মাজত এগৰাকী অগ্ৰদূতৰ ভূমিকা পালন কৰিছিল। জনগণৰ মাজত ৰাষ্ট্ৰীয় চেতনা বৃদ্ধিৰ বাবে অপৰিসীম কাম কৰা এগৰাকী অসাধাৰণ পণ্ডিত আৰু স্বাধীনতা সংগ্ৰামী হিচাপে তেওঁক স্মৰণ কৰা হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch

Media Coverage

‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 আগষ্ট 2026
August 13, 2026

Aatmanirbhar in Motion: Solar Homes, Made-in-India Containers, Record Exports & a Rising Global Footprint Under the Leadership of PM Modi