PM to launch ‘Suposhit Gram Panchayat Abhiyan’

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২৬ ডিচেম্বৰত নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত দুপৰীয়া প্ৰায় ১২ বজাত শিশুসকলক ভাৰতৰ ভৱিষ্যতৰ ভেটি হিচাপে সন্মান জনোৱাৰ বাবে দেশজুৰি উদযাপন কৰা ‘বীৰ বাল দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে 'সুপোষিত গ্ৰাম পঞ্চায়ত অভিযান'ৰ শুভাৰম্ভ কৰিব। ইয়াৰ লক্ষ্য হৈছে পুষ্টি সম্পৰ্কীয় সেৱাসমূহৰ ৰূপায়ণ শক্তিশালী কৰি আৰু সম্প্ৰদায়ৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰি পুষ্টিৰ ফল আৰু কল্যাণৰ স্তৰ উন্নত কৰা।

যুৱ মনক জড়িত কৰা দিনটোৰ তাৎপৰ্য সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু দেশৰ প্ৰতি সাহস আৰু সমৰ্পণৰ সংস্কৃতি গঢ়ি তোলাৰ বাবে সমগ্ৰ দেশতে বিভিন্ন পদক্ষেপ লোৱা হ'ব। ‘মাইগভ’ আৰু ‘মাইভাৰত পৰ্টেল’-ৰ জৰিয়তে ‘ইন্টাৰেক্টিভ কুইজ’কে ধৰি কেবাটাও অনলাইন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। বিদ্যালয়, ‘চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যন’ আৰু ‘অংগনৱাড়ী কেন্দ্ৰ’সমূহত কাহিনী কোৱা, সৃষ্টিশীল লিখনি, পোষ্টাৰ নিৰ্মাণৰ দৰে আকৰ্ষণীয় কাৰ্যকলাপ হাতত লোৱা হ'ব।

কাৰ্যসূচীৰ সময়ত ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’ (পিএমআৰবিপি)ৰ বঁটা প্ৰাপকসকলো উপস্থিত থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence

Media Coverage

India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance