পাণ্ডুলিপি ডিজিটেলাইজেচন, সংৰক্ষণ আৰু জনসাধাৰণৰ সহজে পাব পৰাকৈ ডিজিটেল প্লেটফৰ্ম জ্ঞান ভাৰতম পৰ্টেল মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
সন্মিলনৰ বিষয়বস্তু: পাণ্ডুলিপি ঐতিহ্যৰ জৰিয়তে ভাৰতৰ জ্ঞান ঐতিহ্য পুনৰ উদ্ধাৰ কৰা
এই সন্মিলনৰ উদ্দেশ্য ভাৰতৰ অনন্য পাণ্ডুলিপি সম্পদক পুনৰুজ্জীৱিত কৰা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ছেপ্টেম্বৰ, ২০২৫ৰ বিয়লি প্ৰায় ৪:৩০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত জ্ঞান ভাৰতম সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ লগতে পাণ্ডুলিপিসমূহৰ ডিজিটেলাইজেচন, সংৰক্ষণ আৰু জনসাধাৰণে সহজে পাব পৰাকৈ এক নিৰ্দিষ্ট ডিজিটেল প্লেটফৰ্ম জ্ঞান ভাৰতম পৰ্টেল মুকলি কৰিব। এই উপলক্ষে সভাত ভাষণো আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।

“পাণ্ডুলিপি ঐতিহ্যৰ জৰিয়তে ভাৰতৰ জ্ঞান ঐতিহ্য পুনৰুদ্ধাৰ” শীৰ্ষক বিষয়ত ১১ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এই সন্মিলন। এই সন্মিলনত আগশাৰীৰ পণ্ডিত, সংৰক্ষণবিদ, প্ৰযুক্তিবিদ আৰু নীতি বিশেষজ্ঞসকলক একত্ৰিত কৰি ভাৰতৰ অনন্য পাণ্ডুলিপি সম্পদক পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থাৰ ওপৰত আলোচনা কৰা হ’ব আৰু ইয়াক বিশ্ব জ্ঞান আলোচনাৰ কেন্দ্ৰবিন্দুত স্থান দিয়া হ’ব। তদুপৰি ইয়াত বিৰল পাণ্ডুলিপিৰ প্ৰদৰ্শনী আৰু পাণ্ডুলিপি সংৰক্ষণ, ডিজিটেলাইজেচন প্ৰযুক্তি, মেটাডাটা মানদণ্ড, আইনী গাঁথনি, সাংস্কৃতিক কূটনীতি আৰু প্ৰাচীন লিপিৰ পাঠোদ্ধাৰৰ দৰে মূল দিশসমূহৰ ওপৰত পণ্ডিতসকলৰ উপস্থাপন অন্তৰ্ভুক্ত কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM-VBRY: The Employment Scheme Delivering on India’s Social Security Promise

Media Coverage

PM-VBRY: The Employment Scheme Delivering on India’s Social Security Promise
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi