প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ছেপ্টেম্বৰ, ২০২৫ৰ বিয়লি প্ৰায় ৪:৩০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত জ্ঞান ভাৰতম সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ লগতে পাণ্ডুলিপিসমূহৰ ডিজিটেলাইজেচন, সংৰক্ষণ আৰু জনসাধাৰণে সহজে পাব পৰাকৈ এক নিৰ্দিষ্ট ডিজিটেল প্লেটফৰ্ম জ্ঞান ভাৰতম পৰ্টেল মুকলি কৰিব। এই উপলক্ষে সভাত ভাষণো আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।
“পাণ্ডুলিপি ঐতিহ্যৰ জৰিয়তে ভাৰতৰ জ্ঞান ঐতিহ্য পুনৰুদ্ধাৰ” শীৰ্ষক বিষয়ত ১১ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এই সন্মিলন। এই সন্মিলনত আগশাৰীৰ পণ্ডিত, সংৰক্ষণবিদ, প্ৰযুক্তিবিদ আৰু নীতি বিশেষজ্ঞসকলক একত্ৰিত কৰি ভাৰতৰ অনন্য পাণ্ডুলিপি সম্পদক পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থাৰ ওপৰত আলোচনা কৰা হ’ব আৰু ইয়াক বিশ্ব জ্ঞান আলোচনাৰ কেন্দ্ৰবিন্দুত স্থান দিয়া হ’ব। তদুপৰি ইয়াত বিৰল পাণ্ডুলিপিৰ প্ৰদৰ্শনী আৰু পাণ্ডুলিপি সংৰক্ষণ, ডিজিটেলাইজেচন প্ৰযুক্তি, মেটাডাটা মানদণ্ড, আইনী গাঁথনি, সাংস্কৃতিক কূটনীতি আৰু প্ৰাচীন লিপিৰ পাঠোদ্ধাৰৰ দৰে মূল দিশসমূহৰ ওপৰত পণ্ডিতসকলৰ উপস্থাপন অন্তৰ্ভুক্ত কৰা হ’ব।


