প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰৰ বিজয় উৎসৱত ভাগ ল’বলৈ অহা ৭ ফেব্ৰুৱাৰী,২০২০ত অসমৰ কোকৰাঝাৰ ভ্ৰমণ কৰিব৷

বিটিএডি জিলা আৰু সমগ্ৰ অসমৰ পৰা অহা প্ৰায় ৪,০০,০০০ লোক অনুষ্ঠানত সমবেত হোৱাৰ আশা কৰা হৈছে৷ অসম চৰকাৰৰ উদ্যোগত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যখনৰ বৈচিত্ৰময় কলা-সংস্কৃতি প্ৰদৰ্শন কৰিব৷

চলিত বছৰৰ জানুৱাৰীত নতুন দিল্লীত স্বাক্ষৰিত ঐতিহাসিক বড়ো চুক্তিক আদৰণি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থিত জনতাক সম্বোধন কৰিব৷

উল্লেখ্য যে, যোৱা ২৭ জানুৱাৰীত নতুন দিল্লীত চুক্তিখন স্বাক্ষৰিত হৈছিল৷

ব্যক্তিগত টুইটাৰ একাউণ্টত প্ৰধানমন্ত্ৰীয়ে এই দিনটোক ‘ভাৰতৰ বাবে এক বিশেষ দিন’ হিচাপে আখ্যা দিছিল আৰু এই চুক্তিখনে ‘শান্তি, সম্প্ৰীতি আৰু একতাৰ নতুন প্ৰভাতৰ সূচনা কৰি বড়ো জনসাধাৰণৰ জীৱনলৈ যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব’ বুলি কৈছিল৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ, সবকা বিকাশ’ নীতি আৰু উত্তৰ-পূবৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা অনুসৰি স্বাক্ষৰিত চুক্তিখনে পাঁচ দশকজোৰা বড়ো সমস্যাৰ অন্ত পেলালে৷

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটত কৈছিল—‘বড়ো চুক্তি কেইবাটাও কাৰণত উল্লেখনীয় হিচাপে চিহ্নিত হৈছে৷ যিসকলে ইমান দিনে সশস্ত্ৰ বাহিনীৰ সৈতে জড়িত হৈ আছিল, তেওঁলোক এতিয়া মূলসূতিলৈ উভতি আহিল আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ধাৰাত চামিল হ’ল৷’

এই চুক্তি অনুসৰি, এনডিএফবিৰ বিভিন্ন গোটৰ প্ৰায় ১৬১৫জন কেডাৰে আত্মসমৰ্পণ কৰে আৰু চুক্তি স্বাক্ষৰৰ দুদিনৰ ভিতৰত মূলসূতিত যোগ দিয়ে৷ “বড়ো শান্তি চুক্তিয়ে বড়ো জনসাধাৰণৰ একক, অনন্য সংস্কৃতিক অধিক সুৰক্ষিত আৰু জনপ্ৰিয় কৰিব৷ তেওঁলোকে ব্যাপক উন্নয়নমূলক আঁচনিৰ সুবিধা লাভ কৰিব৷ বড়ো জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ আমি যথাসম্ভৱ সকলো পদক্ষেপ গ্ৰহণ কৰিম৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷ উল্লেখ্য যে, বড়ো অঞ্চলৰ উন্নয়নৰ বাবে ১৫০০কোটি টকাৰ এক বিশেষ পুঁজি ঘোষণা কৰা হৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership