পৰম বীৰ চক্ৰ বঁটা বিজয়ীসকলৰ নামেৰে দ্বীপসমূহৰ নামকৰণ কৰাটো হ’ব তেওঁলোকৰ প্ৰতি চিৰস্থায়ী শ্ৰদ্ধাঞ্জলি
বাস্তৱ জীৱনৰ নায়কসকলক উপযুক্ত সন্মান আৰু স্বীকৃতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ লোৱা হৈছে
নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপত নিৰ্মাণ হ’বলগীয়া নেতাজীৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় স্মাৰকৰ আৰ্হিও উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে

পৰাক্ৰম দিৱস উপলক্ষে ২৩ জানুৱাৰীৰ পুৱা ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ২১ জন পৰম বীৰ চক্ৰ বঁটা বিজয়ীৰ নামেৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১টা বৃহৎ বেনামী দ্বীপৰ নামকৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপত নিৰ্মাণ হ’বলগীয়া নেতাজীৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় স্মাৰকৰ আৰ্হিও উন্মোচন কৰিব।

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ঐতিহাসিক তাৎপৰ্য্যৰ প্ৰতি লক্ষ্য ৰাখি আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্মৃতিক সন্মান জনাই ২০১৮ চনত প্ৰধানমন্ত্ৰীয়ে দ্বীপটো ভ্ৰমণৰ সময়ত ৰোজ আইলেণ্ডৰ নাম সলনি কৰি নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ নামেৰে নামাকৰণ কৰে। নীল দ্বীপ আৰু হেভলক দ্বীপৰ নাম সলনি কৰি শ্বহীদ দ্বীপ আৰু স্বৰাজ দ্বীপ নামেৰেও নামাকৰণ কৰা হয়।

দেশৰ বাস্তৱ জীৱনৰ বীৰসকলক উপযুক্ত সন্মান প্ৰদান কৰাটো প্ৰধানমন্ত্ৰীয়ে সদায় সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। ইয়াৰ লগত সংগতি ৰাখি এতিয়া দ্বীপসমূহৰ ২১টা বৃহত্তম বেনামী দ্বীপৰ নাম ২১গৰাকী পৰম বীৰ চক্ৰ বঁটাপ্ৰাপকৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সৰ্ববৃহৎ নাম নথকা দ্বীপটোৰ নাম প্ৰথম পৰম বীৰ চক্ৰ বঁটাপ্ৰাপ্তৰ নামেৰে, দ্বিতীয় বৃহত্তম নাম নথকা দ্বীপটোৰ নাম দ্বিতীয় পৰম বীৰ চক্ৰ বঁটাপ্ৰাপ্তৰ নামেৰে নামাকৰণ কৰা হ’ব ইত্যাদি। এই পদক্ষেপ আমাৰ বীৰসকলৰ প্ৰতি চিৰস্থায়ী শ্ৰদ্ধাঞ্জলি হ’ব, যাৰ কেইবাজনেও দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিল।

দ্বীপসমূহৰ নামকৰণ কৰিবলগীয়া ২১জন পৰম বীৰ চক্ৰ বঁটা বিজয়ী হৈছে ক্ৰমে—মেজৰ সোমনাথ শৰ্মা;  সুবেদাৰ আৰু হনি কেপ্তেইন (তেতিয়াৰ লেন্স নায়ক) কৰম সিং, এমএম; দ্বিতীয় লেফটেনেণ্ট ৰামা ৰাঘোবা ৰানে; নায়ক যদুনাথ সিং; কোম্পানী হাবিলদাৰ মেজৰ পিৰু সিং; কেপ্তেইন জি এছ ছালাৰিয়া; লেফটেনেণ্ট কৰ্ণেল (তেতিয়াৰ মেজৰ) ধন সিং থাপা; সুবেদাৰ যোগীন্দৰ সিং; মেজৰ চৈতন সিং; চিকিউএমএই, আব্দুল হামিদ; লেফটেনেণ্ট কৰ্ণেল আৰ্দেশ্বিৰ বুৰ্জোৰজী তাৰাপুৰ; লেন্স নায়ক এলবাৰ্ট এক্কা; মেজৰ হোছিয়াৰ সিং; দ্বিতীয় লেফটেনেণ্ট অৰুণ খেতৰাপাল; ফ্লাইং অফিচাৰ নিৰ্মলজিৎ সিং ছেখন; মেজৰ ৰামাস্বামী পৰমেশ্বৰণ; নাইব সুবেদাৰ বানা সিং; কেপ্টেইন বিক্ৰম বাত্ৰা; লেফটেনেণ্ট মনোজ কুমাৰ পাণ্ডে; সুবেদাৰ মেজৰ (তেতিয়াৰ ৰাইফলমেন) সঞ্জয় কুমাৰ; আৰু সুবেদাৰ মেজৰ অৱসৰপ্ৰাপ্ত (হনি কেপ্তেইন) গ্ৰেনেডিয়াৰ যোগেন্দ্ৰ সিং যাদৱ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Handloom — weaving India’s heritage into global growth

Media Coverage

Handloom — weaving India’s heritage into global growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on spirit of selfless service
August 07, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting the virtue of selfless service and the noble ideal of working for the welfare of others without expecting anything in return:

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

The Prime Minister posted on X:

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥