অহা ১২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে মধ্য প্ৰদেশত ‘গৃহ প্ৰৱেশম’ত অংশগ্ৰহণ কৰিব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰি উলিওৱা ১.৭৫ লাখ গৃহ মুকলি কৰিব৷ এই গৃহসমূহ ক’ভিড মহামাৰীৰ সময়ত নিৰ্মাণ কৰি উলিওৱা হৈছে৷

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীয়েও এই অনুষ্ঠানত উপস্থিত থাকিব আৰু ডিডি নিউজযোগে এই কাৰ্যসূচীৰ সম্প্ৰচাৰ কৰা হ’ব৷

পৃষ্ঠভূমিঃ

প্ৰধানমন্ত্ৰীৰ ‘২০২২ৰ ভিতৰত সকলোৰে বাবে গৃহ’ ঘোষণাৰ পৰিপ্ৰেক্ষিতত ২০ নৱেম্বৰ ২০১৬ তাৰিখে পিএমএৱাই-জি আঁচনি মুকলি কৰা হৈছিল৷  এই পৰ্যন্ত ১.১৪ কোটি ঘৰ সমগ্ৰ দেশতে এই কাৰ্যসূচীৰ অধীনত নিৰ্মাণ কৰা হৈছে৷ মধ্য প্ৰদেশৰ ১৭ লাখ লোকে এই আঁচনিৰ পৰা এই পৰ্যন্ত উপকৃত হৈছে৷

পিএমএৱাই-জিৰ অধীনত প্ৰতিজন হিতাধিকাৰীক ১.২০ লাখ টকাৰ ১০০% অনুদান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ৬০ : ৪০ অনুপাতত প্ৰদান কৰা হৈছে৷ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ চাৰিটা কিস্তিত প্ৰত্যক্ষভাৱে ধন স্থানান্তৰ কৰা হৈছে৷ এই আঁচনিৰ অধীনত ২০২২ চনৰ ভিতৰত ২.৯৫ কোটি গৃহ নিৰ্মাণ কৰি উলিওৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

তাৰোপৰি হিতাধিকাৰীসকলক এমজিএনআৰইজিএছৰ অধীনত ৯০ /৯৫ মানৱ কৰ্ম দিনৰ অদক্ষ শ্ৰমিক বেতনৰ সাহায্যও প্ৰদান কৰা হৈছে৷ আঁচনিটোত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ বিভিন্ন  আঁচনি যেনে এলপিজি সংযোগ আঁচনি, বিদ্যুৎ সংযোগ, খোৱা পানীৰ সুবিধা ইত্যাদিও সংযুক্ত কৰা হৈছে৷ 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act

Media Coverage

'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 আগষ্ট 2026
August 18, 2026

PM Modi’s 12 Years of Structural Power: Manufacturing, FTAs, Airports & Uncompromising Security