প্রধানমন্ত্রীয়ে উত্তৰ প্রদেশ প্রতিৰক্ষা উদ্যোগ কৰিড’ৰৰ আলিগড় নোড আৰু ৰাজা মহেন্দ্র প্রতাপ সিঙে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ মডেল প্রদর্শনী পৰিদৰ্শন কৰিব

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (১৪ ছেপ্টেম্বৰ) দুপুৰ ১২টা নগদ উত্তৰ প্রদেশৰ আলিগড়ত ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভাষণ আগবঢ়াব৷ ইয়াৰপাছত তেওঁ উত্তৰ প্রদেশ প্রতিৰক্ষা উদ্যোগ কৰিড’ৰৰ আলিগড় নোড আৰু ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আদৰ্শ প্রদর্শনী পৰিদৰ্শন কৰিব৷

ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয় সম্পর্কে

মহান স্বাধীনতা সংগ্রামী, শিক্ষাবিদ আৰু সমাজ সংস্কাৰক ৰাজা মহেন্দ্র প্রতাপ সিংজীৰ স্মৃতিৰ প্রতি সন্মান আৰু শ্রদ্ধা জনাব ৰাজ্যিক চৰকাৰ এই বিশ্ববিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত লৈছে। আলিগড়ৰ কোল তহশিলৰ লোধা আৰু মুচেপুৰ কৰিম জাৰৌলি গাঁৱত ৯২ একৰতকৈ অধিক এলেকা জুৰি এই বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হ’ব৷ আলিগড় ডিভিজনৰ ৩৯৫খন কলেজ এই বিশ্ববিদ্যালয়ৰ অধীনলৈ আহিব৷

উত্তৰপ্রদেশ প্রতিৰক্ষা উদ্যোগ কৰিডৰ প্রসংগত

প্রধানমন্ত্রীয়ে ২০১৮ চনৰ ২১ ফেব্রুৱাৰীত লক্ষ্ণৌত বিনিয়োগ সন্মিলন উদ্বোধন কৰাৰ সময়ত ৰাজ্যত এটা প্রতিৰক্ষা উদ্যোগ কৰিড’ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল৷ এই উদ্যোগ কৰিড’ৰত মুঠ ৬টা নোড আছে। সেইবোৰ হৈছে-আলিগড়, আগ্রা, কানপুৰ, চিত্রকূট, ঝান্সি আৰু লক্ষ্ণৌ। আলিগড় নোডৰ বাবে ইতিমধ্যে ভূমি আৱন্টন প্রক্রিয়াৰ কাম শেষ হৈছে আৰু কৰিড’ৰ গঢ়ি তোলাৰ বাবে ১৯টা সংস্থাক ভূমি হস্তান্তৰিত কৰা হৈছে। কৰিড’ৰ নিৰ্মাণৰ বাবে এই ১৯টা সংস্থাই ১,২৪৫ কোটি টকা বিনিয়োগ কৰিব৷

উত্তৰ প্রদেশৰ প্রতিৰক্ষা উদ্যোগ কৰিড’ৰটো প্রতিৰক্ষা সামগ্রী উৎপাদন আৰু ‘মেক ইন ইণ্ডিয়া’ কর্মসূচী প্রসাৰত দেশক আত্মনির্ভৰ কৰি তোলাত সহায় কৰিব৷

অনুষ্ঠানত উত্তৰ প্রদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রী উপস্থিত থাকিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership