পুৰী আৰু হাওৰাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে
ওড়িশাৰ ৰেল নেটৱৰ্কৰ ১০০% বৈদ্যুতীকৰণক উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
পুৰী আৰু কটক ৰেলৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ মে’ৰ দুপৰীয়া প্ৰায় ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ওড়িশাত ৮০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক ৰেলৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰিব।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে পুৰী আৰু হাওৰাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব। এই ৰেলখন ওড়িশাৰ খোৰ্ধা, কটক, জাজপুৰ, ভদ্ৰক, বালাচোৰ জিলা আৰু পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ, পূব মেদিনীপুৰ জিলাৰ মাজেৰে পাৰ হ’ব। এই ৰেলখনে ৰেলযাত্ৰীসকলক দ্ৰুত, আৰামদায়ক আৰু সুবিধাজনক ভ্ৰমণৰ অভিজ্ঞতা প্ৰদানৰ লগতে অঞ্চলটোৰ পৰ্যটনক উদ্দীপনা যোগান তথা অৰ্থনৈতিক উন্নয়নক প্ৰোৎসাহিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে পুৰী আৰু কটক ৰেলৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব। পুনৰ উন্নীত ষ্টেচনসমূহত ৰেল যাত্ৰীসকলক বিশ্বমানৰ অভিজ্ঞতা প্ৰদানকাৰী সকলো আধুনিক সুবিধা থাকিব।

প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ ৰেল নেটৱৰ্কৰ ১০০% বৈদ্যুতীকৰণৰ উৎসৰ্গা কৰিব। ইয়াৰ ফলত পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ব্যয় হ্ৰাস পাব তথা আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীয়ে সম্বলপুৰ-তিতলাঘৰ ৰেল লাইন দ্বৈতকৰণৰ কামো উৎসৰ্গা কৰিব; আংগুল-সুকিন্দাৰ মাজত নতুন ব্ৰড গজৰ ৰেল লাইন; মনোহৰপুৰ-ৰৌৰকেল্লা-ঝাৰছুগুডা-জামগা সংযোগী তৃতীয় লাইন আৰু বিচুপলি-ঝাৰতৰভাৰ মাজৰ নতুন ব্ৰড-গজ লাইন উৎসৰ্গা কৰিব। এইসমূহে ওড়িশাৰ তীখা, শক্তি আৰু মাইনিং খণ্ডৰ দ্ৰুত ঔদ্যোগিক বিকাশৰ বাবে বৃদ্ধি পোৱা যাতায়াতৰ চাহিদা পূৰণ কৰিব আৰু এই ৰেল চেক্সনসমূহত যাত্ৰীৰ চাহিদা পূৰণত সহায় কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘We’ll Keep Building From India, For World’: Skyroot Thanks PM Modi For Recognising Team In Parliament

Media Coverage

‘We’ll Keep Building From India, For World’: Skyroot Thanks PM Modi For Recognising Team In Parliament
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"