২১ ছেপ্টেম্বৰ, ২০২০ অৰ্থাৎ সোমবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিহাৰৰ নটা ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে তদুপৰি, অপ্টিকেল ফাইবাৰ ইন্টাৰনেট সেৱা উদ্বোধন কৰিব যাৰ জৰিয়তে অপ্টিকেল ফাইবাৰ ইন্টাৰনেট সেৱাৰে বিহাৰৰ ৪৫,৯৪৫ খন গাঁও সংযোজিত হৈ পৰিব।

ঘাইপথ প্ৰকল্প

এই নটা ঘাইপথ প্ৰকল্পই প্ৰায় ৩৫০ কিমি পথ দৈৰ্ঘ্যক সামৰি ল’ব। ইয়াৰ ব্যয় ১৪,২৫৮ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।

বিহাৰৰ বাবে উন্নয়নৰ পথ প্ৰশস্ত কৰি, এই পথসমূহৰ জৰিয়তে উৎকৃষ্ট সংযোগ সম্ভৱ হোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত ই প্ৰভাৱ বিস্তাৰ কৰিব। মানুহ আৰু দ্ৰব্যৰ আহ-যাহত ইতিবাচক প্ৰভাৱ পৰিব, বিশেষকৈ চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰে যোগা-যোগ ব্যৱস্থাত লক্ষ্যণীয় পৰিৱৰ্তন ঘটিব।

২০১৫ চনত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ বলিষ্ঠ আন্তঃগাঁথনি উন্নয়নৰ বাবে এটা বিশেষ পেকেজ ঘোষণা কৰিছিল। ইয়াত অন্তৰ্ভুক্ত হৈছিল- ৫৪,৭০০ কোটি টকাৰ ৭৫ টা প্ৰকল্প। ইয়াৰে ১৩ টা প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে, ৩৮ টা প্ৰকল্পৰ কাম অব্যাহত আছে আৰু বাকীকেইটা ডিপিআৰ প্ৰস্তুত/বিডিং/অনুমোদন পৰ্য়ায়ত আছে।

এই প্ৰকল্পসমূহ সম্পূৰ্ণ হৈ উঠিলে, ২১ শ শতিকাৰ বিশেষীকৰণ অনুসৰি, বিহাৰৰ সকলো নদীৰ ওপৰত দলং হ’ব আৰু সকলো মূল ৰাষ্ট্ৰীয় ঘাইপথ বহল আৰু শক্তিশালী হৈ উঠিব।

প্ৰধানমন্ত্ৰীৰ পেকেজটোৰ অধীনত, গংগাৰ ওপৰত মুঠ ১৭ খন দলং নিৰ্মাণ কৰিবলৈ আগবঢ়া হৈছে, যাৰ লেন ক্ষমতা হ’ব ৬২। এইদৰে, গড় হিচাপত, ৰাজ্যখনত প্ৰতি ২৫ কিমিৰ দূৰত্বত নদীৰ ওপৰত এখনকৈ দলং হ’ব।

এই প্ৰকল্পই সাঙুৰি লৈছেঃ ১১৪৯.৫৫ কোটি টকা ব্যয় সাপেক্ষে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪৭.২৩ কিমি বখটিয়াৰপুৰ-ৰাজৌলী খণ্ডৰ ফ’ৰ-লেনিং, ২৬৫০.৭৬ কোটি টকা ব্যয় সাপেক্ষে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০.৮৯ কিমি বখটিয়াৰপুৰ-ৰাজৌলী খণ্ডৰ ফ’ৰ-লেনিং, ৮৮৫.৪১ কোটি টকা ব্যয় সাপেক্ষে ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫৪.৫৩ কিমি আৰা-ম’হানিয়া খণ্ডৰ ইপিএইচ ম’ডত ফ’ৰ-লেনিং, ৮৫৫.৯৩ কোটি টকা ব্যয় সাপেক্ষে ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৬০.৮০ কিমি আৰা-ম’হানিয়া খণ্ডৰ ইপিএইচ ম’ডত ফ’ৰ-লেনিং, ২২৮৮ কোটি টকা ব্যয় সাপেক্ষে ১৩১ এ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪৯ কিমি নৰেনপুৰ-পূৰ্ণিয়া খণ্ডৰ এইচএএম ম’ডত ফ’ৰ-লেনিং, ৯১৩.১৫ কোটি টকা ব্যয় সাপেক্ষে ১৩১ জি নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৩৯ কিমি পাটনা-ৰিং ৰ’ড (কানহাউলী-ৰামনগৰ)ৰ ইপিএইচ ম’ডত ছিক্স-লেনিং, ২৯২৬.৪২ কোটি টকা ব্যয় সাপেক্ষে পাটনাত গংগা নদীৰ ওপৰেদি যোৱা ১৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ১৪.৫ কিমি দৈৰ্ঘ্যৰ চাৰি-লেনযুক্ত দলং (বৰ্তমানে থকা এমজি সেতুৰ সমান্তৰালভাৱে) নিৰ্মাণ কৰা হ’ব, ১৪৭৮.৪০ কোটি টকা ব্যয় সাপেক্ষে ইপিএইড ম’ডত ২-লেন পেভড ছ’লজাৰৰ সৈতে ১০৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কোশি নদীৰ ওপৰত নতুনকৈ ২৮,৯৩ কিমি দৈৰ্ঘ্যৰ ৪-লেনযুক্ত দলং নিৰ্মাণ কৰা হ’ব আৰু ১১১০.২৩ কোটি টকা ব্যয় সাপেক্ষে গংগা নদীৰ ওপৰেদি যোৱা ১৩১বি নং ৰাষ্ট্ৰীয় ঘাইপথত ৪.৪৪৫ কিমি দৈৰ্ঘ্যৰ চাৰি-লেনযুক্ত দলং (বৰ্তমানে থকা বিক্ৰমশীলা সেতুৰ সমান্তৰালভাৱে) নিৰ্মাণ কৰা হ’ব।

অপ্টিকেল ফাইবাৰ ইন্টাৰনেট সেৱা

বিহাৰৰ মুঠ ৪৫,৯৪৫ খন গাঁৱক সামৰি এই সন্মানীয় প্ৰকল্পই দৰাচলতে ডিজিটেল বিপ্লৱৰ সূচনাৰে ৰাজ্যখনৰ দূৰৱৰ্তী প্ৰান্তকো সংযোজিত কৰি তুলিব।

ইলেকট্ৰনিক্স ও তথ্য প্ৰযুক্তি মন্ত্ৰীলয়ৰ টেলিকম বিভাগ আৰু কমন ছাৰ্ভিচ চেন্টাৰ (চিএছচি)ৰ যুটীয়া প্ৰচেষ্টাত এই  প্ৰকল্পটো সম্পন্ন কৰা হ’ব।

বিহাৰৰ ভিন্ন প্ৰান্তত থকা চিএছচিৰ সংখ্যা হৈছে ৩৪,৮২১ টা। এই কেন্দ্ৰসমূহে নিজা ৱৰ্কফ’ৰ্চ কেৱল এই প্ৰকল্পটো ৰূপায়ণতেই নহয়, বিহাৰৰ প্ৰতিখন গাঁৱলৈ সাধাৰণ নাগৰিকৰ অৰ্থে অপ্টিকেল ফাইবাৰ ইন্টাৰনেট সেৱা আগবঢ়োৱাত বিশেষ ভূমিকা পালন কৰিব। এই প্ৰকল্পৰ জৰিয়তে প্ৰাথমিক বিদ্য়ালয়, অংগনৱাড়ী কেন্দ্ৰ, আশা কৰ্মী, জীৱিকা দিদিৰ দৰে চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষলৈ ১ টা ৱাই-ফাই আৰু ৫ টা বিনামূলীয়া সংযোগ প্ৰদান কৰা যাব।

এই প্ৰকল্পই ই-শিক্ষা, ই-কৃষি, টেলি-মেডিচিন, টেলি-আইন আৰু আন সামাজিক সুৰক্ষামূলক আঁচনি বুটামৰ এটা টিপাতে বিহাৰৰ জনসাধাৰণে লাভ কৰিব পৰাকৈ জিজিটেল সেৱা আগবঢ়াব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"