কেন বেটৱা সংযোগী প্ৰকল্পৰ বাবে স্বাক্ষৰ কৰা হ’ব ঐতিহাসিক বুজাবুজি চুক্তি
পানী সংৰক্ষণৰ বাবে ‘জল শপত’ ল’ব গাঁও সভাই 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মাৰ্চৰ দুপৰীয়া ১২.৩০ বজাত বিশ্ব জল দিৱস উপলক্ষে ভিডিঅ’ কনফাৰেন্সিংযোগে ‘জলশক্তি অভিযানঃ বৰষুণক ধৰক’ শীৰ্ষক অভিযানৰ শুভাৰম্ভ কৰিব৷ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত জল শক্তি মন্ত্ৰী আৰু মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ মাজত কেন বেটৱা সংযোগী প্ৰকল্প ৰূপায়ণৰ বাবে এক ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ’ব৷ ৰাষ্ট্ৰীয় উদ্দেশ্যে নদীসমূহৰ আন্তঃসংযোগী পৰিকল্পনা কৰা এয়া হৈছে দেশৰ প্ৰথমটো প্ৰকল্প৷

 

‘জলশক্তি অভিযানঃ বৰষুণক ধৰক’ অভিযানৰ বিষয়ে

‘বৰষুণক ধৰক, য’তেই পৰে’ শীৰ্ষক বিষয়বস্তুৰে আৰম্ভ হ’বলগীয়া এই অভিযান গাঁও আৰু নগৰ অঞ্চলকে ধৰি সমগ্ৰ দেশত ৰূপায়ণ কৰা হ’ব৷ ২০২১ৰ ২২ মাৰ্চৰ পৰা ২০২১ৰ ৩০ নৱেম্বৰলৈ এই বাৰিষাৰ পূৰ্বৰ সময়ছোৱা আৰু বাৰিষা কালছোৱাত এই অভিযান ৰূপায়ণ কৰা হ’ব৷ জনসাধাৰণৰ অংশগ্ৰহণেৰে তৃণমূল পৰ্যায়ত পানী সংৰক্ষণৰ বাবে ইয়াক এক জন আন্দোলন হিচাপে গঢ়ি তোলা হ’ব৷ এই অভিযানৰ অধীনত বৰষুণৰ পানী উপযুক্ত সংৰক্ষণ কৰিব পৰাকৈ আন্তঃগাঁথনি গঢ় দিয়া হ’ব৷

এই অনুষ্ঠানৰ পাছতে দেশৰ সকলো জিলা(নিৰ্বাচন হ’বলগীয়া ৰাজ্যসমূহক বাদ দি)ৰ গাঁও পঞ্চায়তত গাঁও সভা অনুষ্ঠিত কৰা হ’ব, য’ত পানী সংৰক্ষণৰ সম্পৰ্কীয় বিভিন্ন দিশ আলোচনা হ’ব৷ গাঁও সভাসমূহত পানী সংৰক্ষণৰ বাবে ‘জল শপত’ লোৱা হ’ব৷

কেন বেটৱা সংযোগী প্ৰকল্পৰ বাবে স্বাক্ষৰ হ’বলগীয়া ঐতিহাসিক বুজাবুজি চুক্তিৰ বিষয়ে

 

এই চুক্তিৰ জৰিয়তে আন্তঃৰাজ্যিক সহযোগিতাৰে দেশৰ খৰাং প্ৰৱণ আৰু পানীৰ অভাৱ হোৱা অঞ্চললৈ নদী সংযোগী ব্যৱস্থাৰে পানী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোন বাস্তবায়িত কৰাৰ পথ প্ৰশস্ত কৰিব৷ এই প্ৰকল্পৰ অধীনত দেওধন বান্ধ আৰু নলা খান্দি ল’ৱাৰ অৰ প্ৰজেক্ট, কোথা বান্ধ আৰু আৰু বিনী কমপ্লেক্স মাল্টিপাৰ্পোজ প্ৰজেক্টৰ জৰিয়তে কেন নদীৰ পৰা বেটৱা নদীলৈ পানী সৰবৰাহ কৰা হ’ব৷ এই প্ৰকল্পৰ জৰিয়তে বছৰি ১০.৬২ লাখ হেক্টৰ ভূমিত জলসিঞ্চন, ৬২লাখ লোকক খোৱা পানী যোগান ধৰাৰ লগতে ১০৩ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰা হ’ব৷

 

এই প্ৰকল্পই মধ্যপ্ৰদেশৰ বুণ্ডেলখণ্ড অঞ্চল, বিশেষকৈ পান্না, টিকামগড়, চাটাৰপুৰ, সাগৰ, ডামোহ, ডাটিয়া, বিদিশা, শিৱপুৰী আৰু ৰাইজেন জিলা আৰু উত্তৰপ্ৰদেশৰ বান্দা, মহোৱা, ঝান্সি আৰু ললিতপুৰ জিলাৰ লোকসকল উপকৃত হ’ব৷ এই প্ৰকল্প অধিক পৰিমাণে আন্তঃসংযোগী নদী প্ৰকল্পৰ পথ প্ৰদৰ্শক হোৱাৰ লগতে দেশৰ প্ৰগতিত পানীৰ অভাৱে দেখা দিয়া বাধাৰো অন্ত পৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains among best-performing major economies: S&P Global

Media Coverage

India remains among best-performing major economies: S&P Global
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 এপ্ৰিল 2026
April 19, 2026

Building a Stronger Bharat: Infrastructure Revolution, Economic Resilience & Inclusive Welfare Under PM Modi