ক’ভিড-১৯ৰ চিকিত্সাৰে জড়িত আগশাৰীৰ কৰ্মচাৰীসকলকৰ বাবে আয়োজিত এক হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম অহা ১৮জুনৰ পুৱা ১১বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আনুষ্ঠানিক ভাবে মুকলি কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ২৬খন ৰাজ্যত স্থাপিত ১১১টা প্ৰশিক্ষণ কেন্দ্ৰত এই কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষিত কৰা হ’ব। শুভাৰম্ভ অনুষ্ঠানৰ পিচতে প্ৰধানমন্ত্ৰীয়ে এক ভাষণো প্ৰদান কৰিব। ‘দক্ষতা বিকাশ আৰু উদ্যশীলতা বিভাগ’ৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীও এই অনুষ্ঠানত উপস্থিত থাকিব।

দেশৰ একলাখৰো অধিক ক’ভিড-যোদ্ধাক দক্ষ কৰি তোলাৰ লগতে ইতিমধ্যে থকা দক্ষতাৰ বিকাশ সাধনৰ উদ্দেশ্যেই এই কাৰ্যক্ৰমৰ দিহা কৰা হৈছে। ক’ভিড-যোদ্ধাসকলক মূলতঃ ৬টা অনুকূলিত কামৰ ক্ষেত্ৰত দক্ষ কৰি তোলাৰ প্ৰয়াস কৰা হ’ব এই কাৰ্যক্ৰমৰ জৰিয়তে। সেয়া হৈছে- গৃহ-সেৱা সহযোগিতা, বুনিয়াদী সেৱা সহযোগিতা, অতিৰিক্ত সেৱা সহযোগিতা, জৰুৰীকালীন সেৱা সহযোগিতা, নমুনা সংগ্ৰহ সহযোগিতা আৰি চিকিত্সা উপকৰণ সহযোগিতা।

‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা’ ৩.০ৰ কেন্দ্ৰীয় প্ৰভাগৰ অধীনত এক বিশেষ পাঠ্যক্ৰমৰ ৰূপত এই প্ৰশিক্ষণসূচী যুগুতাই উলিওৱা হৈছে। এই কাৰ্যক্ৰমৰ বাবে ২৭৬কোটি টকাৰ বিত্তীয় পুঁজিও নিৰ্দ্ধাৰণ কৰা হৈছে। এই কাৰ্যক্ৰমে স্বাস্থ্যখণ্ডত প্ৰয়োজন হোৱা অনা-চিকিত্সা স্বাস্থ্যসেৱা কৰ্মীৰ জোৰা মাৰিব পৰাকৈ মানৱ সম্পদ গঢ়ি তুলিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জুন 2026
June 18, 2026

PM Modi’s Leadership Delivers: Electronic Interlocking, Semiconductor Push & Tariff-Free UK Access