প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ আগষ্ট, ২০২১ ৰ দিনৰ ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ মাহোবাত এলপিজি সংযোগ প্ৰদানৰ জৰিয়তে উজ্জ্বলা ২.০ (প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা- PMUY) ৰ শুভাৰম্ভ কৰিব। এই কাৰ্য্যসূচীত, প্ৰধানমন্ত্ৰীগৰাকীয়ে উজ্জ্বলাৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব আৰু লগতে ৰাষ্ট্ৰবাসীক সম্বোধন কৰিব।

উজ্জ্বলা ১.০ ৰপৰা উজ্জ্বলা ২.০ লৈ যাত্ৰা

২০১৬ ত উজ্জ্বলা ১.০ ৰ শুভাৰম্ভণিত, বিপিএল গৃহস্থীসমূহৰ ৫ কোটি মহিলা সদস্যলৈ এলপিজি সংযোগ আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত, সাতটা অধিক শ্ৰেণী (এছচি/এছটি, পিএমএৱাই, এএৱাই, অতিশয় পাছপৰা শ্ৰেণী, চাহ বাগিচা, বনবাসী, দ্বীপবাসী) ৰ মহিলা হিতাধিকাৰীসকলক সামৰি ল’বলৈ ২০১৮ ৰ এপ্ৰিললৈ আঁচনিখন সম্প্ৰসাৰণ কৰা হৈছিল। তদুপৰি, লক্ষ্য ৮ কোটি এলপিজি সংযোগলৈ সংশোধন ঘটোৱা যায়। লক্ষ্যত উপনীত হোৱাৰ তাৰিখৰ সাত মাহ পূৰ্বে ২০১৯ ৰ আগষ্টতে এই লক্ষ্য পূৰ্ণ হয়।

২১-২২ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেটত, পিএমইউৱাই আঁচনিখনৰ অধীনত অতিৰিক্ত এক কোটি এলপিজি সংযোগৰ অৰ্থে ব্যৱস্থাৰ কথা ঘোষণা কৰা হয়। এই এক কোটি অতিৰিক্ত পিএমইউৱাই সংযোগ (উজ্জ্বলা ২.০ ৰ অধীনত) ৰ লক্ষ্য হৈছে পিএমইউৱাইৰ পূৰ্বৰ পৰ্য্যায়ৰ অধীনত সামৰিবপৰা নোহোৱা নিম্ন-আয়ৰ পৰিয়ালসমূহলৈ ডিপ’জিট-ফ্ৰী এলপিজি সংযোগ আগবঢ়োৱা।

ডিপ’জিট ফ্ৰী এলপিজি সংযোগৰ লগতে, উজ্জ্বলা ২.০ এ হিতাধিকাৰীসকললৈ বিনামূলীয়াকৈ প্ৰথম ৰিফিল আৰু হটপ্লেট আগবঢ়াব। তদুপৰি, অন্তৰ্ভুক্তি প্ৰক্ৰিয়াটোৰ অৰ্থে ন্যূনতম পেপাৰৱৰ্কৰ প্ৰয়োজন হ’ব। উজ্জ্বলা ২.০ ত, প্ৰব্ৰজিতসকলে ৰেচন কাৰ্ড বা এড্ৰেছ প্ৰুফ দাখিল কৰাৰ প্ৰয়োজনীয়তা নাথাকিব। ‘ফেমিলী ডিক্লাৰেশ্যন’ আৰু ‘প্ৰুফ অৱ এড্ৰেছ’ হিচাপে উভয়ৰে বাবে স্ব-ঘোষণাই পৰ্য্যাপ্ত। উজ্জ্বলা ২.০ এ প্ৰধানমন্ত্ৰীগৰাকীৰ এলপিজিৰ সৰ্বজনীন সুগমতাৰ দৃষ্টি বাস্তৱায়িতকৰণত সহায় কৰিব।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From Health Access to Health Security: Ayushman Bharat is reshaping Indian public healthcare

Media Coverage

From Health Access to Health Security: Ayushman Bharat is reshaping Indian public healthcare
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the divine and benevolent grace of Goddess Brahmacharini
March 20, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit subhashitam today, highlighting the divine and benevolent grace of Goddess Brahmacharini.

The Prime Minister wrote on X:

"मां ब्रह्मचारिणी के चरणों में कोटि-कोटि नमन! देवी मां सभी भक्तों पर अपनी कृपा बनाए रखें।

दधाना करपद्माभ्यामक्षमालाकमण्डलू।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा॥"

The Goddess who holds a rosary and a water pot in her lotus-like hands—may that supremely exalted Goddess Brahmacharini be gracious to me.