আঁচনিখনে পৰম্পৰাগত শিল্পকৰ্মত নিয়োজিত লোকসকলক সমৰ্থন আৰু দক্ষতা প্ৰদানৰ বাবে পিএমৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা যোগাব
‘পিএম বিশ্বকৰ্মা’ৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে ১৩ হাজাৰ কোটি টকাৰ পুঁজিৰ যোগান ধৰা হ’ব
‘পিএম বিশ্বকৰ্মা’ৰ বহল পৰিসৰ - ইয়াত ওঠৰটা শিল্পকৰ্ম সামৰি লোৱা হ’ব
বিশ্বকৰ্মাসকলক পিএম বিশ্বকৰ্মাৰ প্ৰমাণ পত্ৰ আৰু আইডি কাৰ্ডৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰা হ’ব
বিশ্বকৰ্মা জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ দ্বাৰকাস্থিত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰত “পি এম বিশ্বকৰ্মা” নামেৰে এখন নতুন আঁচনি মুকলি কৰিব।

বিশ্বকৰ্মা জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰ২০২৩ তাৰিখে পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ দ্বাৰকাস্থিত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰত পি এম বিশ্বকৰ্মা” নামেৰে এখন নতুন আঁচনি মুকলি কৰিব।

পৰম্পৰাগত শিল্পকৰ্মত নিয়োজিত লোকসকলক সহায় আগবঢ়োৱাটোৱেই প্ৰধানমন্ত্ৰীৰ স্থায়ী কেন্দ্ৰবিন্দু হৈ আহিছে। এই মনোনিৱেশ কেৱল কাৰিকৰ আৰু শিল্পকাৰসকলক আৰ্থিকভাৱে সহায় কৰাই নহয়যুগ যুগ ধৰি চলি অহা পৰম্পৰাসংস্কৃতি আৰু বৈচিত্ৰ্যময় ঐতিহ্যক স্থানীয় সামগ্ৰীশিল্প আৰু শিল্পকৰ্মৰ জৰিয়তে জীয়াই ৰখাৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত।

কেন্দ্রীয় চৰকাৰে প্রধানমন্ত্রী বিশ্বকর্মাক ১৩ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে সম্পূর্ণ পুঁজিৰে আগবঢ়াব৷ এই আঁচনিৰ অধীনত বায়মেট্ৰিক ভিত্তিক পিএম বিশ্বকৰ্মা পৰ্টেল ব্যৱহাৰ কৰি কমন ছাৰ্ভিচেছ চেণ্টাৰৰ জৰিয়তে বিশ্বকৰ্মাসকলক বিনামূলীয়াকৈ পঞ্জীয়ন কৰা হব। তেওঁলোকক পিএম বিশ্বকৰ্মাৰ প্ৰমাণপত্ৰ আৰু আইডি কাৰ্ডৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰা হমৌলিক আৰু উন্নত প্ৰশিক্ষণৰ সৈতে জড়িত দক্ষতা উন্নীতকৰণ১৫,০০০ টকাৰ টুলকিট উদ্গনি১ লাখ টকা পৰ্যন্ত জামিনবিহীন ক্ৰেডিট সহায় (প্ৰথম শাখাআৰু ২ লাখ টকা (দ্বিতীয় শাখাৰেহাইমূলক সুতৰ হাৰডিজিটেল লেনদেনৰ বাবে উদগনি আৰু বিপণন সমৰ্থন দিয়া হ'ব।

এই আঁচনিৰ লক্ষ্য হৈছে বিশ্বকৰ্মাসকলে হাত আৰু সঁজুলিৰে কাম কৰি পৰম্পৰাগত দক্ষতাৰ গুৰু-শিষ্য পৰম্পৰা বা পৰিয়ালভিত্তিক অনুশীলনক শক্তিশালী আৰু লালন-পালন কৰা। পিএম বিশ্বকৰ্মাৰ প্ৰধান কেন্দ্ৰবিন্দু হৈছে কাৰিকৰ আৰু শিল্পকাৰৰ সামগ্ৰী আৰু সেৱাৰ গুণগত মান উন্নত কৰাৰ লগতে প্ৰসাৰতা উন্নত কৰা আৰু ইয়াক ঘৰুৱা আৰু বিশ্বব্যাপী মূল্য শৃংখলৰ সৈতে একত্ৰিত কৰাটো নিশ্চিত কৰা।

এই আঁচনিৰ জৰিয়তে সমগ্ৰ ভাৰতৰ গ্ৰামাঞ্চল আৰু চহৰৰ কাৰিকৰ আৰু শিল্পকাৰসকলক সহায় আগবঢ়োৱা হব। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত ওঠৰটা পৰম্পৰাগত শিল্পকৰ্ম সামৰি লোৱা হব। ইয়াৰ ভিতৰত (i) কাৰ্পেণ্টাৰ; (ii) নাও নিৰ্মাতা; (iii) আৰ্মাৰাৰ; (iv) কমাৰ; (v) হাতুৰী আৰু সঁজুলি কিট নিৰ্মাতা; (vi) লকস্মিথ; (vii) সোণাৰি; (viii) মৃৎশিল্পী; (ix) ভাস্কৰ্য শিল্পীশিল ভাঙোতা; (x) কবলাৰ (জোতা মিস্ত্ৰীজোতা শিল্পী); (xi) মেছন (ৰাজমিস্ত্ৰী); (xii) ঝুৰি/মেট/ঝাড়ু নিৰ্মাতা/কয়লাৰ বোৱা মানুহ; (xiii) পুতলা আৰু খেলনা নিৰ্মাতা (পৰম্পৰাগত); (xiv) নাপিত; (xv) মালা নিৰ্মাতা; (xvi) ধোবা; (xvii) দৰ্জীআৰু (xviii) মাছ ধৰা জাল নিৰ্মাতা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump