দেশৰ ৩২৯খন জিলাৰ আটাইকেইটা ৫০০ আকাংক্ষিত ব্লকতে ‘সংকল্প সপ্তাহ’ উদযাপন কৰা হ’ব
‘সংকল্প সপ্তাহ’ৰ প্ৰতিটো দিন এটা নিৰ্দিষ্ট উন্নয়নমূলক বিষয়বস্তুৰ প্ৰতি উৎসৰ্গিত কৰা হয় যাৰ ওপৰত সকলো আকাংক্ষিত ব্লকে কাম কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পুৱা ১০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপামত দেশৰ আকাংক্ষিত ব্লকসমূহৰ বাবে সপ্তাহজোৰা বিশেষ কাৰ্যসূচী ‘সংকল্প সপ্তাহ’ উদ্বোধন কৰিব।

‘সংকল্প সপ্তাহ’ আকাংক্ষিত ব্লক কাৰ্যসূচী (এবিপি)ৰ ফলপ্ৰসূ ৰূপায়ণৰ সৈতে জড়িত। ২০২৩ চনৰ ৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে এই দেশজোৰা কাৰ্যসূচী আৰম্ভ কৰিছিল। ইয়াৰ লক্ষ্য হৈছে নাগৰিকসকলৰ জীৱনৰ মান বৃদ্ধিৰ বাবে ব্লক পৰ্যায়ত শাসন ব্যৱস্থা উন্নত কৰা। দেশৰ ৩২৯খন জিলাৰ ৫০০টা আকাংক্ষিত ব্লকত ইয়াক ৰূপায়ণ কৰা হৈছে। আকাংক্ষিত ব্লক কাৰ্যসূচী ৰূপায়ণ আৰু ফলপ্ৰসূ ব্লক উন্নয়ন কৌশল প্ৰস্তুত কৰিবলৈ সমগ্ৰ দেশতে গাঁও আৰু ব্লক পৰ্যায়ত মন্থন শিবিৰৰ আয়োজন কৰা হৈছিল। ‘সংকল্প সপ্তাহ’ এই মন্থন শিবিৰৰ চূড়ান্ত পৰ্যায়।

আটাইকেইটা ৫০০ আকাংক্ষিত ব্লকতে উদযাপন কৰা হ’ব ‘সংকল্প সপ্তাহ’। ২০২৩ চনৰ ৩ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ ‘সংকল্প সপ্তাহ’ৰ প্ৰতিটো দিন এক নিৰ্দিষ্ট উন্নয়নমূলক বিষয়বস্তুৰ প্ৰতি উৎসৰ্গিত কৰা হৈছে যাৰ ওপৰত সকলো আকাংক্ষিত ব্লকে কাম কৰিব। প্ৰথম ছয় দিনৰ বিষয়বস্তুৰ ভিতৰত আছে ‘সম্পূৰ্ণ স্বাস্থ্য’, ‘সুপুষ্টিসম্পন্ন পৰিয়াল’, ‘স্বাস্থ্য’, ‘কৃষি’, ‘শিক্ষা’ আৰু ‘সমৃদ্ধি দিৱস’। গোটেই সপ্তাহটোত কৰা কামবোৰ সপ্তাহৰ শেষৰ দিনটো অৰ্থাৎ ২০২৩ চনৰ ৯ অক্টোবৰত ‘সংকল্প সপ্তাহ সমাবেশ সমাৰোহ’ হিচাপে উদযাপন কৰা হ’ব।

ভাৰত মণ্ডপামত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩ হাজাৰ পঞ্চায়ত আৰু ব্লক পৰ্যায়ৰ জনপ্ৰতিনিধি আৰু বিষয়াই অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও ব্লক আৰু পঞ্চায়ত পৰ্যায়ৰ বিষয়া, কৃষক আৰু অন্যান্য খণ্ডৰ ব্যক্তিকে ধৰি প্ৰায় দুই লাখ লোকে ভাৰ্চুৱেলভাৱে এই কাৰ্যসূচীত যোগদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
iPhone exports hit record ₹2 trillion in final year of smartphone PLI

Media Coverage

iPhone exports hit record ₹2 trillion in final year of smartphone PLI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting how enthusiasm and positive energy lead to success
April 30, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam highlighting that enthusiasm and positive energy inspire a person to remain consistently active in their actions.

The Prime Minister noted that this unwavering enthusiasm leads all those efforts to success which a person resolves to accomplish.

The Prime Minister posted on X:

"कर्मशील और ऊर्जावान देशवासी ही राष्ट्र की सबसे बड़ी शक्ति हैं, जिनके परिश्रम से विकास की नई राहें तय होती हैं। इनके प्रयासों से देश समृद्धि, आत्मनिर्भरता और उन्नति के शिखर को छूता है।

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः।

करोति सफलं जन्तोः कर्म यच्च करोति सः॥"
Enthusiasm and positive energy inspire a person to remain consistently active in their actions. This unwavering enthusiasm leads all those efforts to success which a person resolves to accomplish.