Quoteদেশৰ ৩২৯খন জিলাৰ আটাইকেইটা ৫০০ আকাংক্ষিত ব্লকতে ‘সংকল্প সপ্তাহ’ উদযাপন কৰা হ’ব
Quote‘সংকল্প সপ্তাহ’ৰ প্ৰতিটো দিন এটা নিৰ্দিষ্ট উন্নয়নমূলক বিষয়বস্তুৰ প্ৰতি উৎসৰ্গিত কৰা হয় যাৰ ওপৰত সকলো আকাংক্ষিত ব্লকে কাম কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পুৱা ১০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপামত দেশৰ আকাংক্ষিত ব্লকসমূহৰ বাবে সপ্তাহজোৰা বিশেষ কাৰ্যসূচী ‘সংকল্প সপ্তাহ’ উদ্বোধন কৰিব।

‘সংকল্প সপ্তাহ’ আকাংক্ষিত ব্লক কাৰ্যসূচী (এবিপি)ৰ ফলপ্ৰসূ ৰূপায়ণৰ সৈতে জড়িত। ২০২৩ চনৰ ৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে এই দেশজোৰা কাৰ্যসূচী আৰম্ভ কৰিছিল। ইয়াৰ লক্ষ্য হৈছে নাগৰিকসকলৰ জীৱনৰ মান বৃদ্ধিৰ বাবে ব্লক পৰ্যায়ত শাসন ব্যৱস্থা উন্নত কৰা। দেশৰ ৩২৯খন জিলাৰ ৫০০টা আকাংক্ষিত ব্লকত ইয়াক ৰূপায়ণ কৰা হৈছে। আকাংক্ষিত ব্লক কাৰ্যসূচী ৰূপায়ণ আৰু ফলপ্ৰসূ ব্লক উন্নয়ন কৌশল প্ৰস্তুত কৰিবলৈ সমগ্ৰ দেশতে গাঁও আৰু ব্লক পৰ্যায়ত মন্থন শিবিৰৰ আয়োজন কৰা হৈছিল। ‘সংকল্প সপ্তাহ’ এই মন্থন শিবিৰৰ চূড়ান্ত পৰ্যায়।

আটাইকেইটা ৫০০ আকাংক্ষিত ব্লকতে উদযাপন কৰা হ’ব ‘সংকল্প সপ্তাহ’। ২০২৩ চনৰ ৩ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ ‘সংকল্প সপ্তাহ’ৰ প্ৰতিটো দিন এক নিৰ্দিষ্ট উন্নয়নমূলক বিষয়বস্তুৰ প্ৰতি উৎসৰ্গিত কৰা হৈছে যাৰ ওপৰত সকলো আকাংক্ষিত ব্লকে কাম কৰিব। প্ৰথম ছয় দিনৰ বিষয়বস্তুৰ ভিতৰত আছে ‘সম্পূৰ্ণ স্বাস্থ্য’, ‘সুপুষ্টিসম্পন্ন পৰিয়াল’, ‘স্বাস্থ্য’, ‘কৃষি’, ‘শিক্ষা’ আৰু ‘সমৃদ্ধি দিৱস’। গোটেই সপ্তাহটোত কৰা কামবোৰ সপ্তাহৰ শেষৰ দিনটো অৰ্থাৎ ২০২৩ চনৰ ৯ অক্টোবৰত ‘সংকল্প সপ্তাহ সমাবেশ সমাৰোহ’ হিচাপে উদযাপন কৰা হ’ব।

ভাৰত মণ্ডপামত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩ হাজাৰ পঞ্চায়ত আৰু ব্লক পৰ্যায়ৰ জনপ্ৰতিনিধি আৰু বিষয়াই অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও ব্লক আৰু পঞ্চায়ত পৰ্যায়ৰ বিষয়া, কৃষক আৰু অন্যান্য খণ্ডৰ ব্যক্তিকে ধৰি প্ৰায় দুই লাখ লোকে ভাৰ্চুৱেলভাৱে এই কাৰ্যসূচীত যোগদান কৰিব।

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Indian IPO market heads for busiest week with $1.7 billion in deals

Media Coverage

Indian IPO market heads for busiest week with $1.7 billion in deals
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জুন 2025
June 20, 2025

Appreciation for PM Modi’s Vision, Elevating India’s Cultural and Global Stature