প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ ফেব্ৰুৱাৰী ২০২১ তাৰিখে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ মুকলি কৰাৰ লগতে ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন কৰিব আৰু মাজুলীৰ দলঙৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ অনুষ্ঠানটোত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী; ৰাজ্যিক বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব৷

মহাবাহু ব্ৰহ্মপুত্ৰ

নিমাতী-মাজুলী নদীদ্বীপ, উত্তৰ গুৱাহাটী-দক্ষিণ গুৱাহাটী আৰু ধুবুৰী-হাটশিঙিমাৰীৰ মাজত ৰো-পেক্স ভেছেল সেৱা; যোগীঘোপাত আন্তঃৰাজ্যিক জল পৰিবহণ টাৰ্মিনেলৰ শিলান্যাস আৰু ব্ৰহ্মপুত্ৰ নদীত বিভিন্ন পৰ্যটন জাহাজ-ঘাট স্থাপন তথা ইজ অব্ ডুয়িং বিজনেছৰ বাবে ডিজিটেল সমাধান মুকলিৰ জৰিয়তে ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ সেৱাৰ সূচনা কৰা হ’ব৷ এই কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ পূব প্ৰান্তৰ সৈতে নিৰৱচ্ছিন্ন যোগাযোগ সেৱা তথা ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ পাৰ্শ্বৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

ৰো-পেক্স সেৱাৰ জৰিয়তে পথ পৰিবহণৰ তুলনাত যাত্ৰাৰ সময় হ্ৰাস হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷ নিমাতী আৰু মাজুলীৰ মাজৰ ৰো-পেক্স সেৱাৰ জৰিয়তে এতিয়াৰ ৪২০ কিলোমিটাৰৰ দূৰত্বৰ সলনি কেৱল ১২ কিলোমিটাৰলৈ হ্ৰাস পাব৷ ইয়াৰ বাবে এম ভি ৰাণী গাইডিনলু আৰু এম ভি শচীন দেৱ বৰ্মন নামৰ ৰো-পেক্স ভেছেল দুখন কাৰ্যকৰী কৰা হ’ব৷ উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটীৰ মাজত এম ভি জে এফ আৰ জেকব নামৰ ৰো-পেক্স সেৱা প্ৰৱৰ্তনৰ দ্বাৰা ৪০ কিলোমিটাৰৰ দূৰত্ব ৩ কিলোমিটাৰলৈ হ্ৰাস পাব৷ ঠিক সেইদৰে ধুবুৰী আৰু হাটশিঙিমাৰীৰ মাজত এম ভি বব খাটিং নামৰ ৰো-পেক্স সেৱা প্ৰৱৰ্তনৰ দ্বাৰা ২২০ কিলোমিটাৰৰ দৈৰ্ঘ ২৮ কিলোমিটাৰলৈ হ্ৰাস পাব৷

নিমাতী, বিশ্বনাথ ঘাট, পাণ্ডু আৰু যোগীঘোপাত পৰ্যটন মন্ত্ৰালয়ৰ ৯.৪১ কোটি টকা ব্যয়েৰে পৰ্যটন জাহাজ-ঘাট নিৰ্মাণ কৰা হ’ব৷

যোগীঘোপাত এক স্থায়ী আন্তঃৰাজ্যিক জল পৰিবহণ টাৰ্মিনেল স্থাপন কৰা হ’ব যাৰ দ্বাৰা কলকাতা আৰু হালদিয়াৰ দিশত শিলিগুৰিত যান-বাহনৰ ভিৰ কম হ’ব৷ ইয়াৰ জৰিয়তে বানপানীৰ সময়ছোৱাতো মেঘালয়, ত্ৰিপুৰা, ভূটান তথা বাংলাদেশলৈ কাৰ্গো সেৱা অব্যাহত থাকিব৷

ইজ অব্ ডুয়িং বিজনেছৰ বাবে প্ৰধানমন্ত্ৰীয়ে কাৰ-ডি (Cargo Data) আৰু পানী (Portal for Asset and Navigation Information) শীৰ্ষক দুটা প’ৰ্টেল মুকলি কৰিব৷

ধুবুৰী ফুলবাৰী দলং

প্ৰধানমন্ত্ৰীয়ে ধুবুৰী আৰু ফুলবাৰীৰ মাজত চাৰি লেনৰ দলঙৰ আধাৰশিলা স্থাপন কৰিব৷ প্ৰস্তাৱিত এই দলংখন ১২৭বি ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত হ’ব৷ ই অসমৰ ধুবুৰীৰৰ পৰা ফুলবাৰী, তুৰা, ৰংগ্ৰাম আৰু মেঘালয়ৰ ৰংজেঙক সংযোজিত কৰিব৷ এই দলংখনত প্ৰায় ৪৯৯৭ কোটি টকা ব্যয় কৰা হ’ব আৰু ২০৫ কিলোমিটাৰৰ দূৰত্ব ১৯ কিলোমিটাৰলৈ হ্ৰাস কৰিব৷

মাজুলী দলং

প্ৰধানমন্ত্ৰীয়ে মাজুলী আৰু যোৰহাটৰ মাজত নিৰ্মাণ হ’বলগীয়া দুটা লেনৰ দলঙৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ এই দলংখন ৭১৫কে ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত হ’ব আৰু যোৰহাটৰ নিমাতীঘাট তথা মাজুলীৰ কমলাবাৰীক সংযোজিত কৰিব৷ অসমৰ মূলসূঁতিৰ সৈতে মাজুলীৰ জনসাধাৰণে কেৱল ফেৰী সেৱাত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত এই দলংখনে অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া চাহিদা পূৰণ কৰিব৷

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Strengthening India’s path to power leadership: How India is energising a new growth story - By Shri Manohar Lal, Union Minister of Power

Media Coverage

Strengthening India’s path to power leadership: How India is energising a new growth story - By Shri Manohar Lal, Union Minister of Power
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Madhya Pradesh meets Prime Minister
March 18, 2026

Governor of Madhya Pradesh, Shri Mangubhai Patel met Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office posted on X;

“Governor of Madhya Pradesh, Shri Mangubhai Patel met Prime Minister @narendramodi.

@GovernorMP”