প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে তৃতীয় আগষ্টৰ দুপৰীয়া ১২টা ৩০ মিনিটত গুজৰাটত প্রধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনাৰ সুবিধাভোগীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত মত বিনিময় কৰিব।
এই প্রকল্প সম্পর্কে মানুহৰ মাজত সচেতনতা গঢ়ি তুলিবলৈ এক বিশেষ কর্মসূচীৰ সূচনা কৰা হ'ব।
প্রধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনা (পিএমজিকেএৱাই) সম্পর্কে :
কোভিড – ১৯ মহামাৰীৰ ফলত আর্থিক সঙ্কটত পৰা লোকসকলৰ সুবিধাৰ বাবে আৰু তেওঁলোকৰ খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ প্রধানমন্ত্রীয়ে পিএমজিকেএৱাইৰ সূচনা কৰিছে। এই যোজনাত জাতীয় খাদ্য সুৰক্ষা আইনত থকা সকলো সুবিধাভোগীৰ বাবে গাইপতি ৫ কেজি অতিৰিক্ত খাদ্যশস্য দিয়া হয়।
গুজৰাটৰ মুখ্যমন্ত্রী আৰু উপমুখ্যমন্ত্রী এই অনুষ্ঠানত উপস্থিত থাকিব।


