নতুন দিল্লীৰ ভাৰত মণ্ডপামত ১২ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ তিনিদিনীয়া বাৰ্ষিক জিপিএআই শীৰ্ষ সন্মিলন আয়োজন কৰা হৈছে
জিপিএআই হৈছে ২৯খন সদস্য দেশৰ সৈতে বহু-অংশীদাৰী পদক্ষেপ যিয়ে এআই সম্পৰ্কীয় অগ্ৰাধিকাৰৰ ওপৰত অত্যাধুনিক গৱেষণা আৰু ব্যৱহাৰিক কাৰ্য্যকলাপক সমৰ্থন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১২ ডিচেম্বৰত সন্ধিয়া প্ৰায় ৫ বজাত নতুন দিল্লীৰ ভাৰত মাণ্ডপামত গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স (জিপিএআই) শীৰ্ষ সন্মিলন উদ্বোধন কৰিব।

জিপিএআই হৈছে ২৯খন সদস্য দেশৰ সৈতে বহু অংশীদাৰৰ পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ সৈতে জড়িত অগ্ৰাধিকাৰৰ ওপৰত অত্যাধুনিক গৱেষণা আৰু ব্যৱহাৰিক কাৰ্য্যকলাপৰ সুবিধা প্ৰদান কৰি এআইৰ ওপৰত তত্ত্ব আৰু অনুশীলনৰ মাজৰ ব্যৱধান দূৰ কৰা। ২০২৪ চনৰ বাবে জিপিএআইৰ অধ্যক্ষতা কৰিছে ভাৰতে। ২০২০ চনত জিপিএআইৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য, জিপিএআইৰ আগন্তুক সহায়ক অধ্যক্ষ, আৰু ২০২৪ চনত জিপিএআইৰ বাবে মুখ্য অধ্যক্ষ হিচাপে ভাৰতে ২০২৩ চনৰ ১২ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ বাৰ্ষিক জিপিএআই শীৰ্ষ সন্মিলন আয়োজন কৰিছে।

 

এই সন্মিলনৰ সময়ত এআই আৰু গ্ল’বেল হেল্থ, এডুকেচন এণ্ড স্কিলছ, এআই আৰু ডাটা মেনেজমেণ্ট আৰু এম এল কৰ্মশালাৰ দৰে বিভিন্ন বিষয়ৰ ওপৰত কেইবাটাও অধিবেশনৰ আয়োজন কৰা হ’ব। এই সন্মিলনৰ আন আন উল্লেখযোগ্য দিশসমূহ হ’ল গৱেষণা আলোচনা চক্ৰ, এ আই গেমচেঞ্জাৰছ বঁটা আৰু ইণ্ডিয়া এ আই এক্সপ’।

এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৫০ জনতকৈ অধিক জিপিএআই বিশেষজ্ঞ আৰু ১৫০ জন বক্তাই অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও ইণ্টেল, ৰিলায়েন্স জিঅ’, গুগল, মেটা, এডব্লিউএছ, যোটা, নেটৱেব, পেটিএম, মাইক্ৰ’ছফ্ট, মাষ্টাৰকাৰ্ড, এনআইচি, এছটিপিআই, ইমাৰ্চ, জিঅ’ হাপটিক, ভাশিনী আদিকে ধৰি বিশ্বৰ শীৰ্ষ এআই গেমচেঞ্জাৰসকলে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। যুৱ এআই পদক্ষেপৰ অধীনত বিজয়ী ছাত্ৰ-ছাত্ৰী আৰু ষ্টাৰ্ট-আপসমূহেও নিজৰ এআই মডেল আৰু সমাধান প্ৰদৰ্শন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence

Media Coverage

India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance