'১০০ ফাইভ জি লেব পদেক্ষেপ'ৰ লক্ষ্য হৈছে সমগ্ৰ আৰ্থসামাজিক খণ্ডত উদ্ভাৱনক লাভান্বিত কৰিবলৈ ফাইভ জি এপ্লিকেচন বিকশিত কৰা আৰু ই হৈছে দেশত ছিক্স জি-প্ৰস্তুতৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ
আই এম চি ২০২৩ৰ লক্ষ্য হৈছে মুখ্য অত্যাধুনিক প্ৰযুক্তিৰ বিকাশক, নিৰ্মাতা আৰু ৰপ্তানিকৰ্তা হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰা
এই পৰীক্ষাগাৰবোৰ '১০০ ফাইভ জি পৰীক্ষাগাৰৰ উদ্যোগ'ৰ অধীনত বিকশিত কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ অক্টোবৰ, ২০২৩ত পুৱা ৯.৪৫ বজাত নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত ভাৰতীয় ম'বাইল কংগ্ৰেছ ২০২৩ৰ সপ্তম সংস্কৰণ উদ্বোধন কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহক ১০০ খন 'ফাইভ জি ইউজ কেছ লেব' প্ৰদান কৰিব। এই পৰীক্ষাগাৰবোৰ '১০০ ফাইভ জি পৰীক্ষাগাৰৰ উদ্যোগ'ৰ অধীনত বিকশিত কৰা হৈছে।

'১০০ ফাইভ জি লেব পদক্ষেপ' হৈছে ফাইভ জি এপ্লিকেচনৰ বিকাশত উদগনি দি ফাইভ জি প্ৰযুক্তিৰ সৈতে সম্পৰ্কিত সুযোগবোৰ উপলব্ধি কৰাৰ এক প্ৰয়াস যি ভাৰতৰ অনন্য প্ৰয়োজনীয়তাৰ লগতে গোলকীয় চাহিদা দুয়োটাই পূৰণ কৰে। এই অনন্য পদক্ষেপে শিক্ষা, কৃষি, স্বাস্থ্য, শক্তি, পৰিবহণ আদিৰ দৰে বিভিন্ন আৰ্থসামাজিক ক্ষেত্ৰত উদ্ভাৱন বৃদ্ধি কৰিব আৰু দেশক ফাইভ জি প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত আগভাগ লবলৈ প্ৰেৰণা দিব। দেশত ছিক্স জি-সাজু শৈক্ষিক আৰু ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ বাবেও এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ। আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল, এই পদক্ষেপ হৈছে থলুৱা টেলিকম প্ৰযুক্তিৰ বিকাশৰ দিশত এক পদক্ষেপ যি ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ।

ভাৰতীয় ম'বাইল কংগ্ৰেছ (আই এম চি) হৈছে এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তি মঞ্চ। অহা ২৭ৰ পৰা ২৯ অক্টোবৰ, ২০২৩ লৈ এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটোৱে দূৰসংযোগ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অবিশ্বাস্য অগ্ৰগতিৰ ওপৰত আলোকপাতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়োৱাৰ লগতে ষ্টাৰ্ট-আপসমূহক তেওঁলোকৰ উদ্ভাৱনী সামগ্ৰী আৰু সমাধান প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে এখন মঞ্চ হিচাপে কাম কৰিব।

'গোলকীয় ডিজিটেল উদ্ভাৱন' বিষয়বস্তুৰ সৈতে আই এম চি ২০২৩ৰ লক্ষ্য হৈছে মুখ্য অত্যাধুনিক প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত নিৰ্মাতা আৰু ৰপ্তানিকৰ্তা হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰা৷ তিনিদিনীয়াকৈ অনুষ্ঠিত ভাৰতীয় ম'বাইল কংগ্ৰেছে ফাইভ জি, ছিক্স জি, কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ দৰে প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰিব আৰু অৰ্ধপৰিবাহী উদ্যোগ, সেউজ প্ৰযুক্তি, চাইবাৰ নিৰাপত্তা আদিৰ সৈতে সম্পৰ্কিত বিষয়বোৰ আলোচনা কৰিব৷

এই বছৰ আই এম চিয়ে 'এস্পায়াৰ' নামেৰে এটা ষ্টাৰ্টআপ কাৰ্যসূচী আৰম্ভ কৰিছে। ই ষ্টাৰ্টআপ, বিনিয়োগকাৰী আৰু প্ৰতিষ্ঠিত ব্যৱসায়ৰ মাজত সম্পৰ্ক গঢ়ি তুলিব, যাৰ উদ্দেশ্য হৈছে নতুন উদ্যোগীসকলৰ পদক্ষেপ আৰু সহযোগিতাক অনুপ্ৰাণিত কৰা।

আই এম চি ২০২৩ত প্ৰায় ২২ খন দেশৰ এক লাখৰো অধিক অংশগ্ৰহণকাৰী উপস্থিত থাকিব যাৰ ভিতৰত আছে প্ৰায় ৫০০০ চি ই অ' পৰ্যায়ৰ প্ৰতিনিধি, ২৩০ গৰাকী প্ৰদৰ্শক, ৪০০ ষ্টাৰ্টআপ আৰু অন্যান্য অংশীদাৰ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
18% tariffs, boosts to exports, agriculture protected: How India benefits from trade deal with US? Explained

Media Coverage

18% tariffs, boosts to exports, agriculture protected: How India benefits from trade deal with US? Explained
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi congratulates Sanae Takaichi on her landmark victory in Japan’s House of Representatives elections
February 08, 2026

The Prime Minister, Shri Narendra Modi has congratulated H.E. Sanae Takaichi on her landmark victory in the elections to the House of Representatives of Japan.

The Prime Minister said that the Special Strategic and Global Partnership between India and Japan plays a vital role in enhancing global peace, stability and prosperity.

The Prime Minister expressed confidence that under H.E. Takaichi’s able leadership, the India-Japan friendship will continue to reach greater heights.

The Prime Minister wrote on X;

“Congratulations Sanae Takaichi on your landmark victory in the elections to the House of Representatives!

Our Special Strategic and Global Partnership plays a vital role in enhancing global peace, stability and prosperity.

I am confident that under your able leadership, we will continue to take the India-Japan friendship to greater heights.

@takaichi_sanae”